Logo
image

বন্যপ্ৰাণী সপ্তাহ আৰু চৰকাৰৰ কৰণীয়

দ্ৰুত নগৰীকৰণ, বনাঞ্চল ধবংস, জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন, বনজুই আদিয়ে শেহতীয়াভাৱে বন্যপ্ৰাণীৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ ইতিমধ্যে পৃথিৱীৰ পৰা নোহোৱা হৈছে বন্যপ্ৰাণীৰ বহু প্ৰজাতি আৰু বিপন্ন হৈছে আন বহু প্ৰজাতিৰ ভৱিষ্যৎ৷ শেহতীয়াভাৱে ‘দ্য ৱাইল্ড লাইফ ফাণ্ড’ৰ [ডব্লিউ ডব্লিউ এফ] ‘দ্য লিভিং প্লেনেট ৰিপ’ৰ্ট-২০২০’ত এই সন্দৰ্ভত কেতবোৰ ভয়ংকৰ তথ্যপোহৰলৈ আহিছে৷ প্ৰতিবেদনখনত কোৱা হৈছে যে ১৯৭০ চনৰ পৰা ২০১৬ চনলৈ পৃথিৱীত মেৰুদণ্ডী প্ৰাণীৰ সংখ্যা হ্ৰাস পাইছে ৬৮ শতাংশ৷ ইয়াৰ অৰ্থ হৈছে যে বিগত পাঁচ দশকত পৃথিৱীৰ পৰা নোহোৱা হৈছে দুই-তৃতীয়াংশ মেৰুদণ্ডী প্ৰাণী৷ স্তন্যপায়ী প্ৰাণীৰ লগতে সৰীসৃপ, পক্ষী, উভচৰ প্ৰাণী আৰু জলচৰ প্ৰাণীৰ বহু প্ৰজাতি ইতিমধ্যে বিলুপ্ত হৈছে৷ এই সময়ছোৱাত স্থলভূমিৰ তিনি-চতুৰ্থাংশ আৰু আৰু সমুদ্ৰৰ ৪০ শতাংশ জীৱৰ ব্যাপক ক্ষতি হৈছে৷ বনজুই আৰু সমুদ্ৰৰ প্ৰদূষণকে ইয়াৰ মুখ্য কাৰণ হিচাপে গণ্য কৰা হৈছে৷ ‘দ্য লিভিং প্লেনেট ৰিপ’ৰ্ট-২০২০’ত উল্লেখ কৰা মতে, নিৰ্মল পানীত থকা প্ৰাণীৰ সংখ্যাও হ্ৰাস পাইছে আশী শতাংশতকৈও অধিক৷ উদ্বেগজনক কথাটো হৈছে যে বিগত দহটা বছৰত বিশ্বত ১.৯ মিলিয়ন বৰ্গকিলোমিটাৰ বনাঞ্চলৰ সংকোচন হৈছে৷ পৃথিৱীৰ জৈৱ-ক্ষমতাৰ ৫৬ শতাংশই অপব্যৱহাৰ কৰিছে মানৱ জাতিয়ে৷ প্ৰাণীজগতৰ লগতে উদ্ভিদজগতৰো ব্যাপক ক্ষতি হৈছে৷ পৰিৱেশ বিজ্ঞানীৰ মতে, পৃথিৱীৰ মুঠ এক লাখ প্ৰাণী  আৰু উদ্ভিদ প্ৰজাতিৰ ত্ৰিছ হাজাৰতকৈও অধিক প্ৰজাতি বৰ্তমান বিলুপ্তিৰ পথত৷ বন্যপ্ৰাণী আৰু বনাঞ্চল সংৰক্ষণৰ বাবে বিশ্বৰ বিভিন্ন দেশত ইতিবাচক পদক্ষেপ লোৱা হৈছে যদিও এইক্ষেত্ৰত বহু পিছপৰি আছে ভাৰত৷ জীৱ-বৈচিত্ৰ্যৰে ভৰপূৰ দেশখনে অপৰিকল্পিত উদ্যোগীকৰণ আৰু নগৰীকৰণৰ ফলত লাহে লাহে হেৰুৱাবলগীয়া হৈছে সেউজ বনাঞ্চলৰ লগতে জলভূমি, যিটোৱে পাৰিপাশ্বিৰ্কতাৰ বাবে সংকট নমাই আনিছে৷ সেয়েহে স্বাভাৱিকতে এটা প্ৰশ্নৰ উদয় যে ভাৰতত পৰিৱেশ দিৱস, বন্যপ্ৰাণী দিৱস আদি উদ্‌যাপনৰ সু্‌ফল পোৱা গৈছেনে? এইক্ষেত্ৰত শেহতীয়াকৈ অসম চৰকাৰৰ এক বিশেষ উদ্যোগৰ কথা উনুকিয়াব পাৰি৷ বিশ্ব ৰেকৰ্ড গঢ়াৰ লক্ষ্যৰে বৃহৎ অংকৰ ধন ব্যয়েৰে ৰাজ্যখনত এক কোটি গছপুলি ৰোপণৰ কাৰ্যসূচী লোৱা হৈছিল৷ কিন্তু কেৱল গছপুলি ৰোপণেৰে সমস্যাৰ সমাধান উলিয়াব পৰা যাবনে? প্ৰকৃত কথাটো হৈছে গছপুলি ৰোপণৰ পাছত সেইবোৰৰ প্ৰতিপালন সঠিকভাৱে কৰা হয় নে নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে৷ প্ৰায়েই দেখা যায় যে কেৱল প্ৰচাৰৰ বাবে বিভিন্ন উপলক্ষ্যত ৰোপণ কৰা গছপুলিবোৰ পৰৱৰ্তী সময়ত প্ৰতিপালনৰ অভাৱত মৰহি যায় অথবা গৰু-ছাগলীৰ আহাৰ হয়৷ উদ্ভিদ আৰু বন্যপ্ৰাণীৰ সংৰক্ষণৰ প্ৰতি সৰ্বসাধাৰণৰ মাজত সজাগতা অনাৰ লক্ষ্যৰে প্ৰতিবছৰৰ ২-৮ অক্টোবৰত উদ্‌যাপন কৰা হয় ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহ৷ এইবাৰো দেশৰ বিভিন্ন ঠাইত কেতবোৰ নিৰ্দিষ্ট লক্ষ্য আগত লৈ আৰম্ভ কৰা হৈছে এই সপ্তাহ৷ এইক্ষেত্ৰত অসমো ব্যতিক্ৰম নহয়৷ কিন্তু কেৱল আনুষ্ঠানিকতা ৰক্ষাৰ বাবে এনেধৰণৰ উৎসৱ উদ্‌যাপন কৰাৰ পৰিৱৰ্তে বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে চৰকাৰৰ লগতে প্ৰকৃতিপ্ৰেমী সংগঠনবোৰে সময়োচিত পদক্ষেপ লোৱা উচিত৷ পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখিব পাৰিলেহে মানুহৰ লগতে আন জীৱকুল বৰ্তি থকাটো সম্ভৱ হ’ব৷ এই কথাটো সকলোৱে উপলব্ধি কৰিব পাৰিলেহে পৰিৱেশ দিৱস, বন্যপ্ৰাণী সপ্তাহ, ব্যাঘ্ৰ  দিৱস আদি উদ্‌যাপনৰ প্ৰকৃত উদ্দেশ্য সফল হোৱা বুলি ক’ব পৰা যাব৷