Logo
image

প্ৰেম নে গুপ্তচৰ!আলফা শিবিৰত দুই নেতাক মৃত্যুদণ্ড

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ অক্টোবৰঃ স্বাধীন অসমৰ সপোন বুকুত বান্ধি এদিন আলফা স্বাধীনত যোগদান কৰা দুই তেজাল অসমীয়াই ত্যাগৰ মূল্য হিচাপে লাভ কৰিলে চৰম শাস্তি মৃত্যুদণ্ড৷ ১-২ বছৰ নহয়, সুদীৰ্ঘ ৩৫ টা বসন্ত সংযুক্ত মুক্তি বাহিনীক জীৱনৰ সৰ্বস্ব দিয়া জ্যেষ্ঠ নেতাকো সংগঠনৰ সতীৰ্থই নিজ হাতে গুলীয়াই মৃত্যুৰ শাস্তি প্ৰদান কৰিলে৷ আনকি মাত্ৰ দুবছৰ পূৰ্বে সন্তান আৰু স্বামীক ঘৰতে এৰি থৈ আলফাত যোগদান কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী খেলুৱৈকো মৃত্যুদণ্ডৰ শাস্তি বিহিলে পৰেশ বৰুৱাৰ নেতৃত্বাধীন বিদ্ৰোহী সংগঠনটোৱে৷ সংবিধান বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগতে আলফা স্বাধীনৰ সাধাৰণ বিচাৰপীঠে মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে সংগঠনটোৰ নিম্ন পৰিষদৰ উপ-সভাপতি তথা ব্ৰিগেডিয়াৰ লাচিত হাজৰিকা ওৰফে এ জেদ শিৰোনাম ওৰফে ছেলিম আৰু পি টি ই নয়নমণি চেতিয়া ওৰফে বৰ্ণালী চেতীয়া ওৰফে ইহম চেতীয়াক৷ বিগত ২০ ছেপ্টেম্বৰত দুয়োজন আলফা কেডাৰকে ম্যানমাৰৰ শিবিৰত শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে সতীৰ্থ আলফা সদস্যই৷ অৱশ্যে ২০ ছেপ্টেম্বৰতে আলফা কেডাৰদ্বয়ক হত্যা কৰিলে যদিও পৰেশ বৰুৱাই ইমান দিনে বিষয়টো গোপনে ৰাখিছিল৷ কিন্তু দেওবাৰে অৰুণাচল-ম্যানমাৰ সীমান্তত আছাম ৰাইফলছৰ খুনছা বেটেলিয়নৰ হাতত গ্ৰেপ্তাৰ হোৱা আলফা নেতা মনজিৎ গগৈ ওৰফে নিলোৎপল অসমে এই ভয়ংকৰ তথ্য ফাদিল কৰে৷ আলফাৰ ম্যানমাৰৰ শিবিৰৰ পৰা পলাই অহা মনজিৎ গগৈ আৰু ৰোহিনী গগৈ ওৰফে উপেন অসম নামৰ কেডাৰদ্বয়ে সেনা-আৰক্ষীৰ জেৰাত এই কথা সদৰী নকৰা হ’লে হয়টো আলফাই এই ভয়ংকৰ শাস্তিৰ কথা গোপনে ৰাখিলেহেঁতেন৷ আলফা স্বাধীনে সতীৰ্থ কেডাৰক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰাৰ কথা এয়াই নতুন নহয়৷ ইয়াৰ পূৰ্বে তথাকথিত বিচাৰৰ নামত আন কেইবাজনো তেজাল অসমীয়া যুৱকক বুকুত গুলীয়াই হত্যা কৰিছিল৷ তথ্য অনুসৰি বিদ্ৰোহী সংগঠনটোৱে বিগত বৰ্ষৰ মে’ মাহত সেনা-আৰক্ষীৰ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত একপক্ষীয় বিচাৰ কৰি বৰপেটাৰ ধনজিৎ দাস আৰু বাইহাটাৰ সঞ্জীৱ শৰ্মা নামৰ যুৱকদ্বয়ক ম্যানমাৰৰ শিবিৰতে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল৷ এই ঘটনাৰ মাত্ৰ দুটা মাহৰ পাছতেই অৰ্থাৎ ২০২২ বৰ্ষৰ ৩০ আগষ্টত আলফা স্বাধীনে শিবিৰৰ পৰা পলায়নৰ চেষ্টা চলোৱা গোৱালপাৰাৰ ছাইফুল ইছলাম ওৰফে ৰিহণ অসম নামৰ কেডাৰজনকো গুলীয়াই মৃত্যুদণ্ডৰ শাস্তি দিছিল৷ আনকি বিগত বৰ্ষত আলফাৰ শিবিৰৰ পৰা পলায়ন কৰি তিনিচুকীয়া সন্তোষ লামা নামৰ এজন কেডাৰে শিবিৰত বিজু গগৈ ওৰফে ভাগ্য অসম নামৰ ছাত্ৰ নেতাজনকো মৃত্যুদণ্ড দিয়া বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছিল৷ অৱশ্যে সেই সময়ত পৰেশ বৰুৱাই বিজু গগৈ ওৰফে ভাগ্য অসমে আত্মহত্যা কৰা বুলিহে দাবী কৰা দেখা গৈছিল৷ কিন্তু এইবাৰ পুনৰ বিদ্ৰোহী সংগঠনটো এজন জ্যেষ্ঠ নেতা ব্ৰিগেডিয়াৰ এ জেদ শিৰোনাম আৰু দুবছৰ পূৰ্বে যোগদান কৰা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং খেলুৱৈকে তথাকথিত বিচাৰৰ নামত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰাক লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কলেজত পঢ়ি থকা অৱস্থাতে ১৯৮৯ চনতে তেতিয়াৰ আলফা নেতা প্ৰদীপ ঢেকীয়াল ফুকনৰ হেঁচাত লখিমপুৰৰ সান্দহখোৱাৰ লাচিত হাজৰিকাই আলফাত যোগদান কৰাৰ বিপৰীতে ২০২১ চনৰ ১২ নৱেম্বৰত তিনিচুকীয়াৰ চাংমাই গাঁৱৰ এটি পুত্ৰ সন্তানৰ মাতৃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক্‌ বক্সাৰ নয়নমণি চেতিয়া ওৰফে ইহম চেতিয়াই আলফাত যোগদানৰ খবৰ প্ৰচাৰ হৈছিল৷ দুয়োগৰাকী কেডাৰক মৃত্যুদণ্ডৰ চাঞ্চল্যকৰ তথ্য আৰক্ষীৰ আগত স্বীকাৰ কৰি আলফাৰ ম্যানমাৰ শিবিৰৰ পৰা পলাই আহি আছাম ৰাইফলছৰ হাতত ধৰা দিয়া নুমলীগড়ৰ মনজিৎ গগৈয়ে সদৰী কৰা আনুসৰি আলফা শিবিৰত জেম্‌ছ নামৰ এজন কেডাৰৰ বিৰুদ্ধে বৰ্ণালী অসমে এ জেদ শিৰোনামক অভিযোগ দিয়াৰ পাছতে এ জেদ শিৰোনামে মাৰধৰ কৰিছিল জেম্‌ছক৷ এগৰাকী আলফা কেডাৰৰ অভিযোগৰ ভিত্তিত এজন সতীৰ্থক শীৰ্ষ নেতা এ জেদ শিৰোনামে মাৰধৰ কৰা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে৷ স্বাভাৱিকতে এতিয়া এ জেদ শিৰোনাম আৰু বৰ্ণালী অসমৰ প্ৰেমৰ সম্পৰ্ক আছিল নেকি বুলিও চৰ্চা লাভ কৰিছে৷ অৱশ্যে আলফা নেতৃত্বই প্ৰত্যক্ষভাৱে এই কথা স্বীকাৰ নকৰিলেও সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত মহিলা সৈনিকৰ দ্বাৰা সতীৰ্থক ব্লেকমেইল কৰা বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে৷ তদুপৰি আলফা নেতৃত্বই মৃত্যুদণ্ড বিহা কেডাৰদ্বয়ে সেনা-আৰক্ষীৰ গুপ্তচৰৰ ভূমিকা গ্ৰহণ কৰা বুলিও আন এক গুৰুতৰ অভিযোগ তুলিছে৷ ইফালে, আলফা শিবিৰৰ পৰা পলায়ন কৰি আহি আছাম ৰাইফল্‌ছৰ ওচৰত ধৰা দিয়া আলফা কেডাৰ মনজিৎ গগৈয়ে সদৰী কৰা অনুসৰি– ‘যেতিয়া মাইকেল অসমৰ ঘৰৰ পৰা দুজন সৈনিক পলাই গ’ল, তেতিয়া খেতিত কাম কৰিবলৈ মানুহ নোহোৱা হোৱাত শিবিৰত থকা ছোৱালী কেইজনীক নি খেতিৰ কাম কৰিবলগীয়া হ’ল৷ খেতিত কাম কৰোতে আলফা নেতা জেমছৰ লগত কাৰোবাৰ কিবা সংঘাত হৈছিল নেকি সেয়া আমি নাজানো৷ কিন্তু ছোৱালী কেইজনী অহাৰ পাছত বৰ্ণালী অসমে এ জেদ শিৰোনামক জেমছৰ বিৰুদ্ধে কিবা অভিযোগ দিছিল৷ এই অভিযোগৰ পাছতেই বিচাৰ পাতিবলগীয়া হ’ল৷ বিচাৰ পাতিবলগীয়া হোৱাত জেমছক বিচাৰলৈ মতা হৈছিল৷ যিদিনা বিচাৰৰ বাবে মাতিছিল সেইদিনা বুদ্ধ পূৰ্ণিমা আছিল৷ সেইদিনা বিচাৰ কক্ষতে এ জেদ শিৰোনামে জেমছক মাৰধৰ কৰে৷ মাৰধৰ কৰাত এ জেদ শিৰোনামক গ্ৰেপ্তাৰ কৰা হ’ল৷ বন্দী কৰাৰ পাছত সংগঠনৰ ডাঙৰ ডাঙৰ সকলো বিষয়ববীয়াক শিবিৰলৈ মতা হ’ল৷ জ্যেষ্ঠ নেতা নয়ন অসম, অৰুণোদয় অসম গোট খাই পৰেশ বৰুৱাৰ লগত আলোচনা কৰি কি পালে আমি নাজানো৷ পাছত ২৩ ছেপ্টেম্বৰৰ ৰাতিপুৱা আমাক ফিল্ডত একগোট হ’বলৈ দি এ জে শিৰোনাম আৰু বৰ্ণালীৰ ওপৰত অভিযোগ আছে বুলি জানিবলৈ দিয়ে৷ এ জেদ শিৰোনামৰ বিৰুদ্ধে ১৭টা অভিযোগনামা পাঠ কৰে৷ পাঠ কৰি কয় যে এ জে শিৰোনামক মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰা হৈছে আৰু এ জেদ শিৰোনামে কিবা ক’বলগীয়া থাকিলে ১ মিনিটৰ ভিতৰত ক’ব পাৰিব বুলি কয়৷ কিন্তু এ জেদ শিৰোনামে সেই সময় ব্যৱহাৰ নকৰি একো ক’বলৈ নাই বুলি ক’লে৷ তেতিয়া দুজনমান সৈনিকে এ জেদ শিৰোনামক শিবিৰৰ তললৈ লৈ যায়৷ য’ত আগদিনাই গাঁত খান্দি ৰখা হৈছিল৷ পাছত আমি গুলীৰ শব্দহে শুনিছিলো৷ ইয়াৰ পাছত বৰ্ণালী অসমকো ফিল্ডত থিয় কৰোৱা হৈছিল৷ বৰ্ণালী অসমৰ বিষয়ে কোৱা হ’ল যে বৰ্ণালী অসমৰ বিৰুদ্ধে আগতেও কেইবাটাও গোচৰ আছে৷ পূৰ্বে কেইবাবাৰো শপতনামাত দ্বিতীয়বাৰ এনে ভুল নকৰো বুলি চহী কৰি থৈছে৷ তাৰ পাছতো বাৰে বাৰে ভুল কৰি আছে আৰু সংবিধান উলংঘন কৰিছে৷ সেইবাবে বৰ্ণালী অসমক নীতিগত আৰু বিধিগতভাৱে মৃত্যুদণ্ডৰ শাস্তি দিয়া হৈছে৷ বৰ্ণালীকো কথা ক’বলৈ ১ মিনিট সময় দিছিল যদিও তেওঁ সেই সময় ব্যৱহাৰ কৰা নাছিল৷ তেওঁকো গাঁত খান্দি থোৱা স্থানলৈ লৈ যায় আৰু পাছত আমি গুলীৰ শব্দ শুনা পাওঁ৷ ইয়াৰ পাছত সকলোকে এ জেদ শিৰোনাম আৰু বৰ্ণালী অসমক মৃত্যুদণ্ড দিয়া হৈছে বুলি জানিবলৈ দি সমাধি মাটিৰে পুতি পেলোৱাৰ কথাও সদৰী কৰে৷ তীব্ৰজিৎ অসমে জাননীখন পাঠ কৰে৷’ স্বাভাৱিকতেই ম্যানমাৰ শিবিৰত আলফা নেতৃত্বই লাচিত হাজৰিকা ওৰফে ছেলিম আৰু নয়নমণি শইকীয়া ওৰফে বৰ্ণালী অসমক মৃত্যুদণ্ডৰ খবৰ বিয়পি পৰাত দুয়োগৰাকী আলফা কেডাৰৰ পৰিয়ালত শোকাকুল পৰিস্থিতিৰ সৃষ্টি হয়৷ দুয়োগৰাকী কেডাৰৰ পৰিয়ালৰ লোকে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক স্থিতি স্পষ্ট কৰাৰ বাবেও দাবী জনায়৷ আলফাই তথাকথিত বিচাৰৰ নামত দুজন তেজাল অসমীয়াক হত্যা কৰাৰ কাৰ্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত অৱশেষত মৃত্যুদণ্ডৰ শাস্তিৰ কথা স্বীকাৰ কৰে বিদ্ৰোহী সংগঠনটোৰ নেতৃত্বই৷ ‘আমাৰ অসম’লৈ এটা ই-মেইল বিবৃতি প্ৰেৰণ কৰি আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে এই সন্দৰ্ভত কয়– অসমৰ থলগিৰি জনগণক জনোৱা হয় যে, ‘‘সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]’’ সংগঠনৰ নিম্ন পৰিষদৰ প্ৰাক্তন উপ সভাপতি ব্ৰিগেডিয়াৰ এ. জেদ. শিৰোনাম অসম ওৰফে লাচিত হাজৰিকা আৰু প্ৰাক্তন পি. টি. ই বৰ্ণালী অসম ওৰফে নয়নমণি চেতিয়াই সংগঠনৰ সংবিধান আৰু নীতি-আদৰ্শক চূড়ান্তভাৱে অৱমাননা কৰি ভাৰতীয় চোৰাংচোৱা বাহিনীক সহযোগ কৰা, মহিলা সৈনিকৰ দ্বাৰা সতীৰ্থক ভীতি-দোহন ব্লেকমেইলিং কৰি শত্ৰুপক্ষৰ ওচৰত অস্ত্ৰসহ আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰোৱা, শিবিৰৰ পৰা পলায়ন কৰা সদস্য আটক হোৱাৰ পাছত বুজনি দিয়াৰ পৰিবৰ্তে বাদ-বিচাৰ নকৰাকৈ তথা বিচাৰ সদনত উপস্থিত নকৰোৱাকৈ আটক কৰা স্থানত অনুমতিবিহীনভাৱে হত্যা কৰি অসম আৰক্ষীৰ দৰে ভুৱা সংঘৰ্ষত মৃত্যু হোৱা বুলি ঊদ্ধৰ্তম কতৃৰ্পক্ষক ভুল তথ্য দি সংগঠনক বিপথে পৰিচালিত কৰা,  চেতিয়া আৰু দেউৰী উপাধিৰ অসম আৰক্ষী অধীক্ষক পৰ্যায়ৰ শীৰ্ষ বিষয়া আৰু ভাৰতীয় সেনা বিষয়াৰ দ্বাৰা প্ৰভাৱিত হৈ মৃত্যুদণ্ড প্ৰাপ্ত দুয়োগৰাকীয়ে জানি-বুজি সংগঠনৰ অস্ত্ৰ-শস্ত্ৰ, ৰেডিঅ আদি বিকল কৰি ধবংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা, বিনা বিচাৰ তথা ঊদ্ধৰ্তম কতৃৰ্পক্ষৰ অনুমতিৰ অবিহনে সৰু সৰু কথাত সদস্য-সদস্যা সকলক নিষিদ্ধ বেত্ৰাঘাতৰ দৰে শাৰীৰিক উৎপীড়ন চলোৱা আৰু ভিত্তিহীন কথা শিবিৰত প্ৰচাৰ কৰা, সৈনিক সদস্যা সকলক ভীতি-দোহন ব্লেকমেইলিং কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰা, দুয়োজনে মিলি শিবিৰত মতানৈক্য আৰু বিভেদ সৃষ্টি কৰি বাকী সদস্য-বিষয়া সকলক বশ কৰাৰ অভিসন্ধিত লিপ্ত হোৱা,  সংগঠনে ব্যৱহাৰ কৰা গোপন পথসমূহৰ তথ্য শত্ৰুপক্ষক যোগান ধৰা, নতুন সদস্যক পলায়নৰ বাবে অনুপ্ৰাণিত কৰাৰ লগতে গোপন পথ আৰু অন্যান্য সুবিধা সমূহ প্ৰদান কৰা, শিবিৰৰ এক বৃহৎ দলক একত্ৰিত্ব কৰি অস্ত্ৰ-শস্ত্ৰসহ শত্ৰুপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ যো-জা চলোৱা কে আদি কৰি সোতৰটাকৈ অধিক গুৰুতৰ অপৰাধ সংঘটিত কৰাত যোৱা ইংৰাজী ৩০ আগষ্টত এ. জেদ. শিৰোনাম অসমক গ্ৰেপ্তাৰ কৰা হয়৷ পৰৱৰ্তী সময়ত উচ্ছ পৰিষদৰ উপ সভাপতি লেঃ জেঃ মাইকেল অসম, নিম্ন পৰিষদৰ সভাপতি মেঃ জেঃ নয়ন অসম আৰু নিম্ন পৰিষদৰ সাধাৰণ সম্পাদক ব্ৰিগেডিয়াৰ অৰুণোদয় অসম নেতৃত্বত বিচাৰ সদন আৰম্ভ হয় আৰু সেই সদনতেই অভিযুক্তই সকলো অপৰাধ নিজমুখে স্বীকাৰ কৰে লগতে বৰ্ণালী অসমো তেওঁৰ পৰিকল্পনাৰ মূল অংশীদাৰি বুলি স্বীকাৰ কৰাত যোৱা ইংৰাজী ৯ ছেপ্টেম্বৰত বৰ্ণালী অসমক গ্ৰেপ্তাৰ কৰি জেৰা কৰা হয়৷ উক্ত জেৰা কালত অসম আৰক্ষী আৰু সেনা বাহিনীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ কথা বৰ্ণালী অসমে নিজে স্বীকাৰ কৰি অপৰাধৰ সত্যতা প্ৰমাণিত কৰাত সংগঠনৰ বিচাৰ সদনৰ দ্বাৰা যোৱা ইংৰাজী ১৮ ছেপ্টেম্বৰত মৃত্যুদণ্ডৰ নিৰ্দেশনা জাৰি কৰা হয়৷ এ. জেদ. শিৰোনাম অসমে ২০১৮ চনত টাগাৰ চলন্ত মুখ্য কাৰ্য্যালায়তো বিভিন্ন ধৰণৰ অপকৰ্মত লিপ্ত হোৱাৰ বাবে এবছৰৰ সশ্ৰম শাস্তি প্ৰদান কৰি খিতাপ অৱনমন কৰা হৈছিল৷ আনহাতে প্ৰাথমিক সামৰিক প্ৰশিক্ষণৰ মাজভাগত বৰ্ণালী অসমে এক জঘন্য অপৰাধ সংঘটিত কৰিছিল৷ দুয়োৱে বিগত সময়ত কৰা অপৰাধৰ আত্মসংশোধনৰ বাবে একাধিকবাৰ সুযোগ প্ৰদান কৰা হয় যদিও পুনঃ পুনঃ সংগঠন বিৰোধী কাৰ্য্যত লিপ্ত থকাৰ বাবে সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনৰ সাধাৰণ বিচাৰপীঠে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি বিগত ২০ ছেপ্টেম্বৰত দুয়োকে মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়৷’ অৱশ্যে, আলফা স্বাধীনে সংবিধান বিৰোধী কাৰ্যৰ বাবে দুয়োগৰাকী সদস্যকে মৃত্যুদণ্ডৰ চৰম শাস্তি প্ৰদান কৰা বুলি প্ৰকাশ কৰিলেও ইয়াৰ অন্তৰালত প্ৰেমজনিত এক সংঘাত থকা বুলিও চোৰাংচোৱাই দাবী কৰিছে৷ তদুপৰি জ্যেষ্ঠ নেতা এ জেদ শিৰোনাম ওৰফে ছেলিমৰ সৈতে কৰ্নেল তীব্ৰজিৎ অসমৰ দীৰ্ঘদিনৰ পৰা সংঘাত চলি থকাৰ লগতে কৰ্নেল তীব্ৰজিতে ব্ৰিগেডিয়াৰ এ জেদ শিৰোনামৰ বিৰুদ্ধে বিভিন্ন ষড়যন্ত্ৰ ৰচিছিল বুলিও চৰ্চা চলিছে৷ লেঃ জেনেৰেল মাইকেল ডেকা ফুকন আৰু ব্ৰিগেডিয়া অৰুণোদয় দহোটীয়াৰে ঘনিষ্ঠ সম্পৰ্ক থকা কৰ্ণেল তীব্ৰজিৎ অসমৰ ষড়যন্ত্ৰৰ বাবেই পাকিস্তান আৰু বাংলাদেশত সামৰিক প্ৰশিক্ষণ গ্ৰহণ কৰা জ্যেষ্ঠ নেতা লাচিত হাজৰিকাক হত্যা কৰা হ’ব বুলিও চোৰাংচোৱাই দাবী কৰিছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং খেলুৱৈ নয়নমণি চেতিয়াই ২০১৩ বৰ্ষত এজন আত্মসমৰ্পণকাৰী আলফা কেডাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ নয়নমণি এটি সাত বছৰীয়া পুত্ৰ সন্তান মাতৃ যদিও তিনিচুকীয়াত হোমগাৰ্ড হিচাপে কৰ্মৰত স্বামীৰ সৈতে বৰ ভাল সম্পৰ্ক নাছিল৷ অৱশ্যে  ২০২১ চনত আলফাত যোগদান কৰা নয়নমণিৰ সৈতে ম্যানমাৰৰ শিবিৰতে  ২০২২ চনত ‘প্ৰেম’ৰ সম্পৰ্ক গঢ়ি উঠিছিল আলফা কেডাৰ মৰাণৰ নাহৰণিৰ বিজু বাপ্তী ওৰফে প্ৰিয়ব্ৰত অসমৰ সৈতে৷ কিন্তু এই অবৈধ সম্পৰ্কৰ তথ্য পোহৰলৈ অহাৰ পাছতেই আলফা নেতৃত্বই বিচাৰ বহুৱাই শাস্তি প্ৰদান কৰিছিল আলফা নেত্ৰী নয়নমণি ওৰফে বৰ্ণালী চেতিয়াক৷ সেই সময়ত বৰ্ণালী চেতিয়াক ম্যানমাৰৰ শিবিৰত গছত বান্ধি শাস্তি প্ৰদান কৰিছিল৷ অৱশ্যে আলফাৰ বিচাৰত কঠোৰ শাস্তিৰ  সন্মুখীন হোৱাৰ ভয়তেই সেই সময়ত অৰ্থাৎ  ২০২২ চনৰ ডিচেম্বৰ মাহত বিজু বাপ্তী ওৰফে প্ৰিয়ব্ৰত অসমে ম্যানমাৰ শিবিৰৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছিল বুলিও চোৰাংচোৱা সূত্ৰই দাবী কৰিছে৷ ইফালে আলফা শিবিৰত তথাকথিত বিচাৰৰ নামত দুজন তেজাল অসমীয়াক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জিপি সিঙে৷ সামাজিক মাধ্যমত জিপি সিঙে  উল্লেখ্য কৰিছে এইদৰে– ‘জংঘলৰ পৰা অহা খিলঞ্জীয়া যুৱক-যুৱতীৰ মৃত্যুৰ হৃদয়বিদাৰক খবৰে সকলোকে চিন্তিত কৰিছে৷ অসমৰ যুৱক-যুৱতীসকললৈ মোৰ অনুৰোধ –যিজন ব্যক্ত আৰু সংগঠনৰ বাবে আপোনাৰ জীৱনটো গুৰুত্বপূৰ্ণ নহয়, তাৰ বাবে আপোনাৰ জীৱন নষ্ট নকৰিব৷’ জিপি সিঙে লগতে আলফা নেতৃত্বৰ নাম নোলোৱাকৈ সামাজিক মাধ্যমত প্ৰেছ বিজ্ঞপ্তিৰ ভূমিকা সীমিত  বুলি উল্লেখ কৰি মৃতদেহবোৰ জংঘলৰ পৰা ঘূৰাই পঠিয়াই পৰিয়ালক অন্তিম শ্ৰদ্ধা জনোৱাৰ বাবে সুযোগ দিবলৈ আহ্বান জনায়৷

মৃতদেহ পৰিয়ালক গতাই দিবলৈ দাবী নয়নমণিৰ মাতৃৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তিনিচুকীয়াঃ সতীৰ্থৰ তেজেৰে পুনৰ ৰক্তাক্ত হ’ল আলফাৰ [স্বাধীন] ম্যানমাৰস্থ শিবিৰ৷ স্বাধীন অসমৰ সপোন দেখি প্ৰায় দুবছৰ পূৰ্বে আলফা অভিমুখি হোৱা তিনিচুকীয়াৰ এগৰাকী সুদক্ষ মহিলা কিক বক্সিং খেলুৱৈৰ লগতে আলফাৰ ব্ৰিগেডিয়াৰ পৰ্যায়ৰ এজন জ্যেষ্ঠ নেতাক সংগঠনটোৰ ম্যানমাৰস্থিত শিবিৰত মৃত্যুদণ্ড বিহাৰ বাতৰিয়ে সৰ্বত্ৰ তীব্ৰ আলোড়ন তুলিছে৷ উল্লেখ্য, অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত সোমবাৰে ২ আলফা সদস্যই ৬আছাম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰিছিল৷ আত্মসমৰ্পণকাৰী আলফা সদস্যদ্বয় হৈছে ক্ৰমে নুমলীগড়ৰ মনজিত গগৈ ওৰফে নিলোৎপল অসম আৰু মৰাণৰ ৰোহিনী গগৈ ওৰফে উপেন অসম৷ ম্যানমাৰস্থিত শিবিৰৰ পৰা পলায়ন কৰি আহি আছাম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰা আলফা সদস্যদ্বয়ে জেৰাৰ কালত নিৰাপত্তা বাহিনীৰ আগত কেতবোৰ বিষ্ফোৰক তথ্য সদৰি কৰে৷ তেওঁলোকৰ ভাষ্যৰ পৰাই এই ভয়ংকৰ তথ্য পোহৰলৈ আহে যে আলফাৰ[স্বাধীন] ব্ৰিগেডিয়াৰ পৰ্যায়ৰ নেতা এ জেদ শিৰোনাম অসম ওৰফে লাচিত হাজৰিকা ওৰফে ছেলিম আলিৰ লগতে প্ৰায় দুবছৰ পূৰ্বে নিষিদ্ধঘোষিত সংগঠনটোত যোগদান কৰা তিনিচুকীয়াৰ এগৰাকী সুদক্ষ মহিলা কিক বক্সিং খেলুৱৈ নয়নমণি চেতিয়া ওৰফে বৰ্ণালী অসমক সংগঠনবিৰোধী কাৰ্যত লিপ্ত থকাৰ অপৰাধত ম্যানমাৰত মৃত্যুদণ্ড বিহা হৈছে৷ উল্লেখ্য, স্বয়ম্ভু ব্ৰিগেডিয়াৰ এ জেদ শিৰোনাম অসম ওৰফে লাচিত হাজৰিকা ওৰফে ছেলিম আলি আছিল ২০০৪চনত সংঘটিত শিহৰণকাৰী ধেমাজী কাণ্ডৰ অন্যতম অভিযুক্ত৷ তেওঁৰ ঘৰ আছিল লখিমপুৰৰ বিহপুৰীয়াত৷ আনহাতে, প্ৰায় দুবছৰ পূৰ্বে খেলিবলৈ যোৱাৰ অজুহাতত ঘৰ ত্যাগ কৰি আলফাত যোগদান কৰা নয়নমণি চেতিয়া ওৰফে বৰ্ণালী অসমৰ ঘৰ হ’ল তিনিচুকীয়াৰ চাংমাই গাঁৱত৷ নয়নমণিক মৃত্যুদণ্ড বিহাৰ খবৰ বিয়পি পৰাৰ লগে লগে আজি তেওঁৰ বাসগৃহত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ আলফা অভিমুখি হোৱাৰ পাছৰ পৰা পৰিয়ালৰ কোনো সদস্যৰ সৈতে যোগাযোগ নথকা নয়নমণিৰ মাতৃ আৰু পৰিয়ালৰ আন সদস্যই আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰাৰ লগতে নয়নমণিৰ মৃতদেহ পৰিয়ালক গতাই দিবলৈ আহ্বান জনায়৷

মোৰ ল’ৰাৰ ছালচটা হ’লেও ঘূৰাই দিয়কঃ লাচিতৰ মাতৃ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰঃ আলফা স্বাধীনৰ ম্যানমাৰ শিবিৰত আলফা স্বাধীনে দুজনকৈ সদস্যক মৃত্যুদণ্ড বিহাৰ খবৰে সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰৰ লাচিত হাজৰিকাৰ ঘৰতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এই সন্দৰ্ভত আজি আলফা স্বাধীনে মৃত্যুদণ্ড দিয়া লখিমপুৰ জিলাৰ সান্দহখোৱাৰ লাচিত হাজৰিকাৰ দুৰ্ভগীয়া মাতৃ ইন্দিৰা ভৰালীয়ে কান্দি কান্দি কয় ‘আলফাই মোৰ ল’ৰাৰ ছালচটা হ’লেও ঘূৰাই দিয়ক৷ যদি তেওঁলোকে মোৰ ল’ৰাক খুৱাব-পিন্ধাব নোৱাৰিছিল তেতিয়াহ’লে মোৰ ল’ৰাক তেওঁলোকে আলফালৈ কিয় নিছিল৷ ইমানদিনে আলফাৰ হৈ কাম কৰাৰ পাছত তেওঁক কিয় মৃত্যুদণ্ড দিবলগা হ’ল৷ এই কথা আমি কেতিয়াও মানি ল’ব নোৱাৰোঁ৷ আমাৰ ল’ৰাৰ মৃতদেহ আমাক ঘূৰাই দিবই লাগিব৷’ এই দাবী আলফা স্বাধীনৰ কেডাৰ লাচিত হাজৰিকা ওৰফে চেলিম আলিৰ মাতৃৰ৷ আলফাৰ ম্যানমাৰ শিবিৰত লাচিত হাজৰিকাৰ লগতে এগৰাকী মহিলা কেডাৰক মৃত্যুদণ্ড দিয়া বুলি ওলোৱা খবৰে লাচিত হাজৰিকাৰ পৰিয়ালক উদ্বিগ্ন কৰি তুলিছে৷ উল্লেখ্য, ১৯৮৯চনতে আলফা স্বাধীনত যোগদান কৰা বিহপুৰীয়া সান্দহখোৱাৰ  প্ৰয়াত কলিয়া ভৰালীৰ চতুৰ্থ পুত্ৰ লাচিত হাজৰিকাই দীৰ্ঘদিন আলফাত আছিল যদিও পৰিয়ালৰ লোকে কোনোদিনে নিজঘৰত লাচিত হাজৰিকাক লগ পোৱা নাছিল৷ আজি পৰিয়ালটোৱে সংবাদ মাধ্যমযোগে উক্ত খবৰ লাভ কৰি শোকত ম্ৰিয়মান হৈ পৰিছে৷ এই পৰিয়ালটোৱে এতিয়াও দাৰিদ্ৰতাৰ লগত যুঁজি আহিছে৷ পৰিতাপৰ কথা যে লাচিত হাজৰিকাৰ বাবেই কলিয়া ভৰালীৰ পৰিয়ালটোৱে এটা সময়ত সেনা-আৰক্ষীৰ নিৰ্যাতনৰ বলি হ’বলগা হৈছিল৷ সম্প্ৰতি সৰুপুত্ৰ বিৰেণ হাজৰিকাৰ লগত এটি জুপুৰীসদৃশ গৃহত লাচিত হাজৰিকাৰ মাতৃ ইন্দিৰা ভৰালীয়ে দুখেৰে জীৱন পাৰ কৰি আহিছে৷