Logo
image

মহাত্মাৰ দেশত নেতাৰ শিক্ষা আৰু কিছু বিক্ষিপ্ত চিন্তা

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ আগে আগে এটা অতিকৈ চৰ্চিত বিষয় আছিল– প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা৷ বিশেষকৈ গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ শিক্ষাগত অৰ্হতাৰ প্ৰসংগই অসমত বাৰুকৈয়ে চৰ্চা লাভ কৰিছিল৷ বৰ্তমানৰ প্ৰধানমন্ত্ৰীজনৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী স্মৃতি ইৰাণীৰ শিক্ষাগত অৰ্হতাক লৈও সময়ে সময়ে সৰ্বত্ৰ আলোচিত হয়৷ বহু মন্ত্ৰী-বিধায়ক আছে যি হয়তো কোনোমতে চহীটোহে কৰিবলৈ জানে৷ কিন্তু কথা হ’ল নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাৰ প্ৰসংগত আমি যিমানেই চৰ্চা নকৰোঁ কিয় ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত এই বিষয়ে কৰিব পৰা একো সমাধান-সূত্ৰ নাই৷ আমি কোনেও এই কথা অস্বীকাৰ কৰিব নোৱাৰোঁ যে চৰকাৰখনেই দেশৰ ভৱিষ্যৎ-দ্ৰষ্টা৷ এনে এখন চৰকাৰৰ পৰিচালনাৰ দায়িত্বত থাকে ৰাজনৈতিক নেতাসকল আৰু ৰাজনৈতিক নেতাসকলেই দেশৰ সৰ্বোচ্ছ স্তৰৰ নীতি-নিৰ্ধাৰক৷ বৰ্তমান সময়ৰ সমাজ ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি সংবিধানখনৰ কেইটামান দফাৰ সংশোধনী বিশেষভাৱে প্ৰয়োজনীয় আছিল যদিও এনে নীতি-নিৰ্ধাৰকৰ উপস্থিতিত বিষয়বস্তুৰ ৰাজনীতিকৰণৰ বাবেই এই পদক্ষেপ সফল হৈ উঠা নাই বা হৈ উঠাৰ সম্ভাৱনাও নাই৷ যিকোনো পেছাতে কাৰ্যনিৰ্বাহ কৰিবলৈ ন্য়ূনতম শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন হোৱাৰ বিপৰীতে দেশৰ সৰ্বোচ্ছস্তৰত নীতি-নিৰ্ধাৰণ কৰা ৰাজনৈতিক নেতাসকলৰ অৰ্হতাৰ প্ৰতিবন্ধকতাৰ বিষয়ে কিন্তু আমাৰ সংবিধানখনৰ কোনোটো দফাতে উল্লেখ নাই৷ সংবিধানখনৰ এনে আসোঁৱাহক লৈ বহু সময়ত বহুজনে প্ৰশ্ন উত্থাপন কৰিছে যদিও সময়ৰ গতিত আকৌ সকলো নিস্তব্ধ হৈ পৰে৷ নিৰ্দিষ্ট শিক্ষাগত অৰ্হতাৰ মাৰ বান্ধি দিলে নিৰক্ষৰৰ ওপৰত এচাম আনুষ্ঠানিকভাৱে শিক্ষিতৰ আধিপত্য চলিব বুলি যি আশংকা কৰা যায়, তাৰ তুলনাত বহুসংখ্যক অশিক্ষিত আৰু অকৰ্মণ্যৰ আধিপত্যই কিন্তু পৰিস্থিতিক দিনক দিনে বেছি ভয়াৱহ কৰি তুলিছে৷ যি সময়ত উচ্ছ শিক্ষাৰ শিক্ষকৰ শিক্ষাগত অৰ্হতা স্নাতকোত্তৰ হোৱাৰ উপৰি নেট-শ্লেট বা পি এইচ ডি ধাৰ্য কৰা হয়, সেই সময়ত শিক্ষামন্ত্ৰীজন কিন্তু চহী কৰিবলৈ জনা হ’লেই হ’ল৷ একোটা চৰকাৰী বিভাগৰ একোজন পিয়নৰ ন্য়ূনতম শিক্ষাগত অৰ্হতা অষ্টম শ্ৰেণীলৈকে হোৱাৰ বিপৰীতে দেশৰ প্ৰধানমন্ত্ৰীজন কিন্তু বিদ্যালয়লৈ নোযোৱা হ’লেও হ’ব৷ এনেধৰণৰ বিসংগতিপূৰ্ণ কথাবোৰৰ বাবেই পৰৱৰ্তী সময়ত সংবিধানখন সংশোধনীৰ ব্যৱস্থা কৰা হৈছে যদিও দেশৰ এই ভৱিষ্যৎ-দ্ৰষ্টাসকল থকা অৱস্থাত সংবিধানখন সংশোধনীৰ অধিকাৰ আমাৰ দৰে সাধাৰণ নাগৰিকৰ নাই৷ সেয়ে বৰ্তমান বিষয়টোক লৈ কেৱল হৈ-চৈ সৃষ্টি কৰাৰ বাদে আমাৰ দৰে সাধাৰণ নাগৰিকে একো কৰিব নোৱাৰোঁ৷ কিন্তু বিষয়টো আমি এক নতুন দৃষ্টিকোণেৰে সমাধান কৰিবলৈ যত্নপৰ হ’ব পাৰোঁ৷ আমি সংবিধানখন সলনি কৰিব নোৱাৰোঁ সঁচা, কিন্তু ক্ষমতাসৰ্বস্ব ৰাজনৈতিক ব্যৱস্থাটোক সলনি কৰিব পাৰোঁ৷ এনে কিছুমান লোকৰ দ্বাৰা পৰিচালিত চৰকাৰখনৰ অধীনৰ চাকৰি এটা ল’বলৈ হেতা-ওপৰা লগোৱা শিক্ষিত যুৱচামৰ বহু কমেইহে কিন্তু চৰকাৰ পৰিচালনাৰ দায়িত্ব ল’বলৈ আগ্ৰহী৷ মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী বা আন পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ মুখত ভৱিষ্যতে ৰাজনৈতিক নেতা হোৱাৰ কথা সততে শুনা নাযায়৷ ঘৰত বহি বহি চৰকাৰ বা ৰাজনৈতিক নেতাসকলক গালি পাৰি থকা কোনো পিতৃ-মাতৃয়ে কিন্তু নিজৰ সন্তানক ভৱিষ্যতে এজন সুদক্ষ ৰাজনীতিবিদ হিচাপে গঢ়ি তোলাৰ সপোন নেদেখে৷ সততে উপলব্ধ কেৰিয়াৰ কাউঞ্চেলৰসকলকো ছাত্ৰ-ছাত্ৰীক ৰাজনীতিক কেৰিয়াৰ হিচাপে ল’বলৈ পৰামৰ্শ দিয়া দেখা নাযায়৷ বিভিন্ন অৰ্হতাৰে পৰিপুষ্ট লোকৰ সমষ্টিৰেই এখন সুস্থ-সবল সমাজ গঠন হয়৷ বলিষ্ঠ নেতৃত্বৰ অভাৱে কিন্তু অৰ্হতাৰে পৰিপুষ্ট এখন সবল সমাজকো থানবান কৰি পেলাব পাৰে৷ ৰাজনৈতিক অদূৰদৰ্শিতাই ভৱিষ্যৎ সমাজৰ উন্নতিত প্ৰধান হেঙাৰ হৈ থিয় দিয়াৰ সম্ভাৱনা প্ৰবল৷ সেয়েহে বৰ্তমান ৰাজনীতিমুখী উদগনি নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে৷ দেশৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক সুদক্ষ ৰাজনীতিবিদ হ’বলৈ অনুপ্ৰাণিত কৰাৰ লগতে ছাত্ৰাৱস্থাৰ পৰাই প্ৰশিক্ষিত কৰিলেহে ভৱিষ্যতে আমি এখন সুস্থ-সবল সমাজৰ কথা ভাবিব পাৰিম৷