Logo
image

চৰকাৰী স্কুলৰ শিক্ষাৰ্থীলৈ মেডিকেল, ইঞ্জিনিয়াৰিঙত ৫ শতাংশ সংৰক্ষণ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ অক্টোবৰঃ সপ্তম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ চৰকাৰী খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থীৰ বাবে মেডিকেল, ইঞ্জিনিয়াৰিঙত ৫ শতাংশ আসন সংৰক্ষণ কৰা হ’ব৷ ছেবাৰ অধীনস্থ বিদ্যালয়ত পঢ়া শিক্ষাৰ্থীয়েহে পাব এই সুবিধা৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জয়ন্তীৰ দিনটোত গুৱাহাটীৰ গান্ধী মণ্ডপত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ তদুপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ২৫০ মিলিলিটাৰৰ মিনাৰেল ৱাটাৰৰ প্লাষ্টিকৰ বটল আজিৰে পৰা নিষিদ্ধ কৰা হৈছে৷ উচ্ছতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশ বা ততোধিক  নম্বৰ লাভ কৰা ছাত্ৰী আৰু ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰক একোখন স্কুটী প্ৰদান কৰা হ’ব৷ নৱেম্বৰ-ডিচেম্বৰ মাহতে সেইসকল শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব স্কুটীসমূহ৷ ভট্টদেব বিশ্ববিদ্যালয়, ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ে কাৰ্যনিৰ্বাহক কৰি আছিল যদিও তেওঁলোকে কোনো কলেজক অনুমোদন দিয়া নাছিল৷ আজি উক্ত প্ৰত্যেকখন বিশ্ববিদ্যালয়কে গড়ে ১১-১২ খন কলেজক অনুমোদনৰ বাবে মঞ্জুৰ কৰা হয়৷ মন্ত্ৰীসকলে সভা সমিতিত বহু উপহাৰ লাভ কৰে৷ সেই উপহাৰ সমূহ এতিয়াৰ পৰা মন্ত্ৰীৰ সম্পত্তি নহ’ব৷ তদুপৰি গুৱাহাটীৰ বাহিৰত যিবোৰ ঠাইত কেবিনেট বৈঠক অনুষ্ঠিত হয়, মুখ্যমন্ত্ৰী-মন্ত্ৰীৰ ভ্ৰমণ হয় এই ভ্ৰমণত কি ধৰণে আৰু কিমান টকা খৰচ কৰিব পাৰিম, এই ধনবিলাক সংশ্লিষ্ট জিলাৰ উপায়ুক্তই দিব নে চৰকাৰৰ তৰফৰ পৰা দিয়া হ’ব এই সন্দৰ্ভত নতুন নীতি নিৰ্ধাৰণ কৰা হৈছে৷ কাইলৈ সবিশেষ প্ৰকাশ কৰা হ’ব৷ অসমৰ চাহ মজদুৰসকলৰ মজুৰী ৰ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰাত অনুমোদন জনোৱা হয়৷ এই অনুসৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগানৰ শ্ৰমিকে বৰ্তমানে পাই থকা ২৩২ টকাৰ পৰিৱৰ্তে ২৫০ টকা নিৰ্ধাৰণ কৰা হৈছে৷ বৰাক উপত্যকাৰ চাহ শ্ৰমিকসকলে ২১০ টকাৰ পৰিৱৰ্তে ২২৮ টকা লাভ কৰিব৷ এটিচিৰ বাগানৰ শ্ৰমিকক পূজাৰ পূৰ্বে বানচ ২০ শতাংশ হিচাপে দিবলৈ সিদ্ধান্ত কৰা হৈছে৷ অসম চৰকাৰৰ চৰকাৰী চাকৰিত চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলৰ বাবে ৩ শতাংশ পদ সংৰক্ষণ কৰা হ’ব৷ মন্ত্ৰী-বিধায়কৰ ল’ৰা-ছোৱালীয়ে ইয়াৰ সুবিধা নাপাব৷ কেবিনেটত বজালী জিলা গঠনত সিদ্ধান্ত কৰা হয়৷ বৰ্তমানৰ বজালী সমষ্টিক লৈ প্ৰথমে গঠন হ’ব বজালী জিলা৷ পৰৱৰ্তী সময়ত কেবিনেট উপ-সমিতিয়ে দিয়া পৰামৰ্শ অনুসৰি ভবানীপুৰ-সৰভোগ সমষ্টি বৰপেটাত অন্তৰ্ভুক্ত হ’ব নে বজালী জিলাত অন্তৰ্ভুক্ত হ’ব সেই সন্দৰ্ভত পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷ ১১ অক্টোবৰৰ পৰা বজালী জিলালৈ পৰিৱৰ্তন হ’ব৷