মহকুমাতকৈও সৰু হ’ল জিলা
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ অক্টোবৰঃ বজালী জিলা গঠনক লৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে যেন ল’ৰা ধেমালিহে কৰিছে৷ বজালীক জিলাৰ স্বীকৃতি এবাৰ দিয়া এবাৰ নিয়াৰ প্ৰক্ৰিয়াক লৈ বজালীবাসী ক্ষুব্ধ হৈ থকাৰ সময়তে পূৰ্বৰ বজালী মহকুমাতকৈও সৰুকৈ বজালী জিলা গঠনক লৈ স্বাভাৱিকতে ক্ষুব্ধ হৈ পৰিছে বজালীবাসী৷ বৰপেটা জিলাক দ্বিখণ্ডিত কৰি বজালী জিলা গঠনক লৈ বিগত কেইবামাহ ধৰি উত্তপ্ত হৈ আছে বৰপেটা জিলা৷ ইফালে বজালী জিলা ঘোষণাক লৈ চৰকাৰৰ হোহকা পিছলা ভূমিকাৰ বিৰুদ্ধে সমগ্ৰ বজালীত ক্ষোভৰ উদগীৰণ হৈছে৷ তাৰ মাজতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ কেবিনেটে বজালী জিলা গঠন সন্দৰ্ভত চৰজমিন অধ্যয়ন কৰিবলৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু জয়ন্ত মল্ল বৰুৱাক লৈ এখন কেবিনেট উপ-সমিতি গঠন কৰি দিয়ে৷ কিন্তু কেবিনেট উপ-সমিতিয়ে বৰপেটা-বজালী ভ্ৰমণ নকৰাকৈ দাখিল কৰে কেবিনেট উপ-সমিতিৰ প্ৰতিবেদন যি প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আকাৰত মহকুমাতকৈ সৰু কৰি গঠন কৰা হয় বজালী জিলা৷ বজালী মহকুমাত আছিল ১৭১ খন গাঁও৷ আনহাতে বজালী জিলাত অন্তৰ্ভুক্ত কৰা হৈছে মাত্ৰ ১২১খন গাঁও৷
‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদকঃ ৰাজ্য চৰকাৰক যেন বিশ্বাসত লব পৰা নাই বজালী জিলাৰ ৰাইজে৷ কেবিনেটত বজালীৰ এটা সমষ্টিক লৈ বজালীক জিলা ঘোষণা কৰিলে যদিও কাৰ্যতঃ ৰাইজৰ মাজত নাই কোনো আনন্দ উল্লাস৷ ইয়াৰ বিপৰীতে ক্ষোভ আৰু অভিমানত যেন সকলোৱে এতিয়াও চৰকাৰৰ চূড়ান্ত সিদ্ধান্তৰ অপেক্ষাত আছে৷ কালি অসম কেবিনেটে বজালীক পুনৰবাৰ জিলা ঘোষণা কৰাৰ পিছতে বজালীত কি কি সমষ্টি অন্তৰ্ভুক্ত কৰা হ’ব সেই সন্দৰ্ভত বজালী ৰাইজৰ মাজত চলি আছে বহুতো জল্পনা কল্পনা৷ আনহাতে ৰাজ্য চৰকাৰে নিৰ্বাচিত কৰি দিয়া কেবিনেট উপ সমিতিয়ে কোনো এটা সমষ্টিৰে ৰাইজৰ মতামত নোলোৱাকৈ মাত্ৰ এটা সমষ্টিক লৈ বজালী জিলা ঘোষণা কৰা কাৰ্যত ৰাইজ ক্ৰোধিত হৈ পৰিছে৷ কালি সন্ধিয়াৰে পৰা বজালীৰ বিভিন্ন প্ৰান্তৰ ৰাইজে চৰকাৰৰ এই অপৈনত সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে বিভিন্ন ঠাইত বিভিন্ন ধৰণে প্ৰতিবাদ প্ৰদৰ্শন কৰি আছে৷ উল্লেখ্য, পূৰ্বৰ বজালী মহকুমা উন্নীত হৈছিল বজালী জিলালৈ৷ কিন্তু কেৱল ৰাজনৈতিক স্বাৰ্থত ৰাইজৰ আবেগ অনুভূতিক জলাঞ্জলি দি সমষ্টি পুনঃ নিৰ্ধাৰণৰ কৰাৰ পিছত জিলাখনক লৈ যি খেলি মেলি লাগিল তাৰ পিছতে সকলোৱে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক সমালোচনাৰে তুলা-ধুনা দি কয় যে মন্ত্ৰীজনৰ ভুলৰ বাবেই বজালী জিলাক লৈ বিপাঙত পৰিছে ৰাজ্য চৰকাৰ৷ আজি এই অভিযোগ বিজেপিৰ বজালী জিলা সমিতিৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন ছাত্ৰ নেতা ফণী পাঠকৰ৷ তেওঁ কয় যে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বজালীৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে৷ বৰপেটা ৰোড, সৰভোগ, হাউলী, ভৱানীপুৰ আদি অঞ্চলৰ ৰাইজক ৰাজনৈতিক মেৰপেচত সোমাই কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বাৰে বাৰে লজ্জিত হ’বলগীয়া হৈছে বজালীবাসী৷ প্ৰথমে পূৰ্বৰ বজালী মহকুমাৰ অন্তৰ্গত স্থানসমূহ বাদ নপৰাকৈ বজালী জিলা গঠন কৰক তাৰ পিছত বাকী অঞ্চলৰ ৰাইজৰ মতামত গ্ৰহণ কৰি সেই অঞ্চলক বজালী জিলাত অন্তৰ্ভুক্ত কৰক৷ আনহাতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বজালী পূৰ্ণাংগ জিলা হোৱাৰ বাবে দাবী জনাব নোৱাৰাটো দুৰ্ভাগ্যজনক৷ ইপিনে বজালী জিলাক লৈ চৰকাৰে চাৰিখনকৈ কেবিনেটত সুস্থিৰ সিদ্ধান্ত ল’ব নোৱাৰাটো দুৰ্ভাগ্যজন বুলি মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক মৃদুল তালুকদাৰে৷ তেওঁ কয়– বজালী জিলাৰ প্ৰাপ্যৰ দাবীত আকৌ জোৰদাৰ আন্দোলন হ’ব৷ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত পুঠিমাৰিত আজি সন্ধিয়া এখন প্ৰতিবাদী পথ সভাত অংশগ্ৰহণ কৰি বিষয়টো সন্দৰ্ভত চৰকাৰক আকৌ বিবেচনা কৰাৰ আহ্বান জনায়৷ অন্যথা আহি থকা দিনত শাসক পক্ষই তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব বুলি যুৱ ছাত্ৰ নেতাজনে হুংকাৰ দিয়ে৷ আনহাতে সত্ৰাধিকাৰ মথুৰামোহন তালুকদাৰে ৰাইজৰ এজন সেৱক হিচাপে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় এতিয়া চৰকাৰৰ প্ৰায় সংখ্যক কামতে এক অস্তিৰতা বিৰাজ কৰা পৰিলক্ষিত হৈছে৷ আন মন্ত্ৰীৰ লগত মুখ্যমন্ত্ৰীৰ কথাৰ মিল নাই৷ এনেকুৱা হ’লে প্ৰশাসন যন্ত্ৰটো ঠিক মতে চলাটো সম্ভৱ হ’ব জানো৷ ভৱানীপুৰ-সৰভোগ সমষ্টিৰ বহু ৰাইজে বজালী জিলাত থাকিম বুলি কোৱাৰ পিছতো তেওঁলোকে কিয় বাৰে বাৰে সিদ্ধান্ত সলনি কৰিবলগীয়া হৈছে৷ আনহাতে বজালী জিলা সুৰক্ষা সমিতিয়ে আজি সন্ধিয়া পাঠশালা নাট্যমন্দিৰত এখন জৰুৰী সভা অনুষ্ঠিত কৰি বজালী জিলা সন্দৰ্ভত চৰকাৰৰ এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ দাবী জনাই পৰৱৰ্তী সময়ত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে৷ ইপিনে হস্তিনাপুৰ আঞ্চলিক ছাত্ৰ সন্থায়ো বজালীৰ পৰা ভৱানীপুৰক কৰ্তন কৰা চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি চৰকাৰক সিদ্ধান্ত সলনি কৰিবলৈ দাবী জনায়৷
ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিক বজালী জিলাত অন্তৰ্ভূক্ত কৰাৰ দাবী
‘আমাৰ অসম’ৰ ভৱানীপুৰৰ প্ৰতিবেদকঃ ৰাজ্যিক কেবিনেটত বজালী সমষ্টি এলেকাক লৈ বজালী জিলা গঠনৰ সিদ্ধান্তক কেন্দ্ৰ কৰি ভৱানীপুৰ-সৰভোগ সমষ্টিৰ বৃহত্তৰ ভৱানীপুৰ-সৰুপেটা এলেকাৰ ৰাইজৰ মাজত চৰকাৰৰ বিৰুদ্ধে প্ৰতিক্ৰিয়ামূলক চৰ্চা হৈছে৷ উল্লেখ্য, সমষ্টি পুনৰ নিৰ্ধাৰণত ভৱানীপুৰ-সৰভোগ সমষ্টিৰ অন্তৰ্গত পূৰ্বৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ বৃহৎ এলেকাত বসবাস কৰা ৰাইজ বজালী জিলা গঠনক লৈ চৰকাৰৰ অস্পষ্ট সিদ্ধান্তক লৈ ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে৷ বৰ্তমানৰ ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ভৱানীপুৰ-সৰুপেটা অঞ্চলৰ ৰাইজে বিচাৰিছে অঞ্চলটো বজালী জিলাৰ অন্তৰ্ভুক্ত হ’ব লাগে৷ তদুপৰি ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিক সম্পূৰ্ণভাৱে বজালী জিলাত অন্তৰ্ভূক্ত কৰাৰ পোষকতা কৰিছে ৰাইজে ৰাইজৰ বৃহত্তৰ স্বাৰ্থত৷ বজালী জিলা গঠনক লৈ চৰকাৰৰ অস্পষ্ট সিদ্ধান্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিক বজালী জিলাত অন্তৰ্ভূক্ত কৰাৰ জোৰদাৰ দাবী উত্থাপন কৰিছে ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাই৷ ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অংকুৰ তালুকদাৰ আৰু সাধাৰণ সম্পাদক তপন মেধিয়ে অসম চৰকাৰক চোকা সমালোচনা কৰি কয়– বজালী জিলা গঠনক লৈ তথা ভৱানীপুৰ-সৰভোগ সমষ্টিক বজালী জিলাত অন্তৰ্ভূক্তিক লৈ চৰকাৰে কৰা ল’ৰা-ধেমালিত চৰম অপমানিত হৈছোঁ আৰু স্তম্ভিত হৈছোঁ৷ চৰকাৰৰ এনেধৰণৰ অবিবেচকী কাণ্ডত অঞ্চলটোৰ ৰাইজক চৰম অস্বস্তিত পেলাইছে৷ যাৰ ফলত অঞ্চলটোৰ শৈক্ষিক, সামাজিক পৰিবেশ বিনষ্ট হোৱাৰ উপক্ৰম হৈছে৷ ৰাইজে তথা ছাত্ৰ-ছাত্ৰীয়ে যাবতীয় দৈনন্দিন প্ৰশাসনিক কাম-কাজ কৰাৰ ক্ষেত্ৰত চৰম অনিশ্চয়তাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ মাহেকে-পষেকে জিলাৰ ঠিকনা সলনি কৰিবলগীয়া হোৱাটো অঞ্চলটোৰ ৰাইজৰ বাবে চৰম দুৰ্ভাগ্যজনক আৰু অপমানজনক৷ ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে- এই অপমান কেৱল আমাৰ বাবেই নহয়৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ-মাধৱদেৱৰ একান্ত অনুগামী ভৱানীপুৰীয়া গোপালদেৱ আতাৰ প্ৰতি অপমান, অসমৰ প্ৰথম মহিলা কবি গোপালদেৱ আতাৰ দুহিতা আই পদ্মপ্ৰিয়াৰ প্ৰতি অপমান৷ ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতি অপমান হিছাপে বিবেচিত হৈছে৷ অঞ্চলটোৰ শান্তিপূৰ্ণ পৰিবেশ অটুট ৰখাৰ স্বাৰ্থত তথা সামগ্ৰীক উন্নয়নৰ বাবে ভৱানীপুৰ-সৰভোগ সমষ্টিক বজালী জিলাত অন্তৰ্ভূক্ত কৰাৰ লগতে বজালী জিলাৰ উপ জিলাৰ সদৰ ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ নামত ভৱানীপুৰত স্থাপনৰ দাবী উত্থাপন কৰিছে ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাই৷ ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ দাবী চৰকাৰে মানি নল’লে অনাগত দিনত ৰাইজৰ সহযোগত বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিছে ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাই৷ ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিক বজালী জিলাত অন্তৰ্ভূক্ত কৰাৰ বাবে বৃহত্তৰ ভৱানীপুৰ-সৰুপেটা সৰুপেটা অঞ্চলৰ ৰাইজে বিচাৰিছে৷ এই সন্দৰ্ভত সামাজিক মাধ্যমতো ব্যাপক চৰ্চাৰে সৰব হোৱা দেখা গৈছে ৰাইজে৷