Logo
image

ভোটযুদ্ধত নামিল মোদী

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩ অক্টোবৰঃ ১ অক্টোবৰত ১৩,৫০০, ২ অক্টোবৰত পুনৰ ৭,০০০ কোটি টকাৰ কেন্দ্ৰীয় চৰকাৰৰ পেকেজ৷ দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা নৌহওঁতেই  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভোটযুদ্ধত নামিল আৰু চিৰাচৰিত ঢঙত ৰাজ্যই ৰাজ্যই পেকেজ  ঘোষণা কৰা আৰম্ভ হৈ গ’ল৷ যিদৰে কৰ্ণাটকৰ বিধানসভাৰ নিৰ্বাচন আৰম্ভ হোৱাৰ বহুদিন আগৰে পৰাই প্ৰধানমন্ত্ৰী মোদীৰ কৰ্ণাটক যাত্ৰা আৰম্ভ হৈছিল, এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই৷ চলিত বছৰৰ শেষত দেশৰ পাঁচখন ৰাজ্য ক্ৰমে দক্ষিণৰ তেলেংগানাৰ লগতে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু উত্তৰপূবৰ মিজোৰামত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ সেয়া হ’ব দেশৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে  বিজেপি আৰু অন্যান্য বিৰোধী ৰাজনৈতিক দলৰ বাবে ছেমিফাইনেল সদৃশ৷ তাৎপৰ্যপূৰ্ণ এয়াই, এই পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলে অৱধাৰিতভাৱে সাধাৰণ নিৰ্বাচনত  প্ৰভাৱ পেলাব৷ সেয়ে কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিয়ে এই পাঁচখন ৰাজ্যৰ নিৰ্বাচনত অসীম গুৰুত্ব প্ৰদান কৰিছে৷ বিজেপিৰ বিধানসভা নিৰ্বাচনত দেশৰ সৰ্বত্ৰ কৌশল প্ৰায় একেই৷ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বেই প্ৰধানমন্ত্ৰী মোদীৰ সেই সেই ৰাজ্যলৈ  উপৰ্যুপৰি আগমন ঘটে আৰু নিৰ্বাচনমুখী ৰাজ্যক কেন্দ্ৰীয় চৰকাৰৰ পেকেজেৰে ওপচাই পেলায়৷ সেই একে কৌশল লৈ পুনৰ মোদী ভোটযুদ্ধত জপিয়াই পৰিছে৷ 

বিজেপিৰ মূল আকৰ্ষণ অথবা দলটোৰ ষ্টাৰ কেম্পেইনাৰ হৈছে নৰেন্দ্ৰ মোদী৷ সেই বিষয়ত কাৰো দ্বিমত নাই৷ বিজেপিয়ে এইবাৰো পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ বাবে একেই কৌশল অৱলম্বন কৰিছে৷ সেই কৌশলৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনমুখী পাঁচ ৰাজ্যৰ চাৰিখনলৈ যাতায়াত আৰম্ভ হৈ গৈছে৷ মোদী ভোটযুদ্ধত অৱতীৰ্ণ হৈছে যোৱা ৩০ ছেপ্টেম্বৰৰ পৰা৷ ৩০ ছেপ্টেম্বৰৰ পৰা অহা ৬ অক্টোবৰলৈ সাত দিনত নৰেন্দ্ৰ মোদীয়ে চাৰিখন ৰাজ্যত মুঠতে ৬টা দিনত আঠখন নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিব৷ ৭টা দিনৰ মাজত এদিনহে তেওঁৰ ভ্ৰমণসূচী নাই৷ প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা ৩০ ছেপ্টেম্বৰত তেওঁৰ নিৰ্বাচনী অভিযান আৰম্ভ কৰিলে ছত্তীশগড়ৰ পৰা৷ কালি ৰ অক্টোবৰত মোদীয়ে তেলেংগানাৰ মাহাবুবনগৰ জিলাত নিৰ্বাচনী ৰেলীৰ দৰেই এটা কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে৷ তাত মোদীয়ে  ১৩,৫০০ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ  পেকেজ ঘোষণা কৰিলে৷ সেইখন ৰাজ্যলৈ অহা ৩ অক্টোবৰত মোদী পুনৰ উভতি যাব আন এক কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে৷ তেওঁ সেইদিনা নিজামাবাদত আন এক ৰেলীত ভাগ ল’ব৷ বিজেপিয়ে তেলেংগানাৰ নিৰ্বাচনত বেছ গুৰুত্ব প্ৰদান কৰিছে৷ কৰ্ণাটকৰ দৰেই প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বে মুঠতে ১০টা কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যসূচী লৈ তেলেংগানাত নিৰ্বাচনী ৰেলীত ভাগ ল’ব৷ উল্লেখ কৰিব পাৰি, মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠান আৰু নিৰ্বাচনী ৰেলী কেতিয়াবাই একাকাৰ কৰি পেলাইছে৷ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে মোদী চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পেকেজক ভোটাৰৰ টোপ হিচাপে ব্যৱহাৰ কৰিছে৷ তাৰ ব্যতিক্ৰম নহ’ল ৰাজস্থানতো৷ আজি সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ চিতোৰগড়ত এটা কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যসূচীত ভাগ লৈ ৰাজ্যখনৰ বাবে উন্নয়নমূলক আঁচনিৰ ৭,০০০ কোটি টকাৰ পেকেজ ঘোষণা কৰে৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাগ লয় বিজেপিয়ে আয়োজন কৰা এটা প্ৰাক-নিৰ্বাচনী ৰেলীত৷ কাইলৈ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশত ক্ৰমে গোৱালিয়ৰ আৰু জব্বলপুৰত দুখন নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিব৷ আজি ৰাজস্থানৰ চিতোৰগড়ত নিৰ্বাচনী ৰেলীত ভাগ লোৱা মোদীয়ে পুনৰ ৬ অক্টোবৰত যোধপুৰত আন এক নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিব৷ ৬ অক্টোবৰলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেন দেশৰ প্ৰধানমন্ত্ৰী নহয়, বিজেপিৰ নিৰ্বাচনী প্ৰচাৰকহে৷ ক্ষমতাৰ আশাত আন সকলো বাদ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এনে নিৰ্বাচনী অভিযানে দেশবাসীক আচৰিত কৰি তুলিলেও তেওঁ এই অভিযানৰ পৰা মুঠেই বিচলিত নহয়৷