Logo
image

‘শক্তিশালী’ নদীবান্ধেই সৰ্বনাশ কৰিলে ছিকিমৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৬ অক্টোবৰঃ মাত্ৰ ১০ মিনিট৷ ১০ মিনিটৰ ব্যৱধানতে পানীৰ ঢলে ধবংসস্তুপত পৰিণত কৰিলে দেশৰ দ্বিতীয় সৰ্ববৃহৎ ছিকিমৰ তিস্তা উৰ্জা বান্ধ৷ কেন্দ্ৰীয় চৰকাৰে আধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা তিস্তা উৰ্জা বান্ধক শক্তিশালী নদীবান্ধ বুলি দাবী কৰিছিল যদিও এই বান্ধটোৱে আজি যেন সৰ্বনাশ নমাই আনিলে ছিকিমলৈ৷ মঙলবাৰে নিশা ছিকিমৰ লেনক হ্ৰদত ডাৱৰ বিস্ফোৰণৰ ফলত হ্ৰদৰ পাৰ ভাঙি বিশাল জলধাৰা হ্ৰদটোৰ পৰা উৎপত্তি হোৱা তিস্তা নদীয়েদি বৈ অহাত নিমিষতে ১২০০ মেগাৱাট ক্ষমতা সম্পন্ন ছিকিম উৰ্জা বা তিস্তা উৰ্জা নামেৰে পৰিচিত নদীবান্ধটোৰ এটা বৃহৎ অংশ খহাই নিয়ে৷ পানীৰ ঢলৰ সোঁত ইমানেই ভয়ংকৰ আছিল যে বান্ধটোৰ পৰা পাৱাৰ হাউচ সংযোগী এখন কংক্ৰিটৰ দলঙো ভাঙি উটুৱাই নিয়ে৷ বিগত বৰ্ষৰ পৰা উৎপাদন আৰম্ভ হোৱা ছিকিম উৰ্জা লিমিটেডে ২৫ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ছিকিম উৰ্জা বা তিস্তা উৰ্জা বান্ধটোৱে নহয়, এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত নামনিৰ আন দুটা নদীবান্ধ ক্ৰমে এন এইচ পি চিয়ে নিৰ্মাণ কৰা ৫১০ মেগাৱাট ক্ষমতাসম্পন্ন তিস্তা-৫ আৰু ৫০০ মেগাৱাট ক্ষমতাৰ তিস্তা-৬ বান্ধটোৰ বিস্তৰ ক্ষয়-ক্ষতি কৰে৷ এন এইচ পি চিৰ বান্ধটোৰ এজন কৰ্মচাৰীৰ মৃত্যুও হৈছে৷ তিস্তা উৰ্জা অৰ্থাৎ স্থানীয়ভাৱে পৰিচিত চুংথাং নদীবান্ধটোৰ পানীৰ ঢলে কি দৰে চকুৰ সন্দৰ্ভত ভাঙি নিলে তাৰ ভয়ংকৰ বিৱৰণ দাঙি ধৰিছে ছিকিম উৰ্জা লিমিটেডৰ কাৰ্যবাহী অধ্যক্ষ সুনীল ছাৰোগীয়ে৷ দুৰ্যোগৰ বিৱৰণ বৰ্ণনা কৰি কাৰ্যবাহী অধ্যক্ষজনে কয়– মঙলবাৰে নিশা তেতিয়া ১১ বাজি ৫৮ মিনিট হৈছিল৷ সেই সময়ত আই টি বি পিৰ পৰা খবৰ আহিছিল ছিকিম উৰ্জা লিমিটেডলৈ৷ তেওঁলোকে জনাইছিল তিস্তাত আকস্মিক ঢল আহিছে৷ সেই খবৰ পোৱা মাত্ৰকে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীয়ে বান্ধটোৰ গেট খুলিবলৈ আগবাঢ়ি গৈছিল৷ কিন্তু সেই সুযোগ তেওঁলোকে নাপালে৷ বান্ধটোৰ গেট খোলাৰ পূৰ্বেই পানীৰ প্ৰচণ্ড ঢৌ আহি বান্ধটোৰ দেৱালত খুন্দা মাৰে৷ চকুৰ সন্মুখতে ভাঙি যায় বান্ধটোৰ বিশাল অংশ৷ আমাৰ কৰ্মচাৰীৰ দলটোত ১২-১৩ জন লোক আছিল৷ তাৰ মাজৰ বহু কেইজন এই ভয়াৱহ বানৰ মাজতে আনটো দিশত আৱদ্ধ হৈ পৰে৷ বুধবাৰে দুপৰীয়া ভাগতহে তেওঁলোকক আই টি বি পিৰ জোৱানে উদ্ধাৰ কৰিছে৷ ২০০ মিটাৰ দৈৰ্ঘৰ এখন দলং পাৱাৰ হাউচৰ সৈতে সংযুক্ত আছিল৷ সেই দলংখন নিশ্চিহ্ন হৈ পৰিছে৷ পানীৰ তলত বুৰ গৈছে পাৱাৰ হাউচ৷ ২০২২ চনত তিস্তাৰ ওপৰত চুংথাং আৰু মংগনত ১২০০ মেগাৱট জলবিদ্য়ুৎ প্ৰকল্পটো গঢ়ি তোলা হৈছিল৷ এই প্ৰকল্পত ছিকিম চৰকাৰৰ ৬০.০৮ শতাংশ অংশীদাৰিত্ব আছে৷ ২৫ হাজাৰ কোটি টকা ব্যয় কৰি এই প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছিল৷ বান্ধটো ভাঙি যোৱাৰ ফলত ৫১ লাখ কিউবিক মিটাৰ পানী একেলগে তিস্তাৰে বৈ যায়৷ এই বিশাল জলৰাশি পাহাৰীয়া এলেকাৰ পৰা নামনিলৈ বৈ যোৱাৰ ফলত বিপৰ্যয়ৰ সন্মুখীন হৈছে সমগ্ৰ ছিকিম৷ বান্ধটো পুনৰ নিৰ্মাণ কৰিবলৈ বহু হাজাৰ কোটি টকাৰ প্ৰয়োজন হ’ব৷’ লক্ষণীয়ভাৱে তিস্তা উৰ্জা ভাঙি পৰাৰ সময়ত বান্ধটোৰ পৰা বৈ অহা পানীৰ ঢল ২০-২৫ ফুট পৰ্যন্ত উচ্ছতা স্পৰ্শ কৰিছিল৷ ছিকিমৰ ১২০০ মেগাৱট উৎপাদন ক্ষমতাসম্পন্ন বান্ধটো ভাঙি পৰাৰ সময়তে অসমেও অনুৰূপ দুৰ্যোগৰ মুখামুখি হ’ব নেকি তাক লৈ এতিয়া সৰ্বত্ৰ প্ৰশ্ন উঠিছে৷ কিয়নো ছিকিম উৰ্জা বান্ধ নিৰ্মাণৰ সময়ত এদিন এনে দুৰ্যোগৰ মুখামুখি হ’ব লাগিব বুলি আশংকা কৰিয়েই ছিকিমবাসীয়ে বান্ধটোৰ তীব্ৰ বিৰোধিতা কৰিছিল৷ ৰাজপথত আন্দোলন কৰাই নহয়, ছিকিমৰ শ্ৰমিক সকলেও বান্ধৰ কাম নকৰাৰ সংকল্পৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ ফলত কেন্দ্ৰীয় চৰকাৰে শক্তি প্ৰয়োগ কৰি বাহিৰৰ পৰা শ্ৰমিক আনি বান্ধৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছিল৷ তদুপৰি বিশেষজ্ঞসকলে জলবায়ু পৰিৱৰ্তনৰ ফলত হিমবাহ গলিব ধৰাত লোনক হ্ৰদৰ পানী বৃদ্ধি পোৱাত তিস্তাৰ বান্ধলৈ বিপদ আনিব বুলিও সকীয়াই দিছিল৷ মুঠৰ ওপৰত বিশেষজ্ঞৰ সকীয়নি আৰু ৰাইজৰ আশংকা যেন সত্য প্ৰমাণিত কৰি মঙলবাৰে তিস্তা উৰ্জা বান্ধে প্ৰলয়ৰ সূচনা কৰিলে৷ তিস্তা উৰ্জা বান্ধৰ দৰেই অসমত ২০০০ মেগাৱাট শক্তি উৎপাদন ক্ষমতাসম্পন্ন নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই বিপদ মাতি আনি নেকি তাক লৈয়ো আশংকাৰ সৃষ্টি হৈছে৷ কিয়নো তিস্তা উৰ্জাৰ দৰে নামানি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাৰে অসমবাসীয়ে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ বিশেষজ্ঞ মহলেও ২০০০ মেগাৱাটৰ সোঁৱণশিৰি বান্ধৰ নিৰ্মাণত আঁসোৱাহ থকাৰ কথা ব্যক্ত কৰাৰ লগতে বান্ধটোৱে অসমলৈ বিপদ আনিব বুলিও সতৰ্ক কৰি দিছে৷ নিৰ্মীয়মান অৱস্থাতে নেৰানেপেৰা বৰষুণৰ ফলত সোঁৱণশিৰিৰ পাৱাৰ হাউছ জলমগ্ন কৰাৰ লগতে ডাইৰ্ভাচন টাৰ্নেলৰ দুখনকৈ গেট উটুৱাই নিছে৷ তদুপৰি পানী বৃদ্ধি পোৱাত চপৰা চপৰে বান্ধৰ পাৰৰ শিল-মাটি খহি পৰা খবৰে ইতিমধ্যে সংবাদ শিৰোনাম দখল কৰিছে৷ আনকি প্ৰকল্পটোৰ নক্সা সলনি কৰি বান্ধৰ গভীৰতা হ্ৰাস কৰাৰো ভয়ংকৰ অভিযোগ আছে এন এইচ পি চিৰ বিৰুদ্ধে৷ নক্সা অনুসৰি বান্ধটো যিমান গভীৰতাৰ পৰা কংক্ৰিট নিৰ্মাণ কৰিব লাগিছিল তাৰ প্ৰায় ৫০ শতাংশ গভীৰতা হ্ৰাস কৰি ধন আত্মসাৎ কৰাৰো অভিযোগ উঠিছে৷ তাৎপৰ্যপূৰ্ণভাৱে ছিকিম উৰ্জা বান্ধৰ পৰা মাত্ৰ ১৫-২০ ফুট উচ্ছতাৰ পানী বাগৰি আহোতেই এই ধবংসলীলাৰ মুখামুখি হ’বলগীয়া হোৱাৰ সময়তে সোৱণশিৰি বান্ধৰ ভাঙিলে ১১৫ ফুট পৰ্যন্ত উচ্ছতালৈ পানী উঠাৰ আশংকাও ব্যক্ত কৰিছে বিশেষজ্ঞামহলে৷ আনকি এনভাইৰনমেণ্ট এচেচমেণ্ট  ইমপেক্টৰ প্ৰতিবেদনত বান্ধটো ভাঙিলে মাত্ৰ ৩৫ মিনিটতে নামনি অংশৰ ১০০ কিলোমিটাৰ পৰ্যন্ত এলেকাত মহা প্ৰলয়ৰ সৃষ্টি হ’ব বুলিও সকীয়াই দিছে৷ চুবুৰীয়া অৰুণাচলৰ কেৱল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই নহয়, চিয়াং নৈৰ ওপৰত নিৰ্মাণ আৰম্ভ কৰা ১০ হাজাৰ মেগাৱাট ক্ষমতা সম্পন্ন বিশ্বৰ অন্যতম বৃহত্তম নদীবান্ধটোৰ পৰাও অসমলৈ বিপদ নামি অহাৰ আশংকা নুই কৰিব নোৱাৰি৷ ইফালে অৰুণাচলৰ দৰে ভূটানতো নিৰ্মিত কেইবাটাও বান্ধে ভয়াৱহ আশংকা নমাই আনিছে নামনি অসমলৈ৷ ১৯৮৮ চনৰ ভাৰত আৰু ভূটানৰ এক চুক্তি মৰ্মে ভূটানত নিৰ্মাণ হৈছিল ৩৩৬ মেগাৱটৰ চুখা জলবিদ্য়ুৎ প্ৰকল্প৷ ১৯৯৮ চনৰ পৰা ২০০৭ চনৰ ভিতৰত ভূটান আৰু ভাৰতৰ মাজত চুক্তি অনুসৰি দুটাকৈ বান্ধৰ পৰা উৎপাদন আৰম্ভ হৈছিল৷ সেই দুটা ক্ৰমে– ১০২০ মেগাৱটৰ তালা জলবিদ্য়ুৎ প্ৰকল্প আৰু ৬০ মেগাৱটৰ কুৰিশ্বু জলবিদ্য়ুৎ প্ৰকল্প৷ ২০১৪ চনত ভূটানৰ সৈতে আন বৃহৎ চাৰিটা প্ৰকল্পৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে ভাৰতে৷ এই চাৰিটা প্ৰকল্পৰ সৰ্বমুঠ উৎপাদন ক্ষমতা হ’ব ২১২০ মেগাৱাট৷ ২০১৪ চনৰ জুন মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূটানলৈ গৈ এই চাৰিটা প্ৰকল্পৰ এটা ৬০০ মেগাৱটৰ খলংচু জলবিদ্য়ুৎ প্ৰকল্পৰ শিলান্যাস কৰি আহিছে৷ এনেদৰেই ভাৰত চৰকাৰৰ ধনেৰে ভূটানত নিৰ্মাণ হৈ আহিছে ইটোৰ পাছত সিটো জলবিদ্য়ুৎ প্ৰকল্প৷ ভূটানৰ নদীবান্ধৰ পানী এৰি দিয়াৰ পৰিণাম ইতিমধ্যে ভুগি আহিছে নামনি অসমৰ ৰাইজে৷ ভূটানৰ সেই চুখা, কুৰিশ্বু, পনাট্‌ছাংশ্বু, তালা নদীবান্ধ এতিয়া ভয়াৱহ বোজাত পৰিণত হৈছে নামনি অসমৰ ৪৫ লাখ জনতাৰ বাবে৷ স্বাভাৱিকতেই এতিয়া কেন্দ্ৰীয় চৰকাৰে ছিকিমৰ তিস্তা উৰ্জা বান্ধটো আধুনিক প্ৰযুক্তিয়ে নিৰ্মাণ কৰা বুলি দাবী কৰিছিল যদিও ডাৱৰ বিস্ফোৰণে মাত্ৰ ১০ মিনিটতে চূৰমাৰ কৰাত অনাগত দিনত অসমতো চুবুৰীয়া অৰুণাচল আৰু ভূটানৰ জলবোমাই একে দুৰ্যোগৰ যে সৃষ্টি নকৰিব তাক কোনো নিশ্চয়তা দিব বুলিও প্ৰশ্ন উঠিছে৷