Logo
image

চকু ভালে ৰাখিবলৈ এইখিনি কৰক

চকু ভালে ৰাখিবলৈ কেতবোৰ নিয়ম মানি চলাটো প্ৰয়োজন৷ ফলমূল-শাক পাচলি উপৰি নিয়মীয়াকৈ চকুৰ যতন ল’ব লাগে৷

⬛ ফল-পাচলিঃ গাজৰৰ লগতে অন্যান্য সেউজীয়া শাক-পাচলি, বাদাম আৰু কমলা প্ৰচুৰ পৰিমাণে খালে চকুৰ দৃষ্টশক্তি অটুট থাকে৷ 

⬛ অ’মেগা-৩ ফেটি এচিডঃ অ’মেগা-৩ ফেটি এচিড সমৃদ্ধ মাছ নিয়মীয়াকৈ খালে চকু ভালে থাকে৷

⬛ মেদবহুলতা হ্ৰাসঃ মেদবহুলতায়ো চকুৰ ক্ষতি কৰিব পাৰে৷ সেয়েহে ওজন নিয়ন্ত্ৰণত ৰাখিব লাগে৷ মেদবহুলতাৰ বাবে মধুমেহত আক্ৰান্ত হ’লে ইয়াৰ পৰাই চকুৰ ক্ষতি হ’ব পাৰে৷ 

⬛ ধূমপান ত্যাগঃ ধূমপানে চকুৰো ক্ষতিসাধন কৰে৷ ইয়াৰ ফলত চকুৰ ৰেটিনা ক্ষতিগ্ৰস্ত হয়৷ ফলত চকুত ছানি পৰে৷ ইয়াৰ উপৰি চকুৰ স্নায়ু ক্ষতিগ্ৰস্ত হয়৷ চকু ভালে ৰাখিবলৈ ধূমপান এৰাই চলিব লাগে৷ 

⬛ ছানগ্লাছ ব্যৱহাৰঃ খালী চকুৰে কেতিয়াও সূৰ্যৰ ফালে চোৱা উচিত নহয়৷ কাৰণ সূৰ্যৰ আল্ট্ৰা ভায়’লেট বা অতি বেঙুনীয়া ৰশ্মিৰ বাবে ৰেটিনা  ক্ষতিগ্ৰস্ত হয়৷ ৰ’দত বাহিৰলৈ ওলালে ছানগ্লাছ পৰিধান কৰিব লাগে৷ 

⬛ চকু পৰিষ্কাৰ ৰখাঃ প্ৰতিদিনে চকু ভালকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে৷ প্ৰতিদিনে কেইবাবাৰো চকু পানীৰে ভালকৈ ধুব লাগে৷ ইয়াৰ ফলত চকু ঠাণ্ডা হৈ থাকে আৰু ৰক্ত সঞ্চালন ভাল হয়৷ 

⬛ নিদ্ৰাঃ পৰ্যাপ্ত পৰিমাণৰ নিদ্ৰাই চকু ভালে ৰাখে৷ টোপনি ভাল হ’লে চকুৰ পেশীবোৰ শিথিল আৰু সতেজ হৈ উঠে৷ টোপনি কম হ’লে চকুৰ পেশীত প্ৰদাহৰ সৃষ্টি হ’ব পাৰে৷ 

⬛ চকু পৰীক্ষাঃ চকুৰ পৰীক্ষা সময়মতে কৰিব লাগে৷ যাতে চকুৰ সামান্যতম সমস্যাও আৰম্ভণিতেই ধৰা পৰে৷