Logo
image

ছেবাৰ দুই বিষয়া গ্ৰেপ্তাৰ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ৭ অক্টোবৰঃ অন্ত পৰা নাই চৰকাৰী বিষয়াৰ হাত দঙাৰ প্ৰতিযোগিতা৷ ৰাজ্যত দুই ঠাইত পুনৰ হাত দাঙিলে তিনিগৰাকী চৰকাৰী বিষয়াই৷ গুৱাহাটী আৰু শোণিতপুৰত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে তিনিজন চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে৷ প্ৰথমে  তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই গুৱাহাটীৰ বামুণীমৈদামৰ অসম উচ্ছ মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ‘ছেবা’ৰ কাৰ্যালয়ত অভিযান চলাই হাতে-লোটে দুই কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে৷ ধৃত কৰ্মচাৰী দুজন হৈছে –ছেবাৰ পঞ্জীয়ন বিভাগৰ ভাৰপ্ৰাপ্ত অধীক্ষক দীনবন্ধু কলিতা আৰু সহকাৰী অধীক্ষক চৈয়দ আৰিছুদ্দিন আহমেদ৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এজন অভিভাৱকে নিজৰ সন্তানৰ মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণ হোৱাৰ প্ৰমাণ-পত্ৰ আৰু মাৰ্কশ্বিট শুধৰাবলৈ ছেবাৰ বামুণীমৈদামৰ কাৰ্যালয়লৈ আহে৷ কাৰ্যালয়ত উপস্থিত হৈ অভিভাৱকজনে ছেবাৰ পঞ্জীয়ন শাখাৰ ভাৰপ্ৰাপ্ত অধীক্ষক দীনবন্ধু কলিতা আৰু সহকাৰী অধীক্ষক চৈয়দ আৰিছুদ্দিন আহমেদক সাক্ষাৎ কৰি সন্তানৰ নথি-পত্ৰ শুধৰাই দিবলৈ আবেদন জনায়৷ নাম শুধৰাই দিয়াৰ বাবে ছেবাৰ বিষয়াদ্বয়ে অভিভাৱকজনৰ পৰা দুই হাজাৰ টকা উৎকোচ বিচাৰে৷ লগে লগে অভিভাৱকজনে ৰূপনগৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়ত উপস্থিত হৈ শীৰ্ষ আৰক্ষী বিষয়াক সকলো কথা বিৱৰী কয়৷ দুৰ্নীতি নিবাৰক শাখাৰ পৰামৰ্শৰ ভিত্তিত অভিভাৱকজনে ছেবাৰ কাৰ্যালয়ত উপস্থিত হৈ দুই বিষয়াক ১৫০০ টকা আদায় দিয়ে৷ ঠিক সেই সময়তে পূৰ্বেৰে পৰা খাপ পিটি থকা তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে দুই বিষয়াক গ্ৰেপ্তাৰ কৰে৷ ঘটনা সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাই থানাত ৭৯/২৩ নম্বৰত এটা গোচৰ ৰুজু কৰি ছেবাৰ দুই বিষয়াক জেৰা চলাই আছে৷ 

গহপুৰত ভিজিলেন্সৰ অভিযান, গ্ৰেপ্তাৰ শিক্ষা বিষয়া

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ গহপুৰত ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্বন দলৰ অভিযান৷ গহপুৰৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত শিক্ষা বিষয়া হৰিপ্ৰসাদ দাসক গ্ৰেপ্তাৰ কৰে ভিজিলেন্সে৷ শিক্ষক বদলিৰ বাবে জৰিগুৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক কিৰণ পেগুৰ পৰা ছয় হাজাৰ টকা ঘোচ লোৱাৰ সময়তে ভিজিলেন্সে হাতে লোটে ধৰে শিক্ষা বিষয়াজনক৷ দহ হাজাৰ টকা বিচাৰিছিল শিক্ষকজনৰ পৰা৷ ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্বনৰ পাঁচজনীয়া দলে এই অভিযান চলায়৷