Logo
image

উক্তি-বক্ৰোক্তি

অসমত জনমূৰি আয় বৃদ্ধি কৰা আৰু অতিৰিক্ত ৰাজহ আহৰণৰ বাবে বিত্ত বিভাগে বিকল্প উপায় উদ্ভাৱন কৰিব লাগে৷ যিবোৰ আঁচনি চলি আছে, সেইবোৰৰ সঠিক ৰূপায়ণ নিশ্চিত কৰিবৰ বাবে ৰাজ্যৰ সকলো বিভাগৰ সৈতে বিত্ত বিভাগে সমন্বয় ৰক্ষা কৰিব লাগে৷ ‘কেগ’সহ হিচাপ পৰীক্ষাৰ প্ৰতিবেদনসমূহত যিবোৰ অনুমোদন আগবঢ়োৱা হয়, সেয়া মানি চলিবলৈ চেষ্টা কৰিব লাগে৷ কেন্দ্ৰীয় পুঁজি সঠিকভাৱে আৰু সময়মতে ব্যৱহাৰ কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত ব্যৱহাৰিক প্ৰমাণ-পত্ৰ দাখিলৰ ব্যৱস্থা কৰিব লাগে৷
– ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া

বিজেপি বিধায়িনী দলৰ গোপন ভোটিং হ’লে হিমন্ত বিশ্ব শৰ্মাই ১১টা ভোটহে পাব৷ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ তিনিজন কেবিনেট মন্ত্ৰীয়েও এই কথা জনাইছে৷ ৰাজ্যজুৰি কংগ্ৰেছত যোগদান কৰিবৰ বাবে সাজু হৈছে বিজেপি আৰু অগপৰ বহু নেতা৷ শিলসাঁকোৰ উচ্ছেদ, ছিণ্ডিকেট, পুৰণি বিজেপিক অপ্ৰাসংগিক কৰা, চাকৰিত কেলেংকাৰি, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, মূল্যবৃদ্ধি ইত্যাদি প্ৰসংগত ৰাইজ বিজেপিৰ ওপৰত নাৰাজ হৈছে৷ ধাৰৰ বোজাই কোঙা কৰিছে অসমক৷
– প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা অসমৰ কপিল শৰ্মা৷ কপিল শৰ্মা মানে কোন গম পাইছেনে? দেশৰ টেলিভিছন মাধ্যমৰ জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মা৷ ছ’নী টিভিত ‘দ্য কপিল শৰ্মা’ শ্ব’ৰ জৰিয়তে কমেডিয়ানজনে দেশৰ কোটি কোটি লোকক হাঁহিৰ খোৰাক দিয়ে৷ ভূপেন বৰাক কোনেও ছিৰিয়াছলী নলয়৷ সেয়ে তেওঁ কমেডী কিং হ’ব খুজিছে৷ পুৱাই ৰসাল কথা এটা চিন্তা কৰি টিভিত ওলাবলৈ সাজু হয় ভগৱান শ্ৰীকৃষ্ণক লাভ জেহাদী সজোৱা ভূপেন বৰা৷
– মন্ত্ৰী পীয়ূষ হাজৰিকা

হিমন্ত বিশ্ব শৰ্মাক পৰাস্ত কৰা সহজ নহয়৷ তেওঁ ৰাজনীতিৰ নাড়ী-নক্ষত্ৰ সকলো জানে৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই কংগ্ৰেছ চাফা কৰি দিব বুলি কোৱা কথাৰ প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ৷ বিজেপি চৰকাৰে এতিয়া তেওঁলোকৰ বিৰুদ্ধে কথা ক’লেই ইডি, চিবিআই লগাই দিয়ে৷ ২০২৪ চনত বিৰোধীৰ চৰকাৰ হোৱাটো নিশ্চিত৷ ৰাহুল গান্ধীৰ ভাৰত জোড়ো কাৰ্যসূচীৰ পাছৰে পৰা শংকিত বিজেপিয়ে আবোল-তাবোল বকিবলৈ লৈছে৷ চাহ বাগানৰ লোক এতিয়া কংগ্ৰেছৰ লগত আছে৷
– কংগ্ৰেছ বিধায়ক শিৱামণি বৰা

বৰ্ষাপাৰা ষ্টেডিয়ামৰ কাষেৰে বৈ গৈছে ভৰলু৷ ভৰলু নৈৰ পৰা বহুত মহ ওলায়৷ মহ প্ৰতিৰোধ কৰিবৰ বাবেহে ভৰলু নৈ ঢাকি দিয়া হৈছে– লেতেৰা ঢাকিবলৈ নহয়৷ লেতেৰা ঢাকিবলৈ হ’লে গোটেই গুৱাহাটীখনেই ঢাকিব লাগিব৷ ভৰলু নৈক এগ্ৰি-হাৰ্ভেষ্টিং নেটেৰে ঢাকি দিয়াৰ বাবে ৯৮ শতাংশ মহ নাইকিয়া হৈছে৷
– এ চি এৰ সভাপতি তৰংগ গগৈ

চন্দন ব্ৰহ্ম কোন? মই চন্দন ব্ৰহ্মক চিনি নাপাওঁ৷ প্ৰাক্তন মন্ত্ৰী বহুত আছে৷ মই সকলোকে কেনেকৈ চিনি পাম? সাংবাদিকক চন্দন ব্ৰহ্মই এই বুলি কৈ দিছে নেকি যে তেওঁৰ কথা মোক সুধিব লাগে আৰু মই কি কওঁ সেই কথা তেওঁক জনাব লাগে৷ কোক্‌ৰাঝাৰৰ উপৰি ওদালগুৰি-দৰং লোকসভা সমষ্টিত বিপিএফে প্ৰতিদ্বন্দ্বিতা কৰিব৷ আজিৰ তাৰিখত ইউপিপিএলক ভালপোৱা মানুহ নাই৷ প্ৰমোদ বড়োৱে সকলো কাম এবছু অফিচৰ পৰা চলাই আছে৷ ৰাইজে কিয় ভাল পাব?
– বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী