Logo
image

কাইলৈ চৰাইদেউ মৈদামলৈ আহিব ইউনেস্ক’ৰ প্ৰতিনিধি

নিৰঞ্জন শইকীয়া [আমাৰ অসম]- আহোম ৰাজত্বকালৰ প্ৰথম স্থায়ী ৰাজধানী চৰাইদেউৱে বিশ্বৰ পৰ্যটন মানচিত্ৰত এক সুকীয়া স্থান  লাভৰ দিশে অগ্ৰসৰ হৈছে৷  বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি দিবৰ বাবে আহোম ৰাজত্বকালৰ ঐতিহ্য বহনকাৰী চৰাইদেউ মৈদামক্ষেত্ৰৰ নাম মনোনয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰাৰ পাছতে চৰাইদেউ মৈদামক্ষেত্ৰক কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগে আটকধুনীয়াকৈ সজাই-পৰাই তুলিছে৷ আৰু মাত্ৰ এটা দিনৰ পাছতে অৰ্থাৎ ৭ অক্টোবৰত চৰাইদেউ মৈদামক্ষেত্ৰ পৰিদৰ্শনৰ বাবে ঐতিহাসিক চৰাইদেউত উপস্থিত হ’বহি ইউনেস্ক’ৰ এটা প্ৰতিনিধি দল৷ অসম চৰকাৰৰ তত্ত্বাৱধানত ৰাজ্যিক আৰু কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগে ইতিমধ্যে চৰাইদেউ মৈদামক্ষেত্ৰৰ আন্তঃগাঁথনি আৰু সৌন্দৰ্যবৰ্ধনৰ কাম সমাপ্ত কৰি ইউনেস্ক’ৰ প্ৰতিনিধিক আদৰিবৰ বাবে সাজু হৈ উঠিছে৷  চৰাইদেউ মৈদাম ক্ষেত্ৰত প্ৰস্তুতিৰ অগ্ৰগতিৰ সন্দৰ্ভত বুজ দিবৰ বাবে কালি সন্ধিয়া চৰাইদেউ জিলাৰ আয়ুক্ত নিৱেদন দাস পাটোৱাৰী আৰু শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱে সংবাদকৰ্মীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷ ৭ অক্টোবৰত চৰাইদেউলৈ ইউনেস্ক’ৰ প্ৰতিনিধিৰ আগমন সন্দৰ্ভত প্ৰশাসনে আৰু বিভাগীয় কতৃৰ্পক্ষই কেনেধৰণৰ প্ৰস্তুতি চলাইছে, সেই সন্দৰ্ভত বৈঠকত বিভিন্ন দিশৰ পৰ্যালোচনা কৰে৷ চৰাইদেউ মৈদামক্ষেত্ৰৰ নৱ-নিৰ্মিত অতিথিগৃহত আয়োজন কৰা এই বৈঠকত শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱে অসমৰ ৰাইজে আশা কৰাধৰণেৰে চৰাইদেউ মৈদামক্ষেত্ৰ সাজু কৰি তোলা হৈছে আৰু এক ইতিবাচক পৰিস্থিতিৰ মাজত ইউনেস্ক’ৰ প্ৰতিনিধিয়ে চৰাইদেউ মৈদামক্ষেত্ৰ ভ্ৰমণ কৰি যাব পৰা পৰিৱেশ গঢ়ি তুলিবলৈ সকলো প্ৰচেষ্টা চলোৱা হৈছে বুলি মন্তব্য কৰাৰ লগতে জিলা প্ৰশাসন, বিভাগীয় কতৃৰ্পক্ষ আৰু সংবাদকৰ্মীসকলৰ উমৈহতীয়া প্ৰচেষ্টাৰ বিনিময়ত চৰাইদেউ মৈদামক্ষেত্ৰ এতিয়া বিশ্ব দৰবাৰত জিলিকি উঠাৰ পৰিৱেশৰ সূচনা হোৱা বুলি আয়ুক্তজনে মন্তব্য কৰে৷ ইফালে, চৰাইদেউ জিলাৰ আয়ুক্ত নিৱেদন দাস পাটোৱাৰীয়ে কয় যে শিৱসাগৰ আৰু চৰাইদেউ-জিলাৰ বাসিন্দাসকলে তেওঁলোকৰ পুলিন-পুথাওৰ সমাধিক্ষেত্ৰই বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাৰ যি কামনা কৰি আহিছিল, সেয়া বৰ্তমান বাস্তৱ হোৱাৰ পথত৷ তেওঁ মৈদামক্ষেত্ৰত বিভিন্ন সেৱা উপলব্ধ কৰোৱাৰ বিষয়ে উল্লেখ কৰি অঞ্চলটোত এজন বিষয়াসহ আৰক্ষীৰ দল এটাই এক টহলদাৰী চকীত বাহৰ পাতি নিৰাপত্তাৰ দিশ তদাৰক কৰিব বুলি উল্লেখ কৰে৷ আয়ুক্তজনে আগন্তুক দিনবোৰত চৰাইদেউলৈ পূৰ্বতকৈ অধিক বিদেশী পৰ্যটক অহাটো নিশ্চিত হৈ পৰালৈ চাই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দহজনকৈ গাইডক প্ৰশিক্ষণ দি সাজু কৰি তোলা হৈছে বুলি সদৰি কৰে৷ আয়ুক্তজনে জানিবলৈ দিয়া অনুসৰি উত্তৰ-পূব এছিয়াৰ ইউনেস্ক’ৰ বিশেষজ্ঞ প্ৰতিনিধি ছিংগাপুৰৰ লিম চিং চিয়াঙে ৭ অক্টোবৰত চৰাইদেউ ভ্ৰমণ কৰি বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউৰ যোগ্যতা নিৰূপণ কৰিবলৈ আহিব বুলি জানিবলৈ দিয়ে৷ আনহাতে, স্থানীয় ৰাইজৰ পোহনীয়া জন্তুৱে যাতে ইউনেস্ক’ৰ দলটো অহা দিনত বা পৰৱৰ্তী সময়ত যাতে অসুবিধাৰ সৃষ্টি নকৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে৷ বৈঠকখনত ৰাজ্যিক পুৰাতাত্ত্বিক সঞ্চালকালয়ৰ সঞ্চালক ড॰ দীপিৰেখা কুলি উপস্থিত থাকি ইতিপূৰ্বে খনন চলোৱা মৈদামত উদ্ধাৰ হোৱা নানা ঐতিহাসিক মূল্য বিজড়িত সম্পদ মৈদাম প্ৰাংগণত থকা সংগ্ৰহালয়ত প্ৰণালীবদ্ধ আৰু বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দি ইউনেস্ক’ৰ প্ৰতিনিধিয়ে চৰাইদেউ ভ্ৰমণ কৰি যোৱাৰ পাছত সেয়া পৰ্যায়ক্ৰমে সাধাৰণ জনতাৰ বাবে চাবলৈ মুকলি কৰি দিয়া হ’ব বুলি প্ৰকাশ কৰে৷ বৈঠকত নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুসী জৈন, ৰাজ্যিক পুৰাতাত্ত্বিক সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক নৱজিৎ দেউৰী, ৰাজ্যিক পুৰাতাত্ত্বিক সঞ্চালকালয়ৰ বিশেষজ্ঞ - ড॰ কে চি নৌৰীয়াল আদি উপস্থিত থাকে৷ আনহাতে, আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লোচা চৰাইদেউ মৈদামক্ষেত্ৰত উপস্থিত হৈ ইউনেস্ক’ৰ প্ৰতিনিধিক আদৰিবৰ বাবে সাজু কৰি তোলা মৈদামক্ষেত্ৰ পৰিদৰ্শন কৰে৷ পৰিদৰ্শনকালত চৰাইদেউ মৈদামক্ষেত্ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে৷ মন্ত্ৰীগৰাকীৰ সৈতে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰো উপস্থিত আছিল৷