নিয়মীয়াকৈ মধুৰি-আম খালেও পাব অনেক উপকাৰ
মধুৰি-আমৰ পৰাও স্বাস্থ্যৰ উপযোগী বহুতো পুষ্টিগুণ পোৱা যায়৷ পকা মধুৰি-আম শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল বুলি গণ্য কৰা হয়৷
তেজ পৰিস্কাৰঃ মধুৰি-আম নিয়মীয়াকৈ খালে তেজ পৰিষ্কাৰ হোৱাৰ ওপৰি হিমগ্ল’বিনৰ পৰিমাণ বৃদ্ধি পায়৷
মুখৰ ঘা, দুৰ্গন্ধ দূৰ কৰেঃ মধুৰি-আমত থকা বিভিন্ন উপাদানে মুখৰ ঘা আদি শুকুৱাত সহায় কৰাৰ উপৰি মুখৰ দুৰ্গন্ধ তথা পায়েৰিয়া আদি ৰোগত মহৌ ঔষধৰ দৰে কাম কৰে৷
হজম শক্তি বৃদ্ধিঃ বদ হজম বা পেটৰ সমস্যাত ভুগিলে পকা মধুৰিৰ ৰস খালে ভাল ফল পাব পাৰি৷
ছালৰ উজ্জ্বলতা বৃদ্ধি কৰেঃ মধুৰি-আমৰ লগতে ইয়াৰ কুমলিয়া পাত পিচি খালে ছালৰ উজ্বলতা বৃদ্ধি পায়৷
গাঁঠিৰ বিষ উপশমঃ গাঁঠিৰ বিষত আক্ৰান্ত হ’লে মধুৰি-আমৰ কুমলিয়া পাতৰ ৰস খালে গাঁঠিৰ বিষৰ পৰা উপশম পাব পাৰি৷
অৰ্শ ৰোগত আক্ৰান্ত হ’লেঃ অৰ্শ তথা পাইলছ ৰোগত আক্ৰান্ত হ’লে কেইবাদিনো মধুৰি-আমৰ ৰস খালে যথেষ্ট সুফল পোৱা যায়৷
মধুৰি-আমৰ কুঁহিপাতৰ সৈতে নিমখ মিহলাই দুই তিনিবাৰ মুখ ধুলে ডিঙিৰ সুৰসুৰণি সহজে দূৰ হয়৷
কৌষ্ঠ কাঠিণ্যৰ পৰা পৰিত্ৰাণ পাবলৈ মধুৰি-আমৰ ৰস দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পুৰ্বে কেইদিনমান নিয়মীয়াকৈ খাব পাৰে৷
মধুৰি-আমৰ ৰসৰ সৈতে কেঁচা হালধিৰ ৰস খালে পেলু হোৱাৰ পৰা হাত সাৰিব পাৰি৷