Logo
image

গৰুৰ চৰণীয়া পথাৰলৈ পৰ্যৱসিত চৰাইদেউ মৈদাম

‘আমাৰ অসম’ৰ মাহমৰাৰ প্ৰতিবেদক, ৩ অক্টোবৰঃ আহোম ৰাজত্বকালৰ ঐতিহ্য বহনকাৰী চৰাইদেউ মৈদামক্ষেত্ৰৰ নাম কেন্দ্ৰীয় চৰকাৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে মনোনীত কৰিবৰ বাবে প্ৰেৰণ কৰাৰ পাছতে অসম চৰকাৰৰ তত্ত্বাৱধানত কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ত্ব বিভাগে চৰাইদেউ মৈদামক্ষেত্ৰৰ আন্তঃগাঁথনি নিৰ্মাণ আৰু সৌন্দৰ্যবৰ্ধনৰ কাম অতি ক্ষিপ্ৰগতিৰে সম্পন্ন কৰা পৰিলক্ষিত হৈছে৷  অসম চৰকাৰে মৈদামক্ষেত্ৰৰ কাম-কাজ পৰ্যৱেক্ষণ কৰিবৰ বাবে সময়ে সময়ে অসম চৰকাৰৰ মন্ত্ৰী-আমোলাক প্ৰেৰণ কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ এটা উচ্ছস্তৰীয় দলে অহৰহ মৈদামক্ষেত্ৰৰ কাম-কাজ নিৰীক্ষণ কৰি আহিছে৷ বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়া, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু চৰাইদেউ জিলা প্ৰশাসনেও অহৰহ পৰ্যৱেক্ষণ কৰি আহিছে৷ উল্লেখ্য, অক্টোবৰৰ প্ৰথম সপ্তাহত ঐতিহ্যমণ্ডিত চৰাইদেউ মৈদামক্ষেত্ৰ পৰিদৰ্শন কৰিবৰ বাবে আহিব ইউনেস্ক’ৰ প্ৰতিনিধি৷ অসম চৰকাৰৰ তত্ত্বাৱধানত কেন্দ্ৰীয়-ৰাজ্যিক পুৰাতত্ত্ব বিভাগে দিনে-নিশাই আহোম ৰাজত্বকালৰ ইতিহাস বিজড়িত চৰাইদেউ মৈদামক্ষেত্ৰৰ আন্তঃগাঁথনি আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে কাম-কাজ কৰি আহিছে যদিও বাস্তৱিকতে ইউনেস্ক’ৰ প্ৰতিনিধি দলক প্ৰদৰ্শন কৰিব পৰাকৈ সাজু হৈছে নে চৰাইদেউ মৈদামক্ষেত্ৰ? চৰাইদেউবাসীৰ মনত এই প্ৰশ্ন জাগ্ৰত হোৱাৰ সময়তে চৰাইদেউ মৈদামক্ষেত্ৰৰ সামগ্ৰিক কাম-কাজ সম্পাদন কৰাৰ ক্ষেত্ৰত গাফিলতি কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ প্ৰায় ৭০০ বিঘা মাটি-কালি সামৰি বিশ্ব ঐতিহ্যক্ষেত্ৰৰ বাবে চৰাইদেউ মৈদামক্ষেত্ৰ আটকধুনীয়াকৈ সজাই-পৰাই ইউনেস্ক’ৰ প্ৰতিনিধিক আদৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱা বুলি চৰাইদেউ মৈদামক্ষেত্ৰত উপস্থিত হৈ কিছুদিনপূৰ্বে অসম চৰকাৰৰ এজন দায়িত্বশীল মন্ত্ৰীয়ে মন্তব্য কৰিছিল যদিও বাস্তৱতে ৭০শতাংশ কামো সম্পূৰ্ণ নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ বিশেষকৈ চৰাইদেউ মৈদামক্ষেত্ৰৰ সীমা নিৰ্ধাৰণ নোহোৱাৰ ফলত মৈদামক্ষেত্ৰৰ চাৰিসীমাৰ বেৰা এতিয়াও সম্পূৰ্ণ হোৱা নাই৷ ফলস্বৰূপে ধোবাং বাং হৈ থকা চৰাইদেউ মৈদামক্ষেত্ৰ চৰণীয়া পথাৰলৈ পৰিণত হৈছে৷ প্ৰাকৃতিক সৌন্দৰ্যৰে সুশোভিত, পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু, বিশ্ব ঐতিহ্যক্ষেত্ৰৰ দিশে আগবঢ়া, আহোম ৰাজত্বকালৰ ঐতিহ্য বহনকাৰী চৰাইদেউ মৈদামক্ষেত্ৰ এতিয়া গৰু-ছাগলীৰ মুক্ত বিচৰণভূমি হৈ পৰিছে৷ মৈদামক্ষেত্ৰৰ চাৰিসীমাৰ বেৰা নথকাৰ সুযোগ গ্ৰহণ কৰি স্থানীয় একাংশ লোকে নিজৰ পোহনীয়া গৰু-ছাগলী চৰিবলৈ নিৰ্বিঘ্নে এৰি দিছে৷ ইফালে, দিনে-নিশাই মৈদামক্ষেত্ৰৰ আন্তঃগাঁথনি আৰু সৌন্দৰ্যবৰ্ধনৰ কাম-কাজ তদাৰক কৰি অহা বুলি দাবী কৰা কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ত্ব বিভাগ, মৈদামক্ষেত্ৰ পৰিচালনা সমিতি আৰু চৰাইদেউ জিলা প্ৰশাসনেও এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই৷ তদুপৰি, দিনে-ৰাতিয়ে নিৰাপত্তাৰক্ষী নিয়োজিত হৈ থকাৰ পাছতো চৰাইদেউ মৈদামক্ষেত্ৰ গৰু-ছাগলীৰ বিচৰণ হোৱাটো অতি দুৰ্ভাগ্যজনক৷  উল্লেখ্য, কাইলৈ ২৭ছেপ্টেম্বৰ, বিশ্ব পৰ্যটন দিৱস৷ ৰাষ্ট্ৰসংঘৰৰ অধীনস্থ বিশ্ব পৰ্যটন সংস্থাৰ প্ৰত্যক্ষ তত্ত্বাবধানত ১৯৮০ চনৰ পৰা সকলো সদস্য দেশে এই দিৱস পালন কৰি আহিছে৷ কিন্তু বিশ্ব পৰ্যটন দিৱসৰ দিনটোতে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ দিশে চৰাইদেউ মৈদামক্ষেত্ৰৰ এনে দুখলগা প্ৰতিচ্ছবিয়ে সচেতন মহলক স্তম্ভিত কৰি তুলিছে৷ ইফালে অচিৰেই ইউনেস্ক’ৰ প্ৰতিনিধি দল অহাৰ কথা৷ এনেক্ষেত্ৰত মাত্ৰ ১৫দিনত বৰ্তমানেও আধৰুৱা হৈ থকা মৈদামক্ষেত্ৰৰ কাম-কাজ সম্পূৰ্ণ কৰিব পাৰিব নে এই লৈও সচেতন মহলৰ মাজত চৰ্চা আৰম্ভ হৈছে৷ উল্লেখ্য, কেইবাকোটি টকাৰে চৰাইদেউ মৈদামক্ষেত্ৰৰ আন্তঃগাঁথনি নিৰ্মাণ আৰু সৌন্দৰ্যবদ্ধৰ্নৰ কাম-কাজ চলি আছে যদিও কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ একাংশ বিষয়ববীয়াৰ গাফিলতিৰ বাবে পূৰ্ব পৰিকল্পনা আৰু আঁচনি মতে, কাম আগবঢ়া নাই৷ বিশেষকৈ কিছুমান মৈদাম খনন আৰু পুনৰ নিৰ্মাণত ব্যাপক বিসঙ্গতি হোৱা বুলি কিছুদিন পূৰ্বে অভিযোগ উত্থাপিত হৈছিল৷