Logo
image

মহানগৰীক জলমুক্ত কৰাৰ বাবেই শিলসাঁকোৰ উচ্ছেদ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ অক্টোবৰঃ শনিবাৰে বিয়লি প্ৰায় তিনি বজাৰ পৰা আৰম্ভ হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ বিস্তৃৰ্ণ অঞ্চল জনমগ্ন হৈ পৰে৷ জি এছ ৰোডৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ অধিকাংশ বাট-পথ কৃত্ৰিম বানত ডুব যায়৷ সন্ধিয়া প্ৰায় ছয় বজালৈ অব্যাহত থকা বৃষ্টিপাতৰ ফলত স্তব্ধ হৈ পৰিছিল সৰ্বসাধাৰণ লোকৰ স্বাভাৱিক জীৱনযাত্ৰা৷ বৰষুণ এৰাৰ পিছত সমগ্ৰ গুৱাহাটীৰ বাট-পথত সৃষ্টি হয় অভাৱনীয়  যান-জঁট৷ এই যান-জঁটৰ পৰা সৰ্বসাধাৰণ লোকক সকাহ দিয়াৰ বাবে ৰাজপথত আৰক্ষীৰ উপস্থিতি আছিল শূন্য৷ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰে৷ গুৱাহাটীত বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানৰ ফলত হঠাৎ জলমগ্ন হৈ পৰাৰ ফলত অভাৱনীয় দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হয় সৰ্বসাধাৰণ লোক৷ জলবন্দী হৈ পৰে শ শ লোক৷ বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যমতে কালি দিনৰ ২.৩০ বজাৰ পৰা ৫.৩০ বজাৰ ভিতৰত গুৱাহাটীত ৩৩.৪ মিলিমিটাৰ বৰষুণ হয়৷ হঠাৎ সৃষ্টি হোৱা কৃত্ৰিম বানত আবদ্ধ হৈ পৰা অসংখ্য যান-বাহন বিকল হৈ পৰে৷ হাতীগাঁও, আদাবাৰী, জি এছ ৰোড, জু-ৰোড, ফটাশিল আমবাৰী, গড়চুক, ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আদিত স্থান বিশেষে  এককাল পৰ্যন্ত পানী উঠে৷ কৃত্ৰিম বান আৰু পৰৱৰ্তী সময়ত সৃষ্টি হোৱা যান-জঁটৰ ফলত ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ হৈ থাকিবলগীয়া হয় বহু লোক৷ সকলোৰে চকুৰ সন্মুখত এনেধৰণৰ প্ৰাকৃতিক বিপৰ্যয় সৃষ্টি হোৱাৰ পিছতো মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মতে হেনো গুৱাহাটীত শনিবাৰে কৃত্ৰিম বানৰ সৃষ্টিয়ে হোৱা নাছিল৷ শ শ লোক এই প্ৰাকৃতিক দুৰ্যোগক আক্ৰান্ত হোৱাৰ পিছতো মুখ্যমন্ত্ৰীয়ে জলমগ্ন অঞ্চল হেনো দেখিয়ে নাপালে৷ দেওবাৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই দাবী কৰি কয়– মই কালি একেটা সময়তে গুৱাহাটীত ঘূৰি আছো৷ নিশা আঠ বজাৰ পৰা বৰষুণ হৈছে আৰু মই নিশা দহ বজালৈ গুৱাহাটীত ঘূৰিছো৷ ৰুক্মিণীগাঁৱৰ সন্মুখত এশ মিটাৰ পানী হৈছে, গাড়ীও চলি আছে৷ কতো বিশেষ জলমগ্ন হোৱা দেখা নাই৷ আগৰ জলমগ্ন হোৱা পৰিস্থিতিৰ সৈতে তুলনা কৰিলেই ওলাই পৰিব৷ চহৰাঞ্চলত হোৱা বান আমাৰ বাধ্যবাধকতা৷ শিলসাঁকোত উচ্ছেদ চলালেও ধৰে৷ শিলসাকোত উচ্ছেদ চলোৱা কাৰণে জু-ৰোডত পানী নহ’ল৷ পানী হ’লে মানুহে জলমগ্নৰ কথা কয়৷ আৰু পানী হোৱা ড্ৰেইনবিলাক চাফা কৰিলে খিলঞ্জীয়া লোকৰ কথা কয়৷ আমি এতিয়া কোনফালে মৰো বুজাই দিয়ক৷ উলুবাৰীৰ গোটেই ড্ৰেইনটো দখল কৰিছে উলুবাৰীৰ অপ্সৰা চিনেমাহলৰ পৰা মণিপুৰী বস্তি হৈ নন্দন হোটেল পৰ্যন্ত৷ ড্ৰেইনটো সৰু কৰি থৈছে৷ গতিকে সেইটো ডাঙৰ কৰিব লাগিলে হাতুৰী পৰিব৷ তেতিয়া খিলঞ্জীয়াৰ কথা ক’ব৷ চহৰাঞ্চলত বান লাগিব নে হাতুৰী লাগিব সিদ্ধান্ত লওক৷ দুইফালে ডম্বুৰু কোৱাই থাকিলে আমাৰ দিগদাৰ হয়৷ আগতে যিসকলে কবিতা লিখিছিলে তেওঁলোকে চহৰৰ বানক লৈ কবিতা লিখক আৰু এটা৷ য’তে মানুহে কষ্ট পায় তাতে কবিয়ে কবিতা লিখিব লাগে৷’ কংগ্ৰেছ দলৰ চৰকাৰৰ শাসনকালত দীঘলীয়া সময়ৰ বাবে গুৱাহাটী উন্নয়ন বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই দেওবাৰে এই অস্বাভাৱিক দাবী কৰাৰ বিপৰীতে শনিবাৰে তেওঁৰ ভাষ্য আছিল অন্যহে৷ বানৰ কবলত গুৱাহাটীত সৃষ্টি হোৱা বিভীষিকাময় পৰিস্থিতি সন্দৰ্ভত শনিবাৰে নিশা প্ৰায় ১০.২০ বজাত টুইট কৰি মুখ্যমন্ত্ৰীয়ে কৈছিল– জলস্তৰ অত্যন্ত ওপৰত থকাৰ বাবে ৰুক্মিণীগাঁৱৰ মনসা মন্দিৰ পথ আৰু জুৰিপাৰৰ একাংশ সুৰঙজনিত কাৰণত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হৈছে৷ তিনিটা ২৫০ কেভিএ কমন ডিটি আৰ এছ আৰু প্ৰায় ১৪-১৫টা ট্ৰেন্সফৰ্মাৰ ইয়াৰ পৰা ক্ষতিগ্ৰস্ত হৈছে৷ আমি জলস্তৰ নিৰীক্ষণ কৰি আছো জলস্তৰ হ্ৰাস হ’লে শীঘ্ৰে বিদ্যুৎ সংযোগ দিয়া হ’ব৷ গুৱাহাটী জলমগ্ন হোৱা নাই বুলি দেওবাৰে মুখ্যমন্ত্ৰীয়ে দাবী কৰাৰ বিপৰীতে শনিবাৰে তেওঁ নিজেই গুৱাহাটীৰ বানৰ কথা স্বীকাৰ কৰি টুইটপৰ্যন্ত কৰিছিল৷ এই সুযোগতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শিলসাঁকো বিলত চলা উচ্ছেদৰ ন্যায়তা প্ৰদান কৰে আৰু গুৱাহাটীক বানমুক্ত কৰাৰ বাবে শিলসাঁকোত উচ্ছেদ চলোৱা বুলি দৃঢ়তাৰে দাবী কৰে৷

গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ তাণ্ডৱ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদকঃ স্মাৰ্ট গুৱাহাটীত কৃত্ৰিম বানপানী এতিয়া যেন তেনে এক স্বাভাৱিক ঘটনা৷ বৰষুণ আহিলে মহানগৰীৰ অধিকাংশ পথ ডুব যায় কৃত্ৰিম বানপানীত৷ শনিবাৰে বিয়লিৰ ভাগত আধা ঘণ্টাৰ বাবে অহা এজাক বৰষুণত স্মাৰ্ট মহানগৰীৰ ৰাজপথ বুৰাই পেলাই কৃত্ৰিম বানপানীয়ে৷ আনকি এজাক মুষলধাৰ বৰষুণে উটুৱাই নিলে গুৱাহাটীৰ অভিজাত্য৷ বুধবাৰে কৃত্ৰিম বানপানীয়ে বুৰাই পেলাই গীতানগৰ থানাৰ ভিতৰ বাহিৰ৷ গীতানগৰ থানাৰ ভিতৰত একাঠু বৰষুণৰ পানী জমা হোৱাত বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ বিনষ্ট হয়৷ আনকি থানাৰ মাৰণাস্ত্ৰ সমূহ আৰক্ষীয়ে ওখ ঠাইত উঠাই থব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ কৃত্ৰিম বানপানীৰ বাবে থানাৰ কাম কাজ সম্পূৰ্ন ৰূপে বন্ধ হৈ পৰে৷ পিছত আৰক্ষীয়ে থানাৰ ভিতৰৰ পানী সমূহ সিচি পৰিষ্কাৰ কৰিব লগীয়া হয়৷ বিভিন্ন কামৰ বাবে থানালৈ অহা বহু লোকে কৃত্ৰিম বানপানীৰ বাবে উভতি যাব লগীয়া হয়৷ এজাক বৰষুণৰ বাবে আৰক্ষীয়ে জীয়াতু ভুগিব লগীয়া হৈছে৷ এই কৃত্ৰিম বান পানীৰ বাবে যাতায়ত স্তব্ধ হৈছে বহুকেইটা মূল পথত৷ চানমাৰি, জু-ৰোড, ভিআইপি ৰোড, আমবাৰী, হাতীগাও, ৰুক্মিনীগাঁও, অনিল নগৰ নবীন নগৰ, ছয়মাইল, আদাবাৰী, জি এছ ৰোড, হেঙেৰাবাৰী, পল্টন বজাৰ, ফাঁচী বজাৰ, ফটাশিল আমবাৰী, বেলতলা, বশিষ্ঠ, যোৰাবাট গড়চুক আদি এতিয়া পানীৰ তলত৷ বিয়লি কাৰ্যালয়ৰ পৰা ঘৰলৈ যোৱাত সমস্যাৰ সৃষ্টি হৈছে কৰ্মচাৰীৰ৷ একেদৰে বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীও পৰিছে অসুবিধাত৷ এক কঁকাল কৃত্ৰিম বান পানী হোৱাত বহু ঘাই পথত সৰ্ব সাধাৰণ জনতা পানীৰ মাজত দুই - তিনি ঘণ্টা পৰ্যন্ত আবদ্ধ হৈ থাকিব লগীয়া হয়৷ বহু যান বাহন পানীৰ কবলত পৰি বিকল হৈ পৰে৷ বান পানীৰ বাবে অসম ৰাজ্যিক বিদু্যৎ পৰিষদে একাংশ এলেকাত বিদ্য়ুৎ কৰ্তন কৰি দিয়ে৷ ফলত অঞ্চল বাসীয়ে জীয়াতু ভুগিব লগীয়া হয়৷ গুৰুত্বপূৰ্ণ কথা এই যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেশৰ পাঁচখন শ্ৰেষ্ঠ মহানগৰত গুৱাহাটী মহানগৰীক স্থান দিয়াৰ কথা পৰিকল্পনা কৰিছে৷ স্মাৰ্ট চিটি হিচাপে গঢ়ি তোলাৰ বাবে হাতত লৈছে বহু প্ৰকল্প৷ কিন্তু দীৰ্ঘদিন ধৰি গুৱাহাটীৰ জনতাই সন্মুখীন হৈ অহা কৃত্ৰিম বানপানীৰ আজি পৰ্যন্ত নিয়ন্ত্ৰণ কৰিব পৰা নাই চৰকাৰে৷