Logo
image

তিনিখন বিশ্ববিদ্যালয়লৈ অধিক ক্ষমতা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ অক্টোবৰঃ ৰাজ্যিক কেবিনেটে ৰাজ্যৰ তিনিখন নৱগঠিত বিশ্ববিদ্যালয়ক প্ৰদান কৰিলে অধিক ক্ষমতা৷ এতিয়াৰে পৰা তিনিখন বিশ্ববিদ্যালয়ৰ অধীনলৈ যাব বহু সংখ্যক কলেজ৷ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধীনলৈ যাব বহু সংখ্যক কলেজ৷ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধীনলৈ যাব ১৯ খন কলেজ, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধীনলৈ যাব ১৩ খন কলেজ আৰু  ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অধীনলৈ যাব ১৪ খন কলেজ৷ মঙলবাৰে দিছপুৰৰ জনতা ভৱনত কালি ৰাজ্যিক কেবিনেটে  গ্ৰহণ কৰা এই সিদ্ধান্তৰ বিষয়ে বাখ্যা কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়– এতিয়াৰে পৰা বৰপেটাৰ ১৮ খন কলেজ ক্ৰমে– বিবিকে কলেজ, বাপুজী কলেজ, বৰনগৰ কলেজ, বৰপেটা গাৰ্লছ কলেজ, বিএইচ কলেজ, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়, বি এইচ বি কলেজ, জি এল চৌধুৰী কলেজ, চেঙা চৰকাৰী মডেল কলেজ, বাঘবৰ চৰকাৰী মডেল কলেজ, এম চি কলেজ, মধ্য কামৰূপ কলেজ, মন্দিয়া আঞ্চলিক মহাবিদ্যালয়, নৱজ্যোতি কলেজ, নিৰ্মল হালৈ কলেজ, নৰ্থ কামৰূপ কলেজ, শংকৰ মাধৱ কলেজ, উত্তৰ বৰপেটা কলেজ আৰু নলবাৰীৰ টিহু কলেজ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ এফিলিয়েটেড কলেজ হ’ব৷ আনহাতে শোণিতপুৰৰ টি এইচ বি কলেজ, বিশ্বনাথৰ ছয়খন কলেজ ক্ৰমে– চতিয়া কলেজ, বিশ্বনাথ কলেজ, বিহালী কলেজ, পি ডি ইউ এ এম কলেজ, চয়দুৱাৰ কলেজ, কলাবাৰী কলেজ আৰু লখিমপুৰৰ ছয়খন কলেজ ক্ৰমে– বিহপুৰীয়া কলেজ, খেৰাজখাট কলেজ, শংকৰদেৱ মহাবিদ্যালয়, পূব ডিক্ৰং কলেজ, লালুক কলেজ আৰু নাওবৈচা কলেজ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ এফিলিয়েটেড কলেজ হ’ব৷ আনহাতে হোজাইৰ হোজাই গাৰ্লছ কলেজ, লংকা কলেজ, আলহাজ চেনাই বিবি কলেজ, মুৰাঝাৰ কলেজ নগাওৰ হাজি আনফৰ কলেজ, লামডিং কলেজ, যমুনামুখ কলেজ, উদালি কলেজ, কাৰ্বি আংলঙৰ কপিলী আঞ্চলিক কলেজ, ডিমাহাচওৰ মাইবঙ কলেজ, কাৰ্বি আংলঙৰ ৰংচিনা কলেজ, ডিমা হাচওৰ হাফলং কলেজ, নগাওৰ কামপুৰ কলেজ, নগাঁওৰ ননৈ কলেজ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজ হ’ব৷ ইয়াৰ ফলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজৰ সংখ্যা ১৬৬খনলৈ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজৰ সংখ্যা ১১৫খনলৈ হ্ৰাস পাব৷ অসম বিশ্ববিদ্যালয়ৰ অধীনত ৩৭ খন আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত ১৯খন কলেজ কৰিব৷’