Logo
image

ডিজিপিৰ পিছত এইবাৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ নামত ভুৱা ফেচবুক একাউণ্টঃ বহু লোকক ধন দাবী

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীত বাহৰ পাতি আন্তঃৰাষ্ট্ৰীয়  অনলাইন প্ৰবঞ্চনাৰ জাল পেলোৱা চাইবাৰ অপৰাধক লৈ মহানগৰ আৰক্ষীৰ তদন্ত অব্যাহত থকাৰ সময়তে অসম আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিঙৰ পিছত এইবাৰ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ নামত ফেচবুকত ভুৱা একাউণ্ট খুলি বিভিন্ন জনক ধন দাবী কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ নামত ফেচবুকত ভুৱা একাউণ্ট খুলি চাইবাৰ অপৰাধীয়ে ধন দাবী কৰা ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে তদন্ত চলাই আছে বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণ অনুসৰি ফেচবুকত দুষ্ট চক্রই গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ  নামত ভুৱা একাউন্ট খুলি বিভিন্নজনলৈ মেছেজ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। অৱশ্যে ঘটনাটো সন্দৰ্ভত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই বর্তমানলৈকে কোনোধৰণৰ আনুষ্ঠানিক মন্তব্য আগবঢ়োৱা নাই যদিও অসম আৰক্ষীৰ চাইবাৰ বিশেষজ্ঞই ঘটনাটো পৰ্যবেক্ষণ কৰি আছে বুলি জানিব পৰা গৈছে। সম্প্ৰতি কেৱল সাধাৰণ জনতাই নহয়, চাইবাৰ অপৰাধীৰ পৰা মুঠেই সুৰক্ষিত নহয় আৰক্ষীৰ শীৰ্ষ বিষয়াও।