Logo
image

সসাগৰা গুৱাহাটী

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ৬ অক্টোবৰঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত চাৰিওফালে কেৱল পানী আৰু পানী৷ যেন গুৱাহাটী মহানগৰীখন সাগৰত পৰিগণত হৈছে৷ মহানগৰীৰ অলিয়ে গলিয়ে কৃত্ৰিম বান পানী হোৱাত সৰ্ব সাধাৰণ জনতাই যমৰ যাতনা ভুগিব লগীয়া হৈছে৷ বুধবাৰে নিশা অহা এজাক মুষলধাৰ বৰষুণৰ পিছত এতিয়া মহানগৰবাসীয়ে বোকাৰ বাবে যাতায়াতৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ঠায়ে ঠায়ে পানী শুকাইছে যদিও পথত একাঠু বোকা হৈ থকাত মহানগৰবাসীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ৷ হাতীগাঁও, ৰুক্মিণীগাঁও, বেলতলা, অনিল-নবীন নগৰ, চানমাৰী আদিকে ধৰি বহু অঞ্চলৰ জনতাই পানী আৰু বোকাৰ মাজতে আজি দ্বিতীয় দিনাও আৱদ্ধ হৈ আছে৷ কালি নিশা বৰষুণৰ পিছতেই জলবন্দী হৈ পৰে হাতীগাঁও, ৰুক্মিণীগাঁও, বেলতলা, অনিল-নবীন নগৰ, চানমাৰী আদিকে ধৰি বহু অঞ্চলৰ জনতা৷ নিশা পৰ্যন্ত স্তব্ধ হৈ থাকে বহু অঞ্চলৰ যাতায়াত ব্যৱস্থা৷ আজি পুৱাৰ ভাগত নবীন নগৰ আৰু অনিল নগৰত এক আঁঠু কৃত্ৰিম বান পানী জমা হোৱাত অঞ্চলটোৰ চাকৰিজীবী, ব্যবসায়ী, ছাত্ৰ ছাত্ৰী সকলে গন্তব্য স্থানলৈ যাব পৰা নাই৷ কৃত্ৰিম বান পানীৰ সুবিধা গ্ৰহণ কৰি ৰিস্কা চালক সকলে ৫০ মিটাৰ-১০০ মিটাৰ পথ পাৰ কৰি দিয়াৰ বিনিময়ত ৫০-১০০ টকা ভাৰা আদায় লয়৷ ইপিনে আজি পুৱাৰ ভাগত মহানগৰীৰ গীতানগৰৰ ভাস্কৰ নগৰত ভূমিস্খলন হয়৷ এটা পৰিয়ালৰ ঘৰৰ ওপৰত পাহাৰৰ ওপৰৰ পৰা গাৰ্ড ৱাল খহি পৰে যদিও পৰিয়ালটো দৈবক্ৰমে প্ৰাণ ৰক্ষা পৰে৷ আনহাতে, গীতানগৰৰ বৈকুণ্ঠ নগৰত চিৰিয়াখানাৰ গাৰ্ড ৱাল খহি পৰে৷ খহি পৰা ৱালৰ ঠাই দি চিৰিয়াখানাৰ জীৱ জন্তু ওলাই যাব পাৰে বুলি অঞ্চলটোৰ ৰাইজে আশংকা প্ৰকাশ কৰি ভীতিগ্ৰস্থ হৈ আছে৷ ইপিনে, নবীন নগৰত অমৃত কলহত দুৰ্গন্ধময় পানী ভৰাই একাংশ ভুক্তভোগী লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ মুখ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক অনিল নগৰ নবীন নগৰৰ কৃত্ৰিম বান পানী চাবলৈ অঞ্চলবাসীয়ে আহ্বান জনাইছে৷ দীৰ্ঘদিন ধৰি চৰকাৰ প্ৰশাসনক কৃত্ৰিম বান ৰোধৰ বাবে আবেদন-নিবেদন কৰাৰ পিছতো আজি পৰ্যন্ত সমাধান নহ’ল মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা৷ কৃত্ৰিম বান ৰোধত বিফল গুৱাহাটী পৌৰ নিগম তথা চৰকাৰ প্ৰশাসন৷ আনহাতে, এতিয়া বহু অঞ্চলৰ পৰা পানী ওলাই গৈছে যদিও বোকা আৰু দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰিছে অঞ্চলসমূহত৷ মহানগৰীৰ অধিক পানী হোৱা ঠাই হিচাপে চিহ্নিত অনিল নগৰৰ চাৰিওফালে এতিয়া বোকা আৰু দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰিছে৷ মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে লোৱা পৌৰ নিগমৰ সকলো প্ৰচেষ্টা এতিয়া বিফল৷ চুপাৰ চাকাৰ, ৰ’বট আদিকে ধৰি কৃত্ৰিম বান ৰোধৰ বাবে চৰকাৰে যিমান ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া সকলো ফুটুকাৰ ফেনত পৰিণত হোৱা পৰিলক্ষিত হৈছে৷ উন্নত কৌশল অৱলম্বন কৰাৰ পিচতো সমাধান নহ’ল গুৱাহাটীৰ কৃত্ৰিম বান পৰিস্থিতি৷ ইফালে, গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা-ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে ইখনৰ পিছত সিখন আঁচনি৷ ২০১৬-১৭ বিত্তীয় বৰ্ষত মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে গ্ৰহণ কৰা হৈছিল ৭খন আঁচনি৷ ২০১৯-২০ বৰ্ষতো একে ধৰণৰ ৭খন আঁচনিৰ নামত ব্যয় কৰা হৈছিল ৫.৯৯ কোটি টকা৷ কিন্তু ইমানৰ পিছতো আজি পৰ্যন্ত সমাধান হোৱা নাই গুৱাহাটীৰ কৃত্ৰিম বান৷ যাৰ বাবে বৰষুণ আহিলেই এতিয়া যেন বুকু কঁপে মহানগৰবাসীৰ৷ সকলোৱে এতিয়া এটাই প্ৰশ্ন কেতিয়া সমাধান হ’ব মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা৷