Logo
image

ছিকিমৰ মহাপ্ৰলয়ৰ ছাঁ গেৰুকামুখত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ অক্টোবৰঃ ছিকিমৰ সৰ্ববৃহৎ তিস্তাৰ চুংথাং বান্ধ ডাৱৰ বিস্ফোৰণৰ ফলত লোনক হ্ৰদৰ পৰা বৈ অহা পানীৰ ধলে মুহূৰ্তৰ ভিতৰতে কিদৰে ধবংসলীলা চলালে সেয়া এতিয়া সকলোৱে চকুৰ সন্মুখত৷ ডাৱৰ বিস্ফোৰণৰ ফলত নামি অহা পানীৰ কোবাল সোঁতে ২৫ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ১২০০ মেগাৱাৰ্ট শক্তি উৎপাদন ক্ষমতা সম্পন্ন ছিকিম উৰ্জা বান্ধটোৰ এটা বৃহৎ অংশ ভাঙি নিয়াৰ সময়তে এতিয়া অৰুণাচলৰ নামনি সোঁৱণশিৰি বান্ধে যিকোনো মুহূৰ্ততে অসমলৈ বিপদ কঢ়িয়াই অনাৰ আশংকা অধিক ঘণীভূত হৈ পৰিছে৷ কিয়নো ছিকিমৰ মহাপ্ৰলয়ৰ ছাঁ পৰিছে  গেৰুকামুখত৷ ২০০০ মেগাৱাট ক্ষমতাৰ দেশৰ অন্যতম সৰ্ববৃহৎ সোঁৱণশিৰি বান্ধৰ প্ৰকল্পস্থলীত বৃহৎ অঘটন সংঘটিত হৈছে৷ দিনচেৰক পূৰ্বে গেৰুকামুখ প্ৰকল্পৰ এটা হৰ্চ ৰেছ টানেলৰ গোটেই ছাদখনেই খহি পৰিছে৷ বিগত ২৬ ছেপ্টেম্বৰতে প্ৰকল্পৰ ৮ নম্বৰ হৰ্ছ ৰেছ টানেলৰ ছাদ খন খহি পৰাত চাৰিজনকৈ শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে৷ ক্ষতিগ্ৰস্ত হৈছে তিনিখন বাহন৷ কিন্তু সোঁৱণশিৰি বান্ধত এই ভয়ংকৰ অঘটন সংঘটিত হোৱাৰ পাছতো এন এইচ পি চিয়ে সমগ্ৰ বিষয়টো গাপ দি ৰাখিছে৷ প্ৰকল্পটোৰ নিৰ্মাণৰত অৱস্থাতে ইটোৰ পাছত সিটো নিৰ্মাণ বিসংগতি পোহৰলৈ অহা ঘটনাই স্বাভাৱিকতেই চিন্তাৰ কাৰক হৈ পৰিছে৷ হৰ্ছ ৰেছ টানেলেৰে ৰিজাৰ্ভৰ পৰা পানী পাৱাৰ হাউচলৈ যোগান ধৰা হ’ব৷ প্ৰতি ছেকেণ্ডত ১ লাখ ৩৭ হাজাৰ কিউবিক লিটাৰ পানী টানেলেৰে নিৰ্গত হ’ব৷ বিগত ২৬ ছেপ্টেম্বৰতে উক্ত হৰ্ছ ৰেছ টানেলৰ ছাদ খহি পৰাই নহয়, চাৰিজনকৈ আঘাতপ্ৰাপ্ত শ্ৰমিক চিকিৎসাধীন হ’বলগীয়া হোৱাৰ পাছতো শুকুৰবাৰেহে এই দুৰ্ঘটনাৰ কথা ৰাজহুৱা হয়৷ এনে এটা গুৰুতৰ বিসংগতি নিৰ্মাণকাৰী সংস্থাটোৱে ইমান দিনে গোপনে ৰখাৰ চেষ্টাৰ আঁৰত যে কিবা গাফিলতি আছে সেয়া নকলেও স্পষ্ট হৈ পৰিছে৷ সোঁৱণশিৰি বান্ধত অঘটন এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বে দুয়োপাৰৰ শিলৰ পাহাৰ খহি টানেল পুতি পেলোৱাৰ লগতে ডাইভাৰ্চন টানেলৰ দুখনকৈ গেট পানীয়ে উটুৱাই নিছিল৷ আনকি নক্সা অনুসৰি নিৰ্দিষ্ট গভীৰতাৰ পৰা কংক্ৰিট নিৰ্মাণ নকৰাৰ আঁসোৱাহৰ অভিযোগ আছে এন এচি পি চি কতৃৰ্পক্ষৰ বিৰুদ্ধে৷ বান্ধৰ মূল নক্সা অনুসৰি যিমান গভীৰতাৰ পৰা অৰ্থাৎ মাটিৰ তলত কংক্ৰিটৰ দেৱাল নিৰ্মাণৰ গভীৰতা হ্ৰাস কৰি কম গভীৰতাৰ পৰাই মূল বান্ধটো নিৰ্মাণ কৰিছে৷ এনে কৰাৰ ফলত যিকোনো সাধাৰণ প্ৰাকৃতিক দুৰ্যোগত বান্ধটো খহাই নিয়াৰ আশংকাও ব্যক্ত কৰিছে বিশেষজ্ঞসকলে৷ লক্ষণীয়ভাৱে ডাৱৰ বিস্ফোৰণৰ ফলত তিস্তা নৈৰ বুকুত ২৫ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ছিকিম উৰ্জা নামৰ উন্নত প্ৰযুক্তিৰ বান্ধটো মাত্ৰ ১০ মিনিটতে পানীৰ ধলে চূৰমাৰ কৰাত এতিয়া ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবেই চুংথাং বান্ধটো ভাগি পৰা বুলিও বিস্ফোৰক অভিযোগ কৰিছে৷ যদিহে নিম্নমানৰ নিৰ্মাণ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ বাবে ছিকিম উৰ্জা বান্ধটো ভাঙি পৰিব পাৰে, তেনেহ’লে নিৰ্মাণ বিসংগতি থকা অৰ্থাৎ কম গভীৰতাৰ পৰা বান্ধৰ কংক্ৰিট নিৰ্মাণ কৰা সোঁৱণশিৰি নদীবান্ধো প্ৰাকৃতিক দুৰ্যোগত ভাগি পৰাৰ আশংকা নুই কৰিব নোৱাৰি৷ তিব্বতৰ পৰা বৈ অহা সোঁৱণশিৰিৰ ওপৰত থকা ৫২টা হিমবাহসৃষ্ট হ্ৰদৰ পাৰ ভাগি পৰিলেই গেৰুকামুখ প্ৰকল্প যে চূৰমাৰ হৈ পৰিব তাক ইতিমধ্যে বিশেষক্ষসকলে সকীয়াই দিছে৷ কেনেবাকৈ সোঁৱণশিৰি বান্ধ ভাগিলে মুহূৰ্ততে যে উত্তৰ অসমত জলপ্ৰলয়ৰ সূচনা হ’ব সেয়া নকলেও সকলোৰে বোধগম্য৷

গেৰুকামুখত সুৰংগ খহি ৪জন শ্ৰমিক আহত, ৩খন বাহন বিধবস্ত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ আৰু গোগামুখৰ প্ৰতিবেদকঃ ছিকিমৰ বৃহৎ নদীবান্ধ তিস্তা উজাৰ্ বান্ধৰ দৰেই সোৱণশিৰিৰ ওপৰত নিৰ্মীয়মান বৃহৎ নদীবান্ধ প্ৰকল্প নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পয়ো ভয়াৱহ সংকট নমাই আনিব নেকি? এই কথা এতিয়া ভবাই তুলিছে লখিমপুৰ, ধেমাজি, মাজুলীবাসীক৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত যোৱা ২৬ ছেপ্টেম্বৰতে সংঘটিত হোৱা এক ভয়ংকৰ ঘটনাৰ তথ্য এন এইচ পি চি কতৃৰ্পক্ষই গাপ দি ৰখাৰ পাছত সেই তথ্য আজি পোহৰলৈ অহাত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ যোৱা ২৬ ছেপ্টেম্বৰৰ নিশা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ৮নং টানেলৰ ভিতৰত পাহাৰ খহি তিনিখনকৈ গাড়ী বিধবস্ত কৰাৰ লগতে কামত নিয়োজিত ৪জন শ্ৰমিক সামান্য পৰিমাণে আহত হয়৷ এই ঘটনাত ভালেসংখ্যক শ্ৰমিক-বিষয়া-কৰ্মচাৰী কোনোমতেহে ৰক্ষা পৰে৷ উল্লেখনীয় কথা যে ৰুষ্ট প্ৰকৃতিয়ে বাৰে বাৰে বিপাঙত পেলোৱা বৃহৎ নদীবান্ধ নিৰ্মাণকাৰী সংস্থাটোৱে এই তথ্য গোপনে ৰাখি আহিছিল যদিও আজি এই ঘটনা পোহৰলৈ আহে৷ সেইদিনা পাহাৰ খহি টানেলৰ সন্মুখভাগত থকা দুখন নতুন মডেলৰ বলেৰ’ গাড়ীৰ লগতে এখন ফকলেন বিধবস্ত হয়৷ বাহনকেইখনৰ ওপৰত পাহাৰৰ ভূমিৰ লগতে পকী কংক্ৰিট খহি পৰাৰ ফলতে এনে দুৰ্ঘটনা সংঘটিত হয়৷ ২০০০মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠাৰ সময়তে প্ৰকল্পটোত ঘনে ঘনে সৃষ্টি হোৱা অথন্তৰে সকলোকে হতবাক কৰি তুলিছে৷ লক্ষ্যণীয় কথা যে সোৱণশিৰি বান্ধ প্ৰকল্পটো সময়ে সময়ে প্ৰকৃতিৰ ৰোষত পৰি অহাৰ ফলত নামনিত ৰাইজৰ মাজত বিভীষিকাৰ সৃষ্টি হৈ আহিছে৷ গেৰুকামুখৰ ঠুনুকা শিলৰ পাহাৰত সোৱণশিৰি নদীৰ বুকুত নিৰ্মীয়মান ১১৬মিটাৰ উচ্ছতাৰ বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ স্থায়িত্বক লৈ ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হোৱাৰ সময়তে প্ৰকল্পটোত সংঘটিত এনে অঘটনে সকলোকে আতংকিত কৰি তুলিছে৷