Logo
image

এইবোৰ উপায়েৰে স্মাৰ্টফোনৰ ছাৰ্জ বহু সময়লৈ ৰাখিব পাৰি

স্মাৰ্টফোনটো সকলোৰে বাবে এতিয়া হৈ পৰিছে দৈনন্দিন জীৱনৰ গুৰুত্বপূৰ্ণ অংশ৷ এক কথাত ক’বলৈ গ’লে দিনটোৰ বেছিভাগ কামতেই স্মাৰ্টফোনটোৰ প্ৰয়োজন হয়৷ অধিকাংশ সময় ব্যৱহাৰ কৰি থাকিলে ফোনটোৰ ছাৰ্জ সোনকালে শেষ হৈ যায়৷ সাধাৰণতে ব্যৱহাৰৰ দুবছৰৰ পাছৰ পৰা স্মাৰ্টফোনৰ বেটাৰী সক্ষমতা কমি আহিবলৈ ধৰে৷ এনে ক্ষেত্ৰত দীৰ্ঘসময় সময় ফোনৰ ছাৰ্জ ধৰি ৰাখিবলৈ কিছুমান উপায় জানি থোৱা দৰকাৰ৷ উল্লেখ কৰা হ’ল দীৰ্ঘসময় স্মাৰ্টফোনৰ ছাৰ্জ ৰাখিব পৰা কেইটামান উপায়–
(১) স্মাৰ্টফোনটো অট’ব্ৰাইটনেছ মুডত ৰাখিলে সোনকালে ছাৰ্জ সোনকালে ছাৰ্জ শেষ হয়৷ গতিকে ফোনটোৰ ব্ৰাইটনেছ কমাই ৰাখক অথবা প্ৰয়োজন অনুসৰিহে ব্ৰাইটনেছ ব্যৱহাৰ কৰক৷
(২) পাৱাৰ ছেভিং মুড সদায় অন কৰি ৰাখক৷ ইয়াৰ ফলত অপ্ৰয়োজনীয় এপ্‌ছ আৰু ফাংচনসমূহ বন্ধ হৈ প্ৰয়োজনীয় এপ্‌ আৰু ফাংচনহে চলি থাকিব৷ 
(৩) থাৰ্ড পাৰ্টী এপ্‌ছসমূহ এৰাই চলক৷ বহু সময়ত বিভিন্ন থাৰ্ড পাৰ্টী এপ্‌ছৰ বাবে ফোনৰ ছাৰ্জ সোনকালে শেষ হয়৷ বিভিন্ন প্ৰয়োজনত যদিহে থাৰ্ড পাৰ্টী এপ্‌ছ ব্যৱহাৰ কৰিবলগীয়া হয় তেন্তে ব্যৱহাৰৰ পাছতে সেই এপ্‌ছ ডিলিট কৰক৷ 
(৪) বেকগ্ৰাউণ্ড এপ্‌ছ বন্ধ ৰাখক৷ বহুতৰ ক্ষেত্ৰত অজানিতে কিছুমান এপ্‌ছ বেকগ্ৰাউণ্ডত চলি থাকে৷ ইয়াৰ ফলত ফোনটোৰ ছাৰ্জ ক্ষয় হয়৷ সেয়ে পৰাপক্ষত বেক গ্ৰাউণ্ডত চলি থকা এপ্‌ছসমূহ বন্ধ ৰাখক৷
(৫) স্মাৰ্ট ফোনটোত অতিৰিক্ত ছাৰ্জ নিদিব৷ বহুতে ছাৰ্জ সম্পূৰ্ণ হোৱা পাছতো প্লাগ অন কৰি ৰাখে৷ ইয়াৰ ফলত বেটাৰী দুৰ্বল হ’বলৈ আৰম্ভ কৰে৷ সেয়ে ছাৰ্জ সম্পূৰ্ণ হোৱাৰ লগে লগে ফোনটো আনপ্লাগ কৰক৷ 
(৬) লাইভ ওৱালপেপাৰ ব্যৱহাৰৰ পৰা বিৰত থাকক৷ লাইভ ওৱালপেপাৰ ফাংচন অনবৰতে চলি থাকিলে বেটাৰী খৰচ হৈ থাকে৷ সেয়ে ইয়াৰ পৰা বিৰত থাকক৷