Logo
image

অতিৰিক্ত ঘাম গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে

অত্যধিক গৰম বা শাৰীৰিক পৰিশ্ৰম কৰিলে সাধাৰণতে মানুহৰ শৰীৰৰ পৰা ঘাম ওলায়৷ কিন্তু জোখতকৈ বেছি ঘাম ওলোৱাটো কোনো ৰোগৰ লক্ষণো হ’ব পাৰে৷ সেয়ে জোখতকৈ বেছি ঘাম ওলালে চিকিৎসকৰ পৰামৰ্শ লওক৷ ঘামে শৰীৰ ঠাণ্ডা কৰি ৰখাত যিদৰে সহায় কৰে, সেইদৰে কেতিয়াবা স্বাস্থ্যৰ বাবে ই বিপদো মাতি আনিব পাৰে৷

অতিৰিক্ত ঘাম ওলোৱাৰ কাৰণঃ

⬛ শৰীৰৰ পৰা অতিৰিক্ত ঘাম কেইবাটাও কাৰণত ওলাব পাৰে৷ কেতিয়াবা হাইপাৰ হাইড্ৰছিছ নামৰ শাৰীৰিক অৱস্থাৰ কাৰণেও ঘাম বেছিকৈ ওলায়৷ এনে শাৰীৰিক অৱস্থা মূলতঃ বংশগত কাৰণত হয়৷  

⬛ কেতিয়াবা হৰমনৰ তাৰতম্য হ’লেও ঘাম বেছিকৈ ওলায়৷ 

⬛ হৃদপিণ্ডৰ সমস্যা, কেন্সাৰ বা সংক্ৰমণৰ বাবেও ঘাম বেছিকৈ ওলাব পাৰে৷ 

⬛ ঘাম বেছিকৈ ওলোৱাৰ আন এক কাৰণ হ’ল ওজন বৃদ্ধি পোৱা৷ ওজন অস্বাভাৱিকভাবে বাঢ়িলেও ঘাম বেছিকৈ ওলাব পাৰে৷

⬛ অতিৰিক্ত ঘাম ওলোৱাটো ডায়েবেটিছৰ লক্ষণো হ’ব পাৰে৷

অতিৰিক্ত ঘাম নিয়ন্ত্ৰণৰ উপায়ঃ 

⬛ বেছিকৈ ঘাম ওলালে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ লওঁক৷

⬛ ঘাম বেছিকৈ ওলালে বিভিন্ন কাম-কাজত ব্যাঘাত জন্মে৷ 

⬛ বেছিকৈ ঘমাৰ ফলত কাপোৰ সঘনাই সলনি কৰিব লাগে৷ এনেধৰণৰ সমস্যাৰ সৃষ্টি হ’লেই ঘাম বেছিকৈ ওলোৱা বিষয়টোক অৱজ্ঞা কৰিব নালাগে৷ কেতিয়াবা সাধাৰণতে বেছিকৈ ঘাম ওলোৱাৰ পাছতো গুৰুত্ব নিদিয়াৰ ফলত মাৰাত্মক অসুখত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷

⬛ বেছিকৈ ঘাম ওলালে পৰ্যাপ্ত পৰিমাণৰ পানী খাওক৷ বেছিকৈ ঘামিলে পানী খোৱাৰ পৰিমাণ বৃদ্ধি কৰাটোৱে আটাইতকৈ সহজ উপায়৷