Logo
image

৩০০ ইউনিটলৈ বৃদ্ধি পোৱা নাই বিদ্যুতৰ নিৰিখঃ মুখ্যমন্ত্ৰীৰ দাবী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ অক্টোবৰঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মতে ৩০০ ইউনিটলৈকে বৃদ্ধি পোৱা নাই বিদ্যুতৰ নিৰিখ৷ বিদ্যুতৰ মূল্যবৃদ্ধিৰ ফলত সৰ্বসাধাৰণ গ্ৰাহক কোনো ধৰণে ক্ষতিগ্ৰস্ত নহয়৷ বিদ্যুতৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মাধ্যমেহে ভুল বাতৰি প্ৰকাশ কৰিছে৷ দেওবাৰে গুৱাহাটীত বিদ্যুৎ  মাচুল বৃদ্ধিৰ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়–‘সৰ্বসাধাৰণ গ্ৰাহকৰ বাবে বৃদ্ধি হোৱা নাই বিদ্যুতৰ মাচুল৷ সংবাদ মাধ্যমত ভুল বাতৰি প্ৰকাশ হৈছে৷ মাহে ৩০০ ইউনিট পৰ্যন্ত কোনো বিদ্যুৎ মাচুল বৃদ্ধি নহয়৷ ৩০১ ইউনিটৰ পৰা ৫০০ ইউনিটলৈ ২০ পইচা বৃদ্ধি পাব৷ ৫০০ ইউনিটৰ ওপৰত খৰচ কৰা গ্ৰাহকৰ বাবেহে দাম প্ৰতি ইউনিটত ১.২৯ টকা বৃদ্ধি পাব৷ উদ্যোগিক আৰু বাণিজ্যিক বিদ্যুৎ গ্ৰাহকৰ বাবেও দাম ১.২৯ টকা বৃদ্ধি পাব৷ ৫০০ ইউনিটৰ ওপৰত খৰচ কৰা চৰকাৰী অফিচ বিলাকহে অধিক বিদ্যুৎ মাচুল দিব লাগিব৷ বিদ্যুৎ মাচুলৰ সন্দৰ্ভত এপিডিচিএলে সংশোধিত জাননী প্ৰকাশ কৰিছে৷’ লক্ষণীয় যে মুখ্যমন্ত্ৰীয়ে দাবী কৰিলেও বাতৰি লিখাৰ পৰলৈকে এপিডিচিএলে কোনো সংশোধনী জাননী প্ৰকাশ কৰা নাই৷ যোৱা কালি এপিডিচিএলে প্ৰকাশ কৰা জাননীত স্পষ্টকৈ উল্লেখ আছে যে ৩০০ ইউনিটলৈ ৩০ পইচা, ৩০১-৫০০ ইউনিটলৈ ৫০ পইচা আৰু ৫০০ ইউনিটৰ ওপৰত ১.২৯ পইচা বিদ্যুৎ মাচুল বিদ্যুৎ ক্ৰয় আৰু এডজাষ্টমেণ্টৰ বাবে বৃদ্ধি কৰা হৈছে৷ 

বিদ্য়ুৎ মাছুল বৃদ্ধিঃ তিনি অক্টোবৰৰ পৰা কংগ্ৰেছৰ আন্দোলনঃতেজপুৰত ভূপেন বৰাৰ সংবাদমেল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ ‘‘প্ৰতি ইউনিতত ১.২৯পাইচাকৈ বিদ্য়ুৎ মাচুল বৃদ্ধিৰ যি নিৰ্দেশনা বিজেপি নেতৃত্বাধীন চৰকাৰে জাৰি কৰিছে সেই নিৰ্দেশনাৰ প্ৰতিলিপি অহা তিনি অক্টোবৰত কংগ্ৰেছ দলে ৰাজ্যজুৰি দাহ কৰি ইয়াৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিব৷ পৰৱৰ্তী নিৰ্বাচনত কংগ্ৰেছে ৰাজ্যত কৰ্ণাটক মডেলৰ চৰকাৰ গঠন কৰিব৷ কংগ্ৰেছ দলৰ চৰকাৰ ৰাজ্যত ক্ষমতালৈ আহিলে ৰাজ্যৰ জনগনক মাহে দুশ ইউনিট বিদ্য়ুৎ  বিনামূলীয়াকৈ দিয়া হ’ব৷ তদুপৰি ৰাজ্যৰ পাঁচলাখ কৰ্মচাৰীয়ে পুৰণা পেঞ্চন নীতি প্ৰৱৰ্তনৰ যি দাবী কৰি আহিছে, সেয়া কাৰ্যকৰী কৰা হ’ব৷ কালি তেজপুৰত এক সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই এই কথা ঘোষণা কৰে৷ কালি পুৱা ১০-৩০বজাত তেজপুৰৰ হোটেল গ্ৰীণউদত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, বিজেপিৰ ডাবোল ইঞ্জিনৰ চৰকাৰৰ দিনত বিদ্য়ুৎ মাছুল তিনিগুণ বৃদ্ধি কৰা হৈছে আৰু ৰাইজৰ সমস্যা বৃদ্ধি হৈছে৷ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে সঘনাই বিদ্য়ুৎ কৰ্টন, বিদ্য়ুৎ মাছুল বৃদ্ধি আদিৰ বিষয়ে কংগ্ৰেছক সমালোচনা কৰি ক্ষমতালৈ আহিলে ইয়াৰ পৰিৱৰ্তন কৰিব বুলি কৈছিল৷ কিন্তু বিজেপি চৰকাৰ আৰু দল ক্ষমতালৈ অহাৰ পিছত ৰাজ্যৰ এটা পৰিয়ালৰ সম্পত্তি বৃদ্ধি পোৱাৰ বাহিৰে আন পৰিৱৰ্তন একো হোৱা নাই৷ নামনি শোৱনশিৰি জলবিদ্য়ুৎ প্ৰকল্প ক্ষমতালৈ আহিলে বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে বিদ্য়ুৎ উৎপাদনৰ স্বাৰ্থত সেই প্ৰতিশ্ৰুতি ভংগ কৰা বুলি ক’লেও ৰাজ্যত প্ৰয়োজন হোৱা বিদ্য়ুতৰ চাহিদাৰ বিপৰীতে বিদ্য়ুতৰ উৎপাদন যোৱা সময়চোৱাত বঢ়াব নোৱাৰিলে বুলিও কয় বৰাই৷ তেওঁ কয় যে নামনি সোৱনশিৰিত সভা পাতি সৰ্বানন্দ সোণোৱাল আৰু ৰাজনাথ সিঙে নামনি সোৱনশিৰি প্ৰকল্প ভাঙি দিব বুলি কৈছিল৷ কিন্তু পাছত ক্ষমতালৈ আহি স্থিতি সলনি কৰিলে৷ ডাবোল ইঞ্জীনৰ চৰকাৰৰ দিনত বিদ্য়ুতৰ ফি’ড মাচুল তিনিগুণ বৃদ্ধি কৰাৰ কথা প্ৰকাশ কৰি বৰাই কয় যে, কংগ্ৰেছৰ দিনত এই পৰিমাণ আছিল ৩০টকা আৰু বৰ্তমান এই পৰিমাণ ৭০টকালৈ বৃদ্ধি কৰা হ’ল৷ এইখন চৰকাৰে ক‘ভিদৰ কথা কৈ ২০২২ত বিদ্য়ুতৰ প্ৰতি ইউনিটত ৫৯পইচা আৰু তাৰ পিচত পুনৰ ৩০পইচা তথা ইয়াৰ পিচতে আকৌ ৭০পইচাকৈ বৃদ্ধি কৰাৰ কথা প্ৰকাশ কৰি বৰাই কয় যে ২০২৩ৰ জানুৱাৰীত পুনৰ প্ৰতি ইউনিট বিদ্য়ুতৰ মূল্য এটকাকৈ বৃদ্ধি কৰে বিজেপি চৰকাৰে৷ এতিয়া পুনৰ এটকা ২৯পইচাকৈ প্ৰতি ইউনিট বিদ্য়ুতৰ মূল্য বৃদ্ধি কৰাত ক্ষোভ প্ৰকাশ কৰি বৰাই লগতে কয় যে কৰ্ণাটকত কংগ্ৰেছ চৰকাৰৰ এশদিন পূৰ্ণ হোৱাৰ দিনটোৰ পৰাই সেই ৰাজ্যখনত দুশ ইউনিটকৈ বিদ্য়ুৎ গ্ৰাহকক বিনামূলীয়াকৈ দিয়া হৈছে৷ এটা ইঞ্জিনৰ চৰকাৰে সেয়া কৰাৰ বিপৰীতে ডাবোল ইঞ্জিনৰ চৰকাৰে অসমত ৰাইজক ট্ৰাবোল দিয়া বুলিও বৰাই কটাক্ষ কৰে৷ প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি মাধুৰ্য গোস্বামী, প্ৰাক্তন সাংসদ আৰ পি শৰ্মা, শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতি তথা মহিলা নেত্ৰী ৰূপা কলিতাই অংশ লোৱা সংবাদমেলখনত বৰাই কয় যে, বিজেপি চৰকাৰৰ কেন্দ্ৰত ১০বছৰ আৰু ৰাজ্যত সাতবছৰ হ’ল যদিও পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে অসমৰ নিজা বিদ্য়ুৎ উৎপাদন বৃদ্ধি কৰিব নোৱাৰিলে৷ বৰ্তমান ৰাজ্যত প্ৰয়োজন হোৱা ২৬০০ মেগাৱাট বিদ্য়ুতৰ বিপৰীতে ৰাজ্যত বিদ্য়ুৎ উৎপাদন গড়ে ২৫০মেগাৱাট বুলি তেওঁ প্ৰকাশ কৰে৷ বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যক সহায় কৰাৰ কথা অসমচৰকাৰে কোৱাৰ বিপৰীতে ৰাইজক জুৰুলা কৰিছে বুলিও মন্তব্য কৰি বৰাই কয় যে, তেনেহলে বিজেপিয়ে ৰাইজক বিনামূলীয়াকৈ বিদ্য়ুত যোগান নধৰে কিয়৷ বিজেপিয়ে আদানিক বিনামূলীয়া সুবিধা আৰু বিজয় মালিয়াৰ ঋণ ৰেহাই কৰিব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে এই চৰকাৰৰ দিনত ৰাজ্যত কোনোবা এটা পৰিয়ালৰ মাটিৰ সীমা বাঢ়ি আছে, কোম্পানীৰ সংখ্যা বাঢ়ি গৈ আছে আৰু চিণ্ডিকেটৰাজ চলিছে৷ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ১০কোটি টকাৰ ৰাজসাহায্যৰ বাবে য’দি আৱেদন কৰিব পাৰে তেনেহলে সৰ্বসাধাৰণক ৰেহাই নিদিয়ে কিয় বুলি প্ৰশ্ন কৰি বৰাই কয় যে এতিয়া ৰাইজে প্ৰতি ইউনিট বিদ্য়ুতৰ বিপৰীতে পূৰ্বতকৈ দুটকা অধিক আদায় দিব লগীয়া হৈছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে লগতে কয় যে, চৰকাৰৰ অনুষ্ঠান এপিডিচিএলৰ লাভ হোৱা বুলি কৈছিল বিধানসভাত৷ ৰাজ্যত এতিয়া ২৪ ঘণ্টাত ২৪ বাৰ বিদ্য়ুৎ কৰ্তন হয় বুলি প্ৰকাশ কৰি তেওঁ সংবাদমেলত ঘোষণা কৰে যে, বিদ্য়ুৎ মাছুল বৃদ্ধিৰ বিৰুদ্ধে তিনি অক্টোবৰত ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ডত, চাৰি অক্টোৱৰত পঞ্চায়তত আৰু পাঁচ অক্টোবৰত জিলাই জিলাই কংগ্ৰেছে বিদ্য়ুৎ মাছুল বৃদ্ধিৰ চৰকাৰী নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰিব৷ তেওঁ এই প্ৰসংগতে কয় যে বিজেপিৰ গুজৰাট মডেল কি সেয়া ৰাইজে দেখিছে৷ এসময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছত থাকোঁতে গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বয় বুলি কৈছিল আৰু এতিয়া ১০নম্বৰ জনপথৰ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ ঘৰ জ্বলাবলৈ কয়৷ এয়াই গুজৰাট মডেল বুলিও কটাক্ষ কৰি বৰাই কয় যে কংগ্ৰেছে ৰাইজক জুৰুলা কৰা নিৰ্দেশনা জলাই প্ৰতিজন কংগ্ৰেছ কৰ্মীয়ে শপত গ্ৰহণ কৰিব যে ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আহিলে ৰাইজক দুশ ইউনিটকৈ বিদ্য়ুৎ বিনামূলীয়াকৈ দিয়া হ’ব৷ বিধানসভাত মাটিৰ প্ৰসংগত কোৱাৰ বাবেই বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ বিৰুদ্ধে তদন্ত আৰু ভায়েকক বিশ্বনাথলৈ বদলি কৰাৰ দৰেই সভাপতি বৰাই তেওঁৰো ভায়েকক মিজোৰামৰ সীমান্তৰ সমীপলৈ বদলি কৰা বুলিও সংবাদমেলত কয়৷ সম্প্ৰতি বিজেপি মাটিৰ মোহত পৰা বুলি মন্তব্য কৰি কয় যে কোনোবাই বিঘায়ে বিঘায়ে মাটি লৈছে, চাহবাগিছা ক্ৰয় কৰিছে, বিদ্যালয় খুলিছে আৰু কোনোবাই কলহতে মাটি ভৰাইছে৷ আনহাতে কংগ্ৰেছৰ একাংশ বিধায়কে সমালোচনা কৰি থকা গৰুখুঁটি আৰু কন্যাকা প্ৰকল্পৰ সন্দৰ্ভত ৰাজ্যৰ বিধায়িনী দলৰ জৰিয়তে এক পৰ্যবেক্ষণৰ বাবে বিধানসভাৰ অধ্যক্ষক আহ্বান জনাব বুলিও বৰাই সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয়৷ বৰাই মন্ত্ৰী পিয়ুষ হাজৰিকাই তেওঁৰ বিৰুদ্ধে কৰি অহা মন্তব্য গুৰুত্বহীন আখ্যা দিয়ে৷ তদুপৰি শৰাইঘাটৰ শেষ ৰণ বুলি কৈ পূৰ্বে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপিয়ে যিসকলক মোগল বুলি কয় পাচত সেইসকলৰে ভৰিত ধৰি ৰাজ্যসভাৰ নিৰ্বাচনত সহায় লোৱা বুলি কৈ এতিয়া সেইসকলৰে ভোট বিচাৰি ফুৰা বুলি উল্লেখ কৰে৷ আনহাতে চাহবাগিছাৰ মালিকক সুধি ৰাজ্যৰ চাহশ্ৰমিকৰ দৈনিক মজুৰি ৩৫০টকা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া ড॰ হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি চৰকাৰে চাহশ্ৰমিক সকলক কেবল ফাঁকি দি অহা বুলিও মন্তব্য কৰি অক্টোবৰত বিৰোধী দলৰ ৰাজ্যিক আৰু জিলাপৰ্যায়ৰ প্ৰায় ৫০জন নেতাই কংগ্ৰেছত যোগদান কৰিব বুলিও কয়৷ নিবনুৱা সমস্যা সমাধানৰ বাবেও দলটোৱে পৰিকল্পনা গ্ৰহণ কৰিব বুলি বৰাই দোহাৰে৷ উল্লেখযোগ্য যে আজি সংবাদমেলৰ পূৰ্বে শোণিতপুৰৰ গাভৰু মণ্ডল[খ]ৰ উপ সভাপতি মনোজ বৰুৱাই একাংশ সহযোগীৰ স’তে কংগ্ৰেছত যোগদান কৰে৷ 

ৰাজ্যত পুনৰবাৰ এফ পি পি পি এ’ ৰ নামত বিদ্য়ুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছ’চিয়েছনৰ অসম ৰাজ্যিক কমিটিৰ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ ৰাজ্যত পুনৰবাৰ এফ পি পি পি এ’ ৰ নামত বিদ্য়ুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছ’চিয়েছনৰ অসম ৰাজ্যিক কমিটিয়ে৷ এই সন্দৰ্ভত কমিটিয়ে দেওবাৰে সংবাদ মাধ্যমক কয়-, — ফুৱেল এণ্ড পাৱাৰ পাৰচেজ প্ৰাইচ এডজাষ্টমেণ্টৰ নামত ৰাজ্যখনত তিনিশ ইউনিটলৈকে ৩০ পইচা, তিনিশ এক’ৰ পৰা পাঁচশ ইউনিটলৈকে ৫০ পইচা আৰু তাৰ ওপৰত ১.২৯ টকাকৈ প্ৰতি ইউনিটত বিদ্য়ুতৰ মাচুল বৃদ্ধি কৰা সম্পূৰ্ণ অন্যায় আৰু অযুক্তিকৰ৷ ইতিমধ্যে বয়-বস্তুৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰে জৰুলা হৈ পৰা সাধাৰণ ৰাইজৰ অৰ্থনৈতিক দুৰাৱস্থাৰ কথা চৰকাৰে এবাৰো নাভাবি এইদৰে বিদ্য়ুতৰ মাচুল বৃদ্ধিৰে ৰাইজক মাধমাৰ সোধোৱা কোনোপধ্যেই গ্ৰহণযোগ্য হব নোৱাৰে৷  বিদ্য়ুৎ নিয়ামক আয়োগৰ দ্বাৰা কোনো এটা আৰ্থিক বছৰৰ আৰম্ভণিতে টেৰিফ অৰ্ডাৰ[ মাচুল নিৰ্ধাৰণ] প্ৰকাশ পোৱাৰ পিছত বছৰটোৰ মাজৰ কোনো এটা সময়ত বিদ্য়ুৎ উৎপাদনৰ উৎস স্থলত বিশেষ কোনো কাৰণত ইন্ধনৰ দাম সাময়িক ভাবে বৃদ্ধি পালে সেই বৰ্ধিত দাম গ্ৰাহকৰ বিলৰ লগত জুৰি দিয়াৰ ৰীতি থাকিলেও অসমত লক্ষ্য কৰা গৈছে যে সেই আইনৰ গইনা লৈ চৰকাৰে বছৰটোৰ প্ৰায় প্ৰতিটো মাহতেই এফ পি পি পি এ’ৰ নামত অনৈতিক ভাবেবৰ্ধিত মাচুল আদায় কৰি আহিছে৷ কি কাৰণত, কত, কি পৰিমাণ ইন্ধনৰ মূল্য বৃদ্ধি ঘটিছে সেয়া প্ৰকাশ নকৰাকৈ চৰকাৰে অতিৰিক্ত কোটি কোটি টকা ৰাইজৰ পৰা আদায় কৰিবলৈ এফ পি পি পি এ চাৰ্জক এক কৌশল হিচাবে গ্ৰহণ কৰিছে৷ বহু ৰাজ্যত এফ পি পি পি এ চাৰ্জ বছৰটোৰ শেষত অতি সামান্য পৰিমাণে গ্ৰাহকৰ পৰা আদায় কৰা হয়৷ কিন্তু অসমত অতি উচ্ছ হাৰত এই চাৰ্জ আদায় কৰাটো এক নিয়মত পৰিণত কৰা হৈছে৷ আনফালে এফপিপিপিএ চাৰ্জ, ফি’ড চাৰ্জ, ইলেকট্ৰিচিটি ডিউটি চাৰ্জ ইত্যাদিৰ নামত কোটি কোটি টকা গ্ৰাহকৰ পৰা আদায় কৰা হৈছে অথচ উন্নত মানৰ পৰিসেৱা প্ৰদান কৰাত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ৷ লোডশ্বডিং, ল’ ভোল্টেজৰ লগতে আন বহুতো সমস্যাই ৰাইজক জলাকলা খুৱাই আছে৷ এই অন্যায় আৰু অযুক্তিকৰ এফ পি পি পি এ চাৰ্জ অবিলম্বে প্ৰত্যাহাৰ কৰাৰ দাবী জনোৱা হয়৷ লগতে চৰকাৰৰ এই লুণ্ঠন কাৰ্যৰ বিৰুদ্ধে ৰাজ্যব্যাপী তীব্ৰ গ্ৰাহক আন্দোলন গঢ়ি তোলাৰ বাবে ৰাইজলৈ আহ্বান জনোৱা হয়৷  

শীঘ্ৰে চৰকাৰৰ এই জন বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰি ৰাইজক সকাহ দিয়কঃ ড॰ সমুজ্জ্বল ভট্টাচাৰ্য

বিদ্যুৎ মাচুল বৃদ্ধিত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই৷ এক টুইট বাৰ্তাত ড॰ ভট্টাচাৰ্যই কয়–‘অসম চৰকাৰে বিদ্যুৎ মাচুল পুনৰবাৰ বৃদ্ধি কৰিলে৷ নানা ধৰণৰ টুলুঙা যুক্তি আগবঢ়াই বাৰে বাৰে মাচুল বৃদ্ধি কৰা কাৰ্য অতিকে গৰ্হিত আৰু ই অন্যায়৷ প্ৰত্যেকবিধ বস্তুৰ আকাশলংঘী মূল্যই জুৰুলা কৰা জনসাধাৰণক এনে কাৰ্যৰ দ্বাৰা চূড়ান্ত মাধমাৰ সোধোৱা হৈছে৷ শীঘ্ৰে চৰকাৰে এই জনবিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰি ৰাইজক সকাহ দিয়ক৷’