Logo
image

সচেতন নাগৰিক, বিবেক ভোট, ভোট বেংক

মানুহৰ ইতিহাসত এতিয়ালৈ যিবোৰ শাসন পদ্ধতি উদ্ভাৱন হ’ল তাৰ ভিতৰত গণতন্ত্ৰকেই শ্ৰেষ্ঠ বুলি বিজ্ঞজনে মত দিছে৷ শাসক নিৰ্বাচন কৰাৰ অধিকাৰ, ব্যক্তি স্বাধীনতা, বিধায়িনী, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ কামক স্বতন্ত্ৰ আৰু নিৰ্দিষ্ট কৰা আদি বৈশিষ্ট্যৰ বাবে গণতন্ত্ৰ আন শাসন ব্যৱস্থাতকৈ যে উচ্ছখাপৰ তাত কোনো সন্দেহ নায়৷  ইউৰোপৰ কিছুমান দেশে গণতান্ত্ৰিক শাসন ব্যৱস্থাৰে  কল্যাণকামী ৰাষ্ট্ৰ গঢ়াত ইতিমধ্যে সফল হৈছে৷ এইকেইখন দেশৰ জীৱন ধাৰণৰ মান পৃথিৱীৰ ভিতৰতেই উত্তম৷ মানুহৰ আন কাৰ্যকলাপৰ দৰেই গণতন্ত্ৰও নিখুঁত নহয়, কিন্তু ইয়াৰ বিকাশ-বিৱৰ্তন ঘটাৰ অৱকাশ আছে৷ নিৰ্বাচন গণতন্ত্ৰৰ ভেটি৷ এই নিৰ্বাচনতো নানা খুঁত আছে৷ কিন্তু গণতন্ত্ৰৰ আধাৰস্বৰূপ নিৰ্বাচনৰ নানা খুঁত আঁতৰ কৰাৰ অবিৰাম চেষ্টা চলাই থকাৰ অৱকাশ আছে৷ 

ভাৰতত ভোটাৰে কাক ভোট দিলে বুলি সুধিলে কোনো এটা দলক প্ৰতীক চিন বা দলটোৰ নাম কয়৷ প্ৰাৰ্থীজনৰ নাম সাধাৰণতে নকয়৷ ভাৰতত এতিয়াও নিৰক্ষৰ মানুহ আছে বাবেই ভোট দিয়াৰ বাবে প্ৰতীক চিনটোৰ দৰকাৰ৷ ভাৰতৰ নিৰক্ষৰ মানুহখিনিয়ে এতিয়াও ছবি চাই ভোট দিয়ে৷ শিক্ষিতখিনিয়ে কেনেকৈ দিয়ে? তেওঁলোকেও প্ৰাৰ্থীজন কোন নজনাকৈয়েই ছবি চাই ভোট দিয়ে নেকি? 

১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিবেক ভোট দিবলৈ কৈ ইন্দিৰা গান্ধীয়ে ভাৰতৰ ৰাজনীতিত খলকনি তুলিছিল৷ সেইবাৰ ৰাষ্ট্ৰপতি পদৰ বাবে কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী সঞ্জীবা ৰেড্ডীৰ বিৰুদ্ধে ইন্দিৰা গান্ধীৰ মনোনীত প্ৰাৰ্থী আছিল ভি ভি গিৰি৷ ইন্দিৰা গান্ধীয়ে এমএলএ,  এমপিসকলক দলৰ কথা নুশুনি বিবেক ভোট দিবলৈ আহ্বান জনাইছিল৷ সেই নিৰ্বাচনত ভি ভি গিৰি জয়ী হৈছিল আৰু কংগ্ৰেছ দলৰ বিভাজন ঘটিছিল৷ বিবেক ভোট দিবলৈ ইন্দিৰা গান্ধীয়ে জনোৱা আহ্বানে এই কথা প্ৰমাণ কৰিছিল যে নিৰ্বাচনত কাক ভোট দিব সেয়া এজন ব্যক্তিৰ নিজা সিদ্ধান্ত নহয়৷ এজন ব্যক্তি কোনটো ব্লক বা গোটৰ সদস্য তাৰ ওপৰত বহুপৰিমাণে নিৰ্ভৰ কৰে তেওঁ কাক ভোট দিব৷ গতিকে নিৰ্বাচনৰ ফলাফল এজন ব্যক্তিৰ বিচাৰ-বিবেচনাৰে লোৱা সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ নকৰে, সেয়া নিৰ্ভৰ কৰিব তেওঁ কোন গোটৰ অংশীদাৰ আৰু কোনটো গোটত অধিক মানুহ গোট খাইছে তাৰ ওপৰত৷ দেশৰ সৰ্বোচ্ছ পদ ৰাষ্ট্ৰপতিগৰাকীক নিৰ্বাচন কৰোঁতে আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলে দলে যাক ভোট দিবলৈ কয় তাকে ভোট দিয়ে৷ ইন্দিৰা গান্ধীৰ ‘বিবেক ভোট’ আচলতে আছিল কংগ্ৰেছ দলৰ ভিতৰৰে ‘ইন্দিৰা গান্ধী’ গোটক দিয়া ভোট৷ নিৰ্বাচনী ৰাজনীতিত ব্যক্তি এজন একোটা ব্লকৰ সদস্য হ’বলৈ বাধ্য হয় আৰু সেই ব্লকৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে তেওঁ কাক ভোট দিব৷ 

গণতান্ত্ৰিক নিৰ্বাচন এটা সৰলৰৈখিক, একমাত্ৰিক কাৰবাৰ নহয়৷ বহু বিপৰীতমুখী, পৰস্পৰবিৰোধী আৰু পৰস্পৰ সম্পৰ্কহীন শক্তিৰ সমাহাৰেৰে ই এটা জটিল সামাজিক ঘটনা৷ এই জটিলতা নুবুজাকৈ ‘ভাল’ মানুহক ভোট দিলে তেওঁলোকে ‘ভাল’ চৰকাৰ গঠন কৰিব আৰু তেতিয়া দেশখন ‘ভাল’ হ’ব বুলি সহজ সিদ্ধান্ত কৰিব পাৰি, কিন্তু তেনেকৈ নিৰ্বাচনত জয়ী হ’ব নোৱাৰি৷ 

প্ৰশ্ন হ’ল– এজন ব্যক্তিয়ে যদি কোনো দল, গোট, জাক বা ব্লকৰ সদস্য হ’বলৈ ৰাজী নহয়, তেওঁ নিজৰ বিচাৰ-বিবেচনাৰে চলা এজন সচেতন নাগৰিকৰূপে থাকিব বিচাৰে আৰু নিজৰ বিচাৰ-বিবেচনাৰে নিৰ্বাচনত ভোট দিব বিচাৰে, তেতিয়া তেওঁৰ ভোটটোৰ সামগ্ৰিকভাৱে মূল্য কিমান? এই প্ৰশ্নৰ উত্তৰ বিচৰাৰ আগতে এই কথা উনুকিয়াব লাগিব যে গণতান্ত্ৰিক নিৰ্বাচন হ’ল সংখ্যাৰ খেল আৰু মহাপণ্ডিত আৰু মহামূৰ্খ দুয়োৰে ভোটৰ মূল্য সমান৷ নিৰ্বাচিত হ’বলৈ কমেও ইমানখিনি ভোট পাবই লাগিব বুলিও কোনো নিয়ম নাই৷ এটা সমষ্টিত যদি বাকীবোৰে এটাও ভোট নাপায়, তেনেহ’লে এটা ভোট পোৱাজনেই জয়ী হ’ব৷ গণতন্ত্ৰ ব্যক্তিৰ খেল নহয়, ই জাক, দল, গোট, ব্লকৰ খেল৷ গণতন্ত্ৰ সমূহৰ খেল৷ নিৰ্বাচন এটা সমূহীয়া কাৰবাৰ৷ এজন শিক্ষিত, সচেতন ব্যক্তিয়ে কি ভাবে তাক লৈ মূৰ ঘমাবলৈ নিৰ্বাচনৰ বতৰত দল বা প্ৰাৰ্থী কাৰো সময় নাথাকে৷ এজন এজনকৈ এনে ‘সচেতন’ লোকৰ ভোট গোটাবলৈ চেষ্টা কৰাটো পণ্ড শ্ৰম বুলি সকলো ৰাজনীতিবিদে জানে৷ গতিকে দলবোৰ সামূহিক ভোটৰ প্ৰতি আকৰ্ষিত হয়৷ 

ৰাজনৈতিক দলবোৰে টিভিৰ বিশ্লেষণবোৰত ভাগ ল’বলৈ মুখপাত্ৰসকলক দায়িত্ব দি দল আৰু প্ৰাৰ্থীসকলে সমষ্টিত আচল ‘ফিল্ড’ৰ কাম কৰে৷ এই ফিল্ডত কৰা বেছিভাগ কামেই এনেকুৱা যে কোনো দল বা প্ৰাৰ্থীয়ে মুকলিকৈ তেনে কাম কৰা বুলি স্বীকাৰ কৰিব নোৱাৰে, নকৰেও৷

ভোটিং মেচিনত ‘ন’টা’ বুলি এটা বুটাম থাকে৷ এজন প্ৰাৰ্থীকো পছন্দ নহ’লে ঘৰত বহি নাথাকি ভোটকেন্দ্ৰলৈ গৈ ‘তালিকাত থকা এজনকো ভোট নিদিওঁ’ বুলিও ভোট দিব পাৰিব৷ এটা সমষ্টিত যদি ন’টা ভোট সংখ্যাগৰিষ্ঠ হয়, তেতিয়াও আটাইতকৈ বেছি ভোট পোৱাজনেই জয়ী হ’ব৷ 

কোনো দল, গোট, বা ভোট বেংকৰ এজন নহৈ এজন সাধাৰণ নাগৰিক হৈ থাকিব খোজাসকলৰ ভোটে নিৰ্বাচনৰ যুঁজখনত নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰেনে? এজন ভোটাৰৰ ভোটটো কোনো ব্লক ভোট বা ভোট বেংকৰ অন্তৰ্গত নহ’লে সেই ভোটটো সেই সমূহীয়া শক্তিৰ আগত নিতান্তই তাৎপৰ্যহীন হৈ পৰে নেকি? সাধাৰণ নাগৰিকে বিবেচনাৰে দিয়া ভোটৰ তাৎপৰ্য অধিক হ’লে নিৰ্বাচনৰ ৰূপেই সলনি হৈ যাব আৰু সি হ’ব গণতন্ত্ৰৰ বাবেও সুখবৰ৷