Logo
image

প্ৰয়োজনীয় চমক সৃষ্টি কৰক

যোৱা মাহত নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা জি-২০ৰ সময়ৰ কথা৷ সামাজিক মাধ্যম, বিশেষকৈ ৱাটছএপ্‌যোগে এটা ভিডিঅ’ ভাইৰেল হ’ল, য’ত নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটৰ হাতৰ পৰা অসাৱধানবশতঃ চাহ[কফী]ৰ গিলাচ পিছলি মজিয়া লেতেৰা হৈছে আৰু চাফাইকৰ্মীৰ হাতৰ পৰা ঝাড়ু কাঢ়ি আনি নিজে পৰিষ্কাৰ কৰিছে৷ শেষত সমৱেত চাফাইকৰ্মীসকলে হাতচাপৰি বজাইছে৷ ভিডিঅ’ৰ লগত অহা কথাখিনিত লিখা আছিল যে সেই ঘটনা ঘটিছিল নতুন দিল্লীৰ জি-২০ অধিৱেশনস্থলীত৷ ম’বাইলে ম’বাইলে ভাইৰেল হোৱাৰ পাছত খবৰ আহিল যে সেই ঘটনা ২০১৮ চনৰ জুন মাহৰেই, যিটো নতুন দিল্লীত ঘটা নাছিল৷ সেই ঘটনা ঘটিছিল ডাট্‌চ-সংসদত, জি-২০ৰ অধিৱেশনত নহয়৷ সেই তেতিয়াই সমগ্ৰ বিশ্বতে সেই খবৰ ভিডিঅ’ সহিতে প্ৰচাৰ হৈছিল; আনকি আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও এই খবৰ প্ৰচাৰ কৰিছিল৷ কিন্তু আমাৰ মাজৰেই কোনোবা অত্যুৎসাহীয়ে অতিৰঞ্জন কৰি নতুন দিল্লীকেই নেডাৰলেণ্ড কৰি দিলে৷ যিকোনো কথা, বাতৰি, ছবি বা ভিডিঅ’ৰে চমক আনিব লাগে, বাহ্‌ বাহ্‌ ল’ব লাগে৷ এবাৰ খবৰ ওলোৱাৰ পাছত সেইবোৰৰ সত্যাসত্য কোনে বিচাৰ কৰে? পিছে, প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটে কেৱল চমক সৃষ্টি কৰিবলৈহে যে হাতৰ পৰা পিছলি যোৱা কফী চাফাই কৰিছিল এনে নহয়৷ এইজন প্ৰধানমন্ত্ৰীয়ে চাইকেল চলাই নিজৰ কাৰ্যালয়লৈ যায়৷ বিশ্ববিদ্যালয় নে মহাবিদ্যালয়ত পঢ়ি থকা তেওঁৰ কন্যায়ো হেনো হাত খৰচ উলিয়াবৰ বাবে ৰেস্তোৰাঁত ‘পাৰ্ট-টাইম’ কৰিছিল৷ উৎসৱ-পাৰ্বণৰ সময়তো প্ৰধানমন্ত্ৰীজন সৰ্বসাধাৰণৰ তেনেই ওচৰ চাপি যায়৷ তেওঁলোকে নিজকে সৰ্বসাধাৰণৰ পৰা অনেক দূৰৈত থকা বেলেগ গ্ৰহৰ প্ৰাণী বুলি নাভাবে৷ প্ৰদৰ্শনকামিতাৰ পাছত দৌৰিও নুফুৰে৷ আমাৰ দেশত আকৌ প্ৰদৰ্শনকামিতাই ৰজা-প্ৰজা সকলোকে সুযোগ-সুবিধা পালেই কাবু কৰি পেলায়৷ সৌ সিদিনা কি প্ৰধানমন্ত্ৰী, কি মুখ্যমন্ত্ৰী, কি পালি-পহৰীয়া– সকলোৱে হাতে হাতে ঝাড়ু লোৱা ফটো, ভিডিঅ’ ক্লিপেৰে সংবাদ-পত্ৰ, টিভি চেনেল, সামাজিক মাধ্যম উপচি পৰিল৷ দৈনন্দিন জীৱনত কুটা এগছকো ইফাল-সিফাল কৰি নোপোৱাসকলে কেৱল দেখুৱাবৰ বাবেই কিদৰে ৰাজপথত হাতত ঝাড়ু লৈ থিয় দিব পাৰে, তাক বোধহয় মাৰ্ক ৰুটহঁতৰ দৰে মানুহে ভাবিবও নোৱাৰে৷ দেশৰ নেতাসকলে হাতত ঝাড়ু লৈ ৰাজপথত থিয় দিয়াটো জনসাধাৰণেও নিবিচাৰে৷ নেতাসকলে উপলব্ধি কৰা উচিত যে হাতত ঝাড়ু ল’বলৈ হ’লে আঁঠুৰ মূৰত চুৰিয়া পিন্ধিব লাগিব, যিটো তেওঁলোকৰ বাবে অসম্ভৱ নহ’লেও, বাস্তৱসন্মতও নহয়৷ সৰ্বসাধাৰণে বিচাৰে যে নেতাসকলে ‘প্ৰদৰ্শন’ৰ পাছত সময় অপব্যয় নকৰি প্ৰশাসন ব্যৱস্থাটোক নিকা কৰক৷ ৰাজপথত কেমেৰাৰ সন্মুখত মন্ত্ৰী-নেতাসকলে চাফাই কাম কৰা দেখিলেই বাটৰ কাষৰ জাবৰৰ দ’মবোৰ নোহোৱা হৈ নাযায়৷ নৈ-নলা, নৰ্দমাত মানুহে জাবৰ-জোঁথৰ নেপেলোৱাকৈ নাথাকে, অথবা উপযুক্ত পৰিষ্কাৰ ঠাইত কটা মাংস বিক্ৰী কৰিবলৈ বেপাৰীসকলে লেতেৰা ঠাই এৰি নাহে৷ নেতাসকলে এই নিয়মবোৰ কট্‌কটীয়া কৰক৷ যিসকলে এনে নিয়ম ভংগ কৰে, তেওঁলোকৰ পৰা সুতে-মূলে জৰিমনা আদায় কৰক৷ যিসকল লোকক নগৰ-চহৰৰ চাফাই কামৰ দায়িত্ব দিয়া হয়, তেওঁলোকক স্বাস্থ্যসন্মত সা-সঁজুলি ব্যৱহাৰ কৰিহে কাম কৰিবলৈ বাধ্য কৰাওক৷ দেশখনৰ জাবৰ-জোঁথৰৰ বিজ্ঞানসন্মত নিষ্কাশনৰ ব্যৱস্থা কৰক৷ পেলনীয়া অথচ পুনৰ ব্যৱহাৰ কৰিব পৰা বস্তুবোৰ ৰিচাইক্লিং কৰাৰ ব্যৱস্থা কৰক৷ নেতা-মন্ত্ৰীসকলৰ সন্মুখত কামৰ বিশাল সমুদ্ৰ, হাতত অপাৰ ক্ষমতা৷ গতিকে, সেই ক্ষমতাৰ সদ্ব্যৱহাৰ কৰি, সময়ৰ অপব্যয় নকৰি প্ৰয়োজনীয় কামবোৰ কৰক৷ এনেবোৰ প্ৰয়োজনীয় কামেৰেও চমক সৃষ্টি কৰিব পাৰি৷ বছৰৰ পাছত বছৰ ধৰি ঠাহ খাই থকা বদ্‌-অভ্যাসবোৰ আঁতৰাই প্ৰশাসন ব্যৱস্থাটো যদি জাবৰমুক্ত কৰি, নিকা কৰি নিজৰ কাৰ্যকালত আমাৰ কোনোবা মন্ত্ৰীয়ে দেখুৱাব পাৰে, তাতকৈ ডাঙৰ ‘চমক’ বিশ্ববাসীৰ বাবে আৰু কি হ’ব পাৰে?