Logo
image

ফেচবুক একাউণ্ট হেক্‌ নহ’বলৈ এইকেইটা নিয়ম মানি চলক

যোগাযোগ মাধ্যমসমূহৰ জনপ্ৰিয়তাৰ শীৰ্ষত আছে ফেচবুক৷ বিশ্বৰ কোটি কোটি মানুহে ফেচবুক ব্যৱহাৰ কৰি আহিছে৷ শেহতীয়াকৈ ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে এই প্লেটফৰ্মত মেটাভাৰ্ছ প্ৰযুক্তি আৰম্ভ হ’ব বুলি ঘোষণা কৰিছে৷ ইয়াৰ বাবে ইতিমধ্যে যাৱতীয় প্ৰস্তুতিও আৰম্ভ হৈছে৷  এই প্ৰযুক্তি আৰম্ভ কৰাৰ বাবে মেটাৰ তৰফৰ পৰা এটা ছুপাৰ কম্পিউটাৰ প্ৰস্তুত কৰিউলিওৱা হৈছে৷ 

স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলৰ প্ৰায়ভাগৰেই ফেচবুক একাউণ্ট থাকে৷ পিছে, কেতিয়াবা কেতিয়াবা ফেচবুক একাউণ্ট হেকাৰৰ কবলত পৰে৷ এনেকুৱা হ’লে ফেচবুক একাউণ্টটোৰ গৰাকীজন সমস্যাৰ সন্মুখীন হয়৷ এনে অৱস্থাত নিজৰ ফেচবুক একাউণ্ট আৰু ফেচবুক প্ৰফাইল সুৰক্ষিত কৰি ৰখাটো জৰুৰী৷ উল্লেখ্য যে মেটাই ফেচবুক একাউণ্টৰ নিৰাপত্তাৰ বাবে একাধিক ফিচাৰ্ছ আৰম্ভ কৰিছে৷  

ফেচবুক প্ৰফাইল সুৰক্ষিত কৰি ৰাখিবলৈ কেইটামান সাধাৰণ নিয়ম মানি চলিব লাগে৷ অতি সহজ এই নিয়মবোৰ মানি চলিলে হেকাৰে কোনোপধ্যেই আপোনাৰ ফেচবুক প্ৰফাইলত প্ৰৱেশ কৰিব নোৱাৰিব৷ উল্লেখ কৰা হ’ল ফেচবুক প্ৰফাইল সুৰক্ষিত কৰি ৰখাৰ কেইটামান নিয়ম–

কোনো লিংকত ক্লিক নকৰিবঃ সামাজিক মাধ্যমত বিভিন্ন লিংক শ্বেয়াৰ কৰিব পৰা যায়৷ আগ-পাছ নভবা-নুগুণাকৈ এনে কোনো লিংক শ্বেয়াৰ কৰিলে হেকাৰসকলৰ  বাবে প্ৰফাইল হেক কৰাটো সহজ হৈ পৰে৷ কিয়নো এনেবোৰ লিংকত মেল’ৱাৰ থাকে৷ লিংকত ক্লিক কৰাৰ লগে লগে এই মেল’ৱাৰ সক্ৰিয় হৈ ফোনৰ ভিতৰত প্ৰৱেশ কৰি ফোনটোৰ আই ডি, পাছৱাৰ্ড আদিকে ধৰি বিভিন্ন তথ্য হেকাৰসকলক পঠোৱা আৰম্ভ কৰে৷ ফলত যিকোনো মুহূৰ্তত ফেচবুক একাউণ্টটো হেক হোৱাৰ আশংকা থাকে৷

অচিনাক্ত ব্যক্তিৰ ফ্ৰেইণ্ড ৰিকুৱেষ্ট একচেপ্ট নকৰিবঃ ফেচবুকত বিভিন্ন সময়ত বিভিন্নজনৰ ফ্ৰেইণ্ড ৰিকুৱেষ্ট আহে৷ ইয়াৰ মাজত হেকাৰ আৰু প্ৰতাৰকো থাকে৷ সেয়ে অচিনাক্ত নম্বৰ বা অচিনাকি লোকৰ পৰা অহা ফ্ৰেইণ্ড ৰিকুৱেষ্ট একচেপ্ট নকৰিব৷ এনে ফ্ৰেইণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰাৰ পাছতে ইয়াৰ লিংকত থকা মেল’ৱাৰ আপোনাৰ ফেচবুক একাউণ্টটোত প্ৰৱেশ কৰি একাউণ্ট হেক কৰাৰ আশংকা থাকে৷ 

টু ফেক্টৰ অথণ্টিকেশ্বন সক্ৰিয় কৰি ৰাখকঃ ফেচবুক প্ৰফাইলটো সুৰক্ষিত কৰি ৰাখিবলৈ টু ফেক্টৰ অথণ্টিকেশ্বন সক্ৰিয় কৰি ৰখা উচিত৷ টু ফেক্টৰ অথণ্টিকেশ্বন সক্ৰিয় কৰি ৰাখিলে আপোনাৰ অজ্ঞাতে কোনোবাই ফেচবুক প্ৰফাইলত প্ৰৱেশৰ চেষ্টা কৰাৰ লগে লগে আপোনালৈ মেছেজ আহিব৷ 

সঘনাই পাছৱৰ্ড সলনি কৰকঃ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিজৰ ফেচবুক পাছৱাৰ্ডটো সলাই থাকিব লাগে৷ এনে কৰিলে ফেচবুক পাছৱাৰ্ড নিৰাপদে ৰখাত সুবিধা হয়৷