Logo
image

ৰাজ্যজুৰি ধুমুহা-বৰষুণৰ আশংকা

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৬ অক্টোবৰঃ মৌচুমী বায়ুৰ বিদায় বেলাত যেন ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে মৌচুমীয়ে৷ কিয়নো প্ৰকৃতিৰ চিৰাচৰিত ৰীতি অনুসৰি অহা এটা সপ্তাহৰ ভিতৰতে মৌচুমীয়ে অসমসহ উত্তৰ পূবৰ ৰাজ্য কেইখনৰ পৰা বিদায় ল’ব৷ কিন্তু বিদায় বেলাত মৌচুমীয়ে ৰুদ্ৰমূৰ্তি ধাৰণ কৰা বাবে বিগত ৪৮ ঘণ্টাত হিমালয়ৰ পাদদেশৰ ৰাজ্য ছিকিমত ভয়াবহ প্ৰাকৃতিক দুৰ্যোগ নামি আহিছে৷ ইফালে বংগোপ সাগৰত সৃষ্ট কেতবোৰ প্ৰাকৃতিক পৰিঘটনাৰ বাবে বিগত তিনিদিন ধৰি ছিকিমসহ উত্তৰবংগ , অসমসহ উত্তৰ  পূবৰ  কেইবাখনো ৰাজ্যত ঠাইবিশেষে গাজনী, ঢেৰেকনী ধুমুহাৰ সৈতে মজলীয়াৰ পৰা ধাৰাষাৰ পৰিমাণৰ বৰষুণ হৈ আছে৷ গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰাৰ অনুসৰি আগন্তক ৪৮ ঘণ্টা বতৰ অপৰিবৰ্তনীয় হৈ থাকিব৷ বৃহস্পতিবাৰ সন্ধিয়া পৰ্যন্ত  অসমৰ বেছিভাগ ঠাইতে কম - বেছি পৰিমাণে বৰষুণ হৈছে৷ সাধাৰণতে বতৰ বিজ্ঞানৰ ভাষাত ৬.৫ চেণ্টিমিটাৰ বা ৬৫ মিলিমিটাৰতকৈ অধিক বৰষূণ হলে তাক ধাৰাষাৰ পৰিমাণৰ বৰষূণ অহা বুলি কোৱা হয়৷ সেই অনুসৰি অসমৰ ভিতৰতে সৰ্বাধিক পৰিমাণৰ বৰষূণ হৈছে গুৱাহাটী মহানগৰীত৷ গুৱাহাটীৰ ভিতৰত চানমাৰীত হোৱা বৰষুণৰ পৰিমাণ আছিল ৮ চেণ্টিমিটাৰ৷ তাৰ বাহিৰে বেচিভাগ স্থানতে ৭ চেণ্টিমিটাৰ পৰিমাণৰ বৰষূণ হৈছে৷ যাৰ বাবে বিগত ২৪ ঘণ্টাত গুৱাহাটী মহানগৰীত বহু অঞ্চল বানৰ কবলত পৰাৰ লগতে দুই এঠাইত ভূমিস্খলন হোৱাৰ বাতৰি পোৱা গৈছে৷ ইফালে বৰষুণকে ধৰি ডাৱৰীয়া বতৰৰ বাবে তাপমাত্ৰা  নিম্নগামী হোৱাত ৰাইজে প্ৰচণ্ড গৰমৰ পৰা  বহুখিনী সকাহ লাভ কৰিছে৷ বিগত তিনি - চাৰিদিন আগলৈকে অসমৰ বেচিভাগ অঞ্চলৰে তাপমাত্ৰা স্বাভাবিকতকৈ ৫ ৰ পৰা ৭ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত ওপৰত থকা বাবে আহিন মাহৰ আধা দিন পাৰ হোৱাৰ পাছতো ৰাইজে জেঠ বা আহাৰ মাহৰ দৰে তীব্ৰ গৰমৰ সৈতে সহাবস্থান কৰিবলগীয়া হৈছিল৷ কিন্তু বিদায় বেলাত মৌচুমীয়ে ৰুদ্ৰমূৰ্তি  ধৰণ কৰা বাবে ৰাজ্যৰ বেচিভাগ অঞ্চলৰে তাপমাত্ৰা স্বাভাৱিকতকৈ ২ৰ পৰা ৫ ডিগ্ৰী পৰ্যন্ত কমি গৈছে বিগত ২৪ ঘণ্টাত৷ যাৰ বাবে ৰাইজে গেলা গৰমৰ পৰা বহুখিনী সকাহ লাভ কৰিছে৷ আনকি কিছু ঠাইত নিশাৰ ভাগত শীত অনুভূত হৈছে৷  বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ প্ৰধান চহৰ নগৰ কেইখনৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনে ধৰণৰ– গুৱাহাটী ২৭.২ ডিগ্ৰী ছেলছিয়াছ, ডিব্ৰুগড় ২৯.২ ডিগ্ৰী ছেলছিয়াছ তেজপুৰত ২৮.৫ ডিগ্ৰী ছেলছিয়াছ, ধুবুৰীত ২৬.৪  ডিগ্ৰী ছেলছিয়াছ, যোৰহাটত ২৯.২ ডিগ্ৰী ছেলছিয়াছ, উত্তৰ লখিমপুৰ ২৯.২  ডিগ্ৰী ছেলছিয়াছ৷ ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক ৪৮ ঘণ্টাত ৰাজ্যৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ অঞ্চলতে কম-বেছি পৰিমাণে আৰু ঠাইবিশেষ গাজলী, ঢেৰেকনীৰ সৈতে ধুমুহা বৰষূণ হ’ব বুলি সতৰ্কতা জাৰি কৰিছে৷ আনকি পাহাৰীয়া আৰু নৈপৰীয়া অঞ্চল সমূহত নিশাৰ ভাগত তুলনামুলক ভাৱে কিছু শীত অনুভূত হ্‌ৱ বুলিও বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰত প্ৰকাশ৷