Logo
image

৪৮ কোটি টকাৰে মন্ত্ৰীৰ চৰকাৰী আৱাসৰ মেৰামতি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩ অক্টোবৰঃ ৰাজহ ঘাটি জোৰা মৰাৰ লগতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক সন্তুষ্ট কৰাৰ নামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে এতিয়া হাজাৰ হাজাৰ কোটি টকা ঋণ লৈয়ো তত্‌ নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে৷ ৰাজ্যৰ জনমূৰি ঋণৰ হাৰ বৃদ্ধি পোৱাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া হোৱাৰ মাজতে কাইলৈ অৰ্থাৎ মঙলবাৰে ৰিজাৰ্ভ বেংকৰ জৰিয়তে ষ্টক নিলাম কৰি  পুনৰ ১০০০ কোটি টকা ঋণ ল’ব ৰাজ্য চৰকাৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আঢ়ৈ বছৰীয়া কাৰ্যকালত ৰেকৰ্ড সৃষ্টি কৰি ৪৪ হাজাৰ ৫০০ কোটি টকা ঋণ লৈ অত্যধিক হিতাধিকাৰী আঁচনি আৰু অনুৎপাদনমূলক কামত ৰাজকোষৰ ধন খৰচ কৰাক কেন্দ্ৰ কৰি বিৰোধীয়ে সমালোচনা কৰাই নহয়, সচেতন মহলেও চৰকাৰক অনুৎপাদনমূলক কামত ধন খৰচৰ পৰা বিৰত থাকিবলৈ সতৰ্ক কৰি দিয়া দেখা গৈছে৷ কিন্তু ইয়াৰ মাজতে অসম সচিবালয়ৰ জনতা ভৱনৰ এটাৰ পাছত এটা বিল্ডিঙৰ ভঙাকে ভঙা আৰু পতাকে পতাৰ অভিযোগ উঠাৰ লগতে দিছপুৰৰ বিধায়ক আৱাসত হেলিপেডযুক্ত সু-উচ্ছ টুইন টাৱাৰ নিৰ্মাণক লৈয়ো বিতৰ্কৰ সৃষ্টি হৈছে৷ বিধায়ক আৱাসৰ ১৫ মহলীয়া টুইন টাৱাৰৰ পাছত এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিছপুৰৰ নতুন মন্ত্ৰী আৱাসৰ মেৰামতিৰ নামত ৰাজকোষৰ পৰা ব্যয় কৰিব প্ৰায় ৪৮ কোটি টকা৷ মন্ত্ৰী অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, সঞ্জয় কিষাণৰ লগতে কেইবাজনো মন্ত্ৰীৰ বাসগৃহৰ মেৰামতিৰ বাবে ইতিমধ্যে লোকনিৰ্মাণ বিভাগে নিবিদা আহ৩ান কৰিছে৷ মিনিষ্টাৰ্ছ ক’লনীৰ মুঠ ৯টা আৱাসৰ মেৰামতিৰ বাবে সৰ্বমুঠ ৪৭.৭৫ কোটি টকাৰ নিবিদা প্ৰকাশ কৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে বিধায়ক হোষ্টেলত নিৰ্মাণ হ’বলগীয়া ১৫ মহলীয়া টুইন টাৱাৰত হেলিপেড নিৰ্মাণ কৰাৰ বিপৰীতে এইবাৰ মিনিষ্টাৰ্ছ ক’লনীত ইনড’ৰ ষ্টেডিয়াম আৰু বেডমিণ্টন ক’ৰ্ট নিৰ্মাণ কৰিব৷ মন্ত্ৰীসকলৰ ক্ৰীড়া অনুশীলনৰ বাবে নিৰ্মাণ কৰিবলগীয়া বেডমিণ্টন ক’ৰ্ট আৰু ইনড’ৰ ষ্টেডিয়ামৰ নিৰ্মাণৰ বাবদ ১১.৫১ কোটি টকা ব্যয় কৰিব৷ তদুপৰি মন্ত্ৰী আৱাসৰ এম-১৯ নম্বৰ আৱাসটোৰ নতুনকৈ নিৰ্মাণৰ বাবদ ৬.৩৩ কোটি টকা নিবিদাত ধাৰ্য কৰা দেখা গৈছে৷ একেদৰে এম-২০, এম-২১ আৰু এম-২২ নম্বৰ আৱাসকেইটাৰ নিৰ্মাণৰ বাবেও অতিৰিক্ত ১৭.৭৬ কোটি টকা ব্যয় কৰিব৷ ইয়াৰোপৰি মন্ত্ৰী সঞ্জয় কিষাণৰ এম-১৫ নম্বৰ আৱাসৰ মেৰামতিৰ বাবদ ১.৪৮ কোটি টকা, মন্ত্ৰী অতুল বৰাৰ এম-চ্ছ্ৰ নম্বৰৰ আৱাসগৃহৰ মেৰামতিৰ বাবদ ১.১১ কোটি টকা আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ এম-১২ নম্বৰ আৱাসৰ মেৰামতিৰ নামতো ১.৫০ কোটি টকা ধাৰ্য কৰা হৈছে৷ সাধাৰণ এটা মন্ত্ৰী আৱাসৰ মেৰামতিৰ নামত ডেৰ কোটি টকাকৈ খৰচ কৰাক লৈ এতিয়া সচেতন মহলৰ চকু কপালত উঠিছে৷ কিয়নো মন্ত্ৰীৰ এই আৱাসসমূহৰ নিৰ্মাণ দহ বছৰো হোৱা নাই৷ তেনেস্থলত বাৰে বাৰে মেৰামতিৰ নামত কোটি কোটি টকা ব্যয় কৰাক লৈ স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে৷ অৱশ্যে, দিছপুৰত চলা চৰ্চা অনুসৰি বাস্তু জ্যোতিষীৰ পৰামৰ্শৰ ভিত্তিতহে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দুজন মন্ত্ৰীৰ আৱাসগৃহত পুনৰ এই নিৰ্মাণ চলিব৷