Logo
image

ডিজিপিৰ নামত ফেচবুকত ভুৱা একাউণ্ট চাইবাৰ অপৰাধীৰ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদকঃ সম্প্ৰতি চাইবাৰ অপৰাধীৰ পৰা মুঠেই সুৰক্ষিত নহয় আৰক্ষীৰ শীৰ্ষ বিষয়া৷ তেনে সময়ত আৰক্ষীয়ে ৰাইজক কি সুৰক্ষা দিব বুলি প্ৰশ্ন উত্থাপন হৈছে৷ গুৱাহাটীত বাহৰ পাতি আন্তঃৰাষ্ট্ৰীয় অনলাইন প্ৰবঞ্চানাৰ জাল পেলোৱা চাইবাৰ অপৰাধক লৈ তদন্ত অব্যাহত থকাৰ সময়তে এইবাৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙৰ নামত ভুৱা একাউণ্ট খুলিলে চাইবাৰ অপৰাধীয়ে৷ সামাজিক মাধ্যম ফেচবুকত দুষ্ট চক্ৰই ডিজিপি জি পি সিঙৰ নামত ভুৱা একাউণ্ট খুলি বিভিন্নজনলৈ মেছেজ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে৷ অৱশ্যে ঘটনাটো সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে বৰ্তমানলৈকে কোনো ধৰণৰ আনুষ্ঠানিক মন্তব্য আগবঢ়োৱা নাই যদিও অসম আৰক্ষীৰ চাইবাৰ বিশেষজ্ঞই ঘটনাটো পৰ্যবেক্ষণ কৰি আছে বুলি জানিব পৰা গৈছে৷