Logo
image

সহস্ৰ পখীক আশ্ৰয় দিয়া বটবৃক্ষ ৰক্ষাৰ আন্দোলন

আমাৰ অসম’ৰ লখিমপুৰৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ অক্টোবৰঃ যি সময়ত গছপুলি ৰোপণেৰে চৰকাৰখনে বিশ্ব অভিলেখ গঢ়িছে সেই সময়ত পক্ষীকুলক আশ্ৰয় দিয়া বটবৃক্ষ ৰক্ষাৰ বাবে ৰাজপথলৈ ওলাই আহিছে সহস্ৰজন৷ এজোপা গছৰ সুৰক্ষাৰ বাবে ৰাজপথলৈ ওলাই আহিছে লখিমপুৰৰ বিস্তীৰ্ণ অঞ্চলৰ লোক৷ বিভিন্ন প্ৰজাতিৰ বনৰীয়া পক্ষীৰ আশ্ৰয়স্থলৰূপে পৰিগণিত লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ নাহৰণিৰ ৰাজপথৰ আমাৰি গছজোপাৰ সুৰক্ষাৰ বাবে ৰাজপথলৈ ওলাই আহিছে প্ৰকৃতিপ্ৰেমী, সাধাৰণ জনতা৷ কিয়নো নাহৰণিৰ পথ সম্প্ৰসাৰণৰ নামত এইজোপা গছ কাটিবলৈ সাজু হৈছে প্ৰশাসন৷ প্ৰশাসনৰ এনে সিদ্ধান্তৰ বাবেই কাৰ্যতঃ গছজোপাত থকা শ শ শামুক ভঙা, বগলী, পানীকাউৰীৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা৷ চৰকাৰে পথ সম্প্ৰসাৰণ আৰু পুনৰ নিৰ্মাণৰ বাবে শ শ পক্ষীয়ে আশ্ৰয় গ্ৰহণ কৰা গছজোপা কটাৰ প্ৰস্তুতি চলোৱাৰ বাবেই এনেদৰে ওলাই আহিছে সহস্ৰজন৷ ইতিমধ্যে লখিমপুৰ জিলা প্ৰশাসন আৰু বন বিভাগে জৰীপৰ জৰিয়তে গছজোপা কটাৰ বাবে ১১৮ নং দাগ লগোৱাত প্ৰকৃতিপ্ৰেমী লোকসকল উদ্বিগ্ন হৈ পৰিছে৷ উল্লেখ্য, বঙালমৰা তিনিআলিৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰমান নিলগত তথা বিহপুৰীয়াৰ নাহৰণিত পথৰ কাষত থকা এই গছজোপাত প্ৰতি বছৰে শ শ শামুক ভঙা, পানী কাউৰী, বগলী আদিয়ে আশ্ৰয় গ্ৰহণ কৰি বংশ বিস্তাৰ কৰি আহিছে৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে অসম মালা আঁচনিৰ অধীনত বিহপুৰীয়া-লালুক সংযোগী পথৰ বঙালমৰাৰ পৰা ধূনাগুৰিলৈ যোৱা উক্ত পথটো বহল কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ যোৰহাটৰ পৰা মাজুলী হৈ ধূনাগুৰি বঙালমৰা পৰ্যন্ত দুইলেন আৰু চাৰিলেনকৈ নিৰ্মাণ কৰিবলৈ লোৱা এই পথটোৰ কাষতে নাহৰণি বঙালমৰা প্ৰাথমিক বিদ্যালয়ৰ সমীপতে আছে এই আমাৰি গছজোপা৷ এই গছজোপাৰ লগতে আশে পাশে থকা আৰু কেবাজোপা গছতো এনে বনৰীয়া পক্ষীয়ে আশ্ৰয় গ্ৰহণ কৰি আছে৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে যোৰহাটৰ পৰা নিমাতীঘাট হৈ ধূনাগুৰি-বঙালমৰা সংযোগী পথটো পুনৰ নিৰ্মাণ আৰু বহলীকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ পিছতে এই গছজোপাত থকা পক্ষী কুললৈ অশনি সংকেত নামি আহিছে৷ সম্প্ৰতি এই গছজোপাত শ শ শামুক ভঙা, পানীকাউৰী, বগলী আদিয়ে পোৱালি জগোৱাৰ লগতে আশ্ৰয় গ্ৰহণ কৰি আছে৷ তেনে এজোপা গছ চৰকাৰে কাটিবলৈ লোৱা কাৰ্যত প্ৰকৃতিপ্ৰেমী লোকসকলে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু গছজোপাৰ লগতে পক্ষীকুলক সংৰক্ষণ কৰাৰ বাবে প্ৰশাসনক আহ্বান জনাইছে৷ অন্যথা এই লোকসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও চৰকাৰীক সকীয়াই দিছে৷ ইফালে এই সন্দৰ্ভত আজি লখিমপুৰ বন বিভাগৰ অন্তৰ্গত বিহপুৰীয়া খণ্ড বন বিষয়া মুকিবুৰ ৰহমানে আমাৰ অসমক কয় যে সাময়িক ভাৱে বন বিভাগে গছজোপা কটাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে৷ এই গছজোপাৰ লগতে ওচৰৰ আৰু দুই চাৰিজোপা গছো চৰাই-চিৰিকটিৰ বাবেই সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে সদৰি কৰে৷