Logo
image

অপ্ৰতিৰোধ্য অম্লান এছিয়াড ফাইনেলত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ অক্টোবৰঃ ঘৰুৱা অনুৰাগীৰ আশা সজীৱ কৰি ৰাখি অসম সন্তান অম্লান বৰগোঁহায়ে অপ্ৰতিৰোধ্য প্ৰদৰ্শনেৰে হাংঝৌ এছিয়ান গেমছৰ পুৰুষৰ ২০০ মিটাৰৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ ছেমিফাইনেলত সামগ্ৰিকভাৱে অন্তিম অৰ্থাৎ অষ্টম স্থানৰ সময়মানেৰে  অসমৰ স্প্ৰিণ্টাৰ অম্লানে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে৷ ছেমিফাইনেলত অম্লানে ২০০ মিটাৰ সম্পূৰ্ণ কৰিবলৈ সময় লয় ২১.০৩ চেকেণ্ড৷ অৱশ্যে এই সময়মান অম্লানৰ ব্যক্তিগত শ্ৰেষ্ঠতম সময়ৰ তুলনাত ০.১১ ছেকেণ্ড বেছি৷ উল্লেখ্য, ২০.৫২ ছেকেণ্ডেৰে ২০০ মিটাৰৰ ৰাষ্ট্ৰীয় অভিলেখ আছে অম্লানৰ নামত৷ হাংঝৌত অম্লানে হিট্‌ছ কিম্বা ছেমিফাইনেলত নিজৰ শ্ৰেষ্ঠ সময় স্পৰ্শ কৰিবলৈ সক্ষম নহ’লেও ফাইনেলত স্থান অৰ্জন কৰাটোও নিচেই কম কৃতিত্ব নহয়৷ কিয়নো স্প্ৰিণ্ট অৰ্থাৎ ১০০, ২০০ মিটাৰত এছিয়াডৰ দৰে প্ৰতিযোগিতাত মহাদেশৰ দ্ৰুততম স্প্ৰিণ্টাৰৰ সৈতে প্ৰায় সমানে সমানে প্ৰতিদ্বন্দ্বিতা কৰাটো কঠিনতম হিচাপেই বিবেচিত৷ দুখন ছেমিফাইনেলৰ প্ৰথমখনত প্ৰতিদ্বন্দ্বিতা কৰা অম্লান বৰগোঁহায়ে মুঠ আঠজন প্ৰতিযোগীৰ মাজত ২১.০৩ ছেকেণ্ডেৰে পঞ্চম স্থান অধিকাৰ কৰে৷ দ্বিতীয় ছেমিফাইনেলৰ অন্তত অম্লানৰ সামগ্ৰিক স্থান হয়গৈ অষ্টম৷ দুয়োখন ছেমিফাইনেলৰ পৰা মুঠ তিনিজনকৈ অৰ্থাৎ ছজন স্প্ৰিণ্টাৰে ফাইনেললৈ যোগ্যতা অৰ্জন কৰাত ১৫জন ছেমিফাইনেলিষ্টৰ মাজত অষ্টম শ্ৰেষ্ঠ সময়মানেৰে ফাইনেললৈ যোগ্যতা অৰ্জন কৰে অসমৰ অম্লান বৰগোঁহায়ে৷ অৱশ্যে ৮ জন ছেমিফাইনেলিষ্টৰ ৭ জনেই ২১ ছেকেণ্ডৰ কম সময় লৈ ফাইনেললৈ উন্নীত হৈছে৷ একেদিনাই অম্লানে হিট্‌ছত ২১.০৮ ছেকেণ্ড সময় লৈ ছেমিফাইনেল নিশ্চিত কৰিছিল৷ যদিহে হাংঝৌত অম্লানে ইতিপূৰ্বে কৰি থোৱা নিজৰ ৰাষ্ট্ৰীয় অভিলেখ স্পৰ্শ কৰিব পাৰে কিম্বা তাতকৈয়ো ভাল ফল প্ৰদৰ্শন কৰিব পাৰে তেন্তে অসমলৈ ২০০ মিটাৰৰ এটা পদক অহা সম্ভৱ৷ কিয়নো ছেমিফাইনেলত সৰ্বশ্ৰেষ্ঠ সময় প্ৰদৰ্শন কৰা ছৌডি আৰৱৰ মহম্মদ আব্দুল্লা আকবৰৰ সময় মান আছিল ২০.৫৯ ছেকেণ্ড, য’ত অম্লানৰ ৰাষ্ট্ৰীয় অভিলেখ ২০.৫২ ছেকেণ্ডৰ৷