Logo
image

বান বিপৰ্যয়ৰ বাবে দায়ী মহানগৰবাসী! মন্ত্ৰী সিংঘাল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ অক্টোবৰঃ গুৱাহাটী মহানগৰীত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৃত্ৰিম বানে৷ অনিল নগৰ, নবীন নগৰ, ৰুক্মিণীনগৰ, হাতীগাঁও আদি অঞ্চলত কেৱল ৰাজপথেই নহয়, ঘৰৰ ভিতৰতো এক কঁকালপৰ্যন্ত পানী হৈছে৷ কৃত্ৰিম বানত আক্ৰান্তক উদ্ধাৰৰ বাবে ঠায়ে ঠায়ে মেছিন নাৱৰ ব্যৱস্থা কৰা হৈছে৷ কৃত্ৰিম বানত মহানগৰ গুৱাহাটী বিধবস্ত হোৱাৰ সময়ত কৃত্ৰিম বানৰ বুজ লোৱাৰ উদ্দেশ্যে ভৰলু শ্লুইচ গেট আৰু উলুবাৰীৰ  সমীপৰ চাৰিপুলত উপস্থিত হৈ পানীৰ নিৰ্গমনৰ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী অশোক সিংঘালে৷ গুৱাহাটীৰ ভয়াৱহ কৃত্ৰিম বানৰ বাবে মন্ত্ৰী সিংঘালে মহানগৰীবাসীক দোষাৰোপ কৰে৷ তেওঁ কয়– মহানগৰবাসীৰ ভুলৰ বাবে গুৱাহাটীত কৃত্ৰিম বান হয়৷ অৱশ্যে এইকেইদিন একে সময়তে বেছি পানী হৈ আছে৷ নলা-নৰ্দমা পৰিষ্কাৰ কৰিছোঁ যদিও পানী সম্পূৰ্ণৰূপে নিৰ্গমন হোৱা নাই৷ ভৰলুৰে ভালদৰে পানী বৈ আছে৷ কিন্তু নলা-নৰ্দমাত অবাধ বেদখল হোৱা বাবে ভৰলু-বাহিনীৰ পানী ভালদৰে ওলাই যাব পৰা নাই৷ সেইবাবে কেতবোৰ ঠাইত পাম্পৰ জৰিয়তে পানী উলিয়াই দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ মহানগৰীৰ ৩২টা ঠাইত পাম্পৰ জৰিয়তে পানী উলিয়াই দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ কৃত্ৰিম বান আগতকৈ বহু কমিছে৷ আগৰ দৰে ৮/১২ ঘণ্টা পানী বন্ধ হৈ থকা নাই৷ অনিল নগৰ-নবীন নগৰত কৃত্ৰিম বানৰ বাবে দোষ মহানগৰবাসীৰ৷ কিয়নো মহানগৰবাসীয়ে য’তে ত’তে জাৱৰ পেলায়৷ ইফালে, মহানগৰীৰ কৃত্ৰিম বান সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কয়– চৰকাৰক দুই ফালৰ পৰা পিটে সংবাদ মাধ্যমে৷ আপোনালোকে বিদ্যালয়ত গছ ৰুলেও পঢ়া ক্ষতি হ’ব বুলি কয়, খেলত প্ৰশিক্ষণ দিব লাগে বুলিও কয়৷ পানী হ’লেও বাতৰি কৰিব, নলা চাফা কৰি উচ্ছেদ কৰিলেও গালি পাৰিব৷ গছৰোৱা কামকো অশৈক্ষিক কাম কৰা বুলি কয়৷ নলা চাফা কৰিলে ক’ব কিয় উচ্ছেদ কৰে আৰু পানী হ’লেও ক’ব কিয় পানী হৈছে৷ এইটোৱেই মূল সমস্যা৷ গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা দূৰ কৰিবলৈ সকলোৱে চৰকাৰক সহযোগ কৰিব লাগিব৷ কেৱল চৰকাৰে এই সমস্যা দূৰ কৰিব নোৱাৰে৷

কৃত্ৰিম বানৰ কবলত উত্তৰ গুৱাহাটীৰ বহু ঠাই

‘আমাৰ অসম’ৰ আমিনগাঁৱৰ প্ৰতিনিধিঃ মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটীৰ লগতে উত্তৰ গুৱাহাটীৰ বিভিন্ন অঞ্চলত বিপদজনকভাৱে কৃত্ৰিম বানৰ সৃষ্টি হৈছে৷ উত্তৰ গুৱাহাটীত প্ৰয়োজনীয় স্থানত পৰিকল্পিতভাৱে পথ আৰু নলা-নৰ্দমা নিৰ্মাণ নকৰাৰ ফলত জীয়াতু ভুগিবলগীয়া হৈছে উত্তৰ গুৱাহাটীৰ কেইবাখনো গাঁৱৰ ৰাইজ৷ কিছুমান অঞ্চলত নৰ্দমা নিৰ্মাণ কৰা হৈছিল যদিও সেই নলাৰ পানী বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰি জধে-মধে নিৰ্মাণ কৰাৰ ফলত বহু অঞ্চলত নলাৰ পানীহে ওলোটাই মূল পথলৈ বাগৰি অহা পৰিলক্ষিত হয়৷ উত্তৰ গুৱাহাটীৰ বহু অঞ্চলত নলা-নৰ্দমাৰ ব্যৱস্থা নথকাৰ ফলত উত্তৰ গুৱাহাটী সূৰুজ নগৰ, কলবাৰী, কটাহ বজাৰ, ৰহধলা আৰু ৰূদ্ৰেশ্বৰ গাঁৱৰ বহু অঞ্চলৰ বাট-পথত কেইবাদিনো ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে৷ পানীৰে ভৰি থকাৰ ফলত বহু অঞ্চলত পথ নে আন কিবা ধৰিব নোৱৰা অৱস্থা হৈছে৷ উত্তৰ গুৱাহাটীৰ সূৰুয পথ, ৰহধলা, কটাহ বজাৰ, কলবাৰী আদি গাঁৱৰ পথত এতিয়া পোহনীয়া হাঁহৰ চৰণীয়া পুখুৰী হৈছে৷ তদুপৰি, পথসমূহত একাঁঠুলৈকে পানী জমা হোৱাৰ ফলত নিশাটো বাদেই দিনতে খোজকাঢ়ি যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে গাঁওবাসী৷ ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছে শিক্ষাৰ্থীসকল৷ অকল ইমানেই নহয় কৃত্ৰিম বানৰ ফলত বহু পৰিয়ালৰ বাৰীৰ পাণ-তামোল, নাৰিকল, কলগছ, নেমুৰ লগতে বহু মূল্যৱান গছ-গছনি মৰি যোৱা পৰিলক্ষিত হৈছে৷ এক কথাত ক’বলৈ গ’লে কৃত্ৰিম বানত ককবকাই ফুৰিছে অঞ্চলসমূহৰ গাঁওবাসী৷ পৰিতাপৰ বিষয় যে অঞ্চলসমূহৰ গাঁওবাসী কৃত্ৰিম বানত ককবকাই থকাৰ পাছতো খবৰ ল’বলৈ আহৰি নাই কামৰূপ জিলা প্ৰশাসন কিম্বা জনপ্ৰতিনিধিৰ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিৰ ৰাইজে এইদৰে কৃত্ৰিম বানত ককবকাই থকাৰ পাছতো ৰাইজৰ এই বিপদৰ সময়ত খবৰ ল’বলৈ কামৰূপ জিলা প্ৰশাসন তথা জনপ্ৰতিনিধি উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰে ভুক্তভোগী গাঁওবাসী৷ ভুক্তভোগী ৰাইজে অতি সোনকালে উত্তৰ গুৱাহাটীত বিজ্ঞানসন্মতভাৱে নলা-নৰ্দমা নিৰ্মাণ কৰি উত্তৰ গুৱাহাটীৰ কৃত্ৰিম বান ৰোধ কৰাত কামৰূপ আয়ুক্ত কীৰ্তি জল্লীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনাইছে৷