হঠাৎ কাণৰ বিষ? সকাহ পাবলৈ এইখিনি কৰক
হঠাতে যদি কাণৰ বিষত আক্ৰান্ত হ’লে ভয় নাখাব৷ কেইটামান ঘৰুৱা চিকিৎসাৰেও এই বিষৰ পৰা উপশম পাব পাৰি৷ চিকিৎসকৰ কাষ চপাৰ পূৰ্বে এনেধৰণৰ ঘৰুৱা চিকিৎসা গ্ৰহণ কৰিলে যন্ত্ৰণাৰ পৰা বহুখিনি সকাহ পাব পাৰে৷ সাধাৰণতে কাণৰ ভিতৰখন মলিয়ন হ’লে, কোনো কাৰণত সংক্ৰমণ হ’লে, কাণৰ ভিতৰত পানী সোমালে, উচ্ছতা আৰোহণ কৰাৰ সময়ত কাণৰ বিষ হ’লে অথবা টনছিল বা দাঁতৰ অসুখ আদিত আক্ৰান্ত হ’লেও কাণত বিষ অনুভৱ হ’ব পাৰে৷
কাণৰ বিষৰ পৰা উপশম পোৱাৰ ঘৰুৱা চিকিৎসা
ঠাণ্ডা বা গৰম সেকঃ কাণৰ বিষত আক্ৰান্ত হ’লে এটুকুৰা বৰফ কাণৰ ওপৰত কিছুসময়ৰ বাবে ৰাখিলে বিষ তাৎক্ষণিকভাৱে কমি যায়৷ ইয়াৰ পৰিৱৰ্তে গৰম পানীৰ সেক বা হট ৱাটাৰ বেগৰ জৰিয়তেও কাণৰ বিষ কমাব পৰা যায়৷ যি ঠাইত বিষ অনুভৱ হয় সেই ঠাইত হট ৱাটাৰ বেগেৰে কিছুসময়ৰ বাবে সেক দিলে যন্ত্ৰণাৰ পৰা সকাহ পোৱা যায়৷
জলফাই তেলঃ কাণৰ ভিতৰখন মলিয়ন হ’লে বা ফাংগাল ইনফেকশ্বনৰ বাবে কাণৰ বিষ হ’লে জলফাই তেল ব্যৱহাৰ কৰিব পাৰে৷ সামান্য পৰিমাণে তেলখিনি গৰম কৰি বিষ হোৱা ঠাইত দিলে যথেষ্ট আৰাম পোৱা যায়৷ জলফাই তেলৰ ব্যৱহাৰ অতি নিৰাপদ৷
আদা, নহৰু, পিঁয়াজৰ জৰিয়তেও কাণৰ বিষ কমাব পাৰিঃ এটুকুৰা আদা, পিঁয়াজ অথবা নহৰুৰ ৰস পিচি সেই ৰস কাণত দিলে বহু পৰিমাণে বিষৰ পৰা সকাহ পেৱা যায়৷ আদা, পিঁয়াজ বা নহৰুত এণ্টি ইমফ্লেমেটৰী উপাদান থাকে৷ এই উপাদানে বিষ নাশকৰ কাম কৰে৷
শিশুৰ বাবে মাতৃদুগ্ধঃ কাণৰ বিষত শিশু আক্ৰান্ত হ’লে সামান্য পৰিমাণৰ মাতৃদুগ্ধ কাণত দিলে বিষৰ পৰা সকাহ পায়৷
ছুয়িংগামঃ কেতিয়াবা উচ্ছতা আৰোহন কৰিলে বহুতৰে কাণত বিষ অনুভৱ হয়৷ বহু লোকৰ বিমানেৰে যাত্ৰা কৰিলেও কাণত বিষ অনুভৱ হয়৷ এনে ক্ষেত্ৰত ছুয়িংগাম চোবালে বিষৰ পৰা উপশম পাব পাৰি৷
নিমখ প্ৰয়োগৰ জৰিয়তেও কাণৰ বিষ কমাব পাৰিঃ কাণৰ যিকোনো চিকিৎসাত নিমখৰ ব্যৱহাৰ অতুলনীয়৷ নিমখক প্ৰাচীন কালত প্ৰাকৃতিক এণ্টিবায়’টিকৰূপে গণ্য কৰা হৈছিল৷ কাণৰ বিষত আক্ৰান্ত হ’লে পাণ এখন ভাজি লৈ কিছু পৰিমাণে তাৰ ওপৰত নিমখ ৰাখিব লাগে৷ নিমখৰ সৈতে পাণখন গৰম হোৱাৰ পাছত অলপ কুহুমীয়া হৈ থাকোতে পাণৰ সৈতে নিমখখিনি মেৰিয়াই অলপ সময়ৰ বাবে কাণৰ ওপৰত ৰাখিলে বিষৰ পৰা সকাহ পোৱা যায়৷ এইবোৰ ঘৰুৱা উপায়েৰে কাণৰ বিষৰ পৰা সকাহ পালেও পৰৱৰ্তী চিকিৎসাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱাত অৱহেলা নকৰিব৷ কিয়নো কাণৰ বিষ গুৰুতৰ ৰোগৰ লক্ষণো হ’ব পাৰে৷