Logo
image

বিশালাকাৰ হাস্পতাল চিকিৎসাহে পাবলৈ নাই

‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধি, ৭ অক্টোবৰঃ ৰাজ্যৰ স্বাস্থ্যখণ্ডত উন্নয়নৰ ফোঁপোলাস্বৰূপ ওলাই পৰিছে৷ মন্ত্ৰী কেশৱ মহন্ত নেতৃত্বাধীন স্বাস্থ্য বিভাগৰ উন্নয়ন হোৱা বুলি যিমানেই ঢাক-ঢোল নবজাওক কিয় শেহতীয়াভাৱে নলবাৰী মেডিকেল কলেজ হাস্পতালত এগৰাকী কণমানিয়ে প্ৰয়োজনীয় এটি বেজীৰ পৰা বঞ্চিত হৈ কৰুণ মৃত্যুক সাবটি লোৱা মৰ্মান্তিক ঘটনাই উদঙাই দিছে স্বাস্থ্য বিভাগৰ এনে নগ্নস্বৰূপ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ নামত বছৰি হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰা বিয়াগোম বিভাগটোৰ অধীনস্থ চিকিৎসালয় কিম্বা  মহাবিদ্যালয়সমূহৰ বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ কৰা হৈছে যদিও এনে প্ৰায়সংখ্যক চিকিৎসালয়তে নাই নূ্যনতম সা-সুবিধা৷ একমাত্ৰ কমিচনৰ স্বাৰ্থত কোটি-কোটি টকা ব্যয় কৰি বৃহৎ বৃহৎ গৃহসমূহ নিৰ্মাণ কৰা হৈছে যদিও অধিকাংশ চিকিৎসালয়তে পাবলৈ নাই পৰ্যাপ্তসংখ্যক চিকিৎসক তথা আন চিকিৎসাকৰ্মী৷ চিকিৎসকৰ বাবে নিৰ্মাণ কৰা আৱাসসমূহত নাথাকে চিকিৎসক৷ নিয়মানুসৰি এনে আৱাসত চিকিৎসকসকল থাকিব লাগে যদিও প্ৰায়সংখ্যক চিকিৎসকে নিজৰ ঘৰৰ পৰাহে অহা-যোৱা কৰি কৰ্তব্য পালন কৰা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পূৰ্বে স্বাস্থ্যমন্ত্ৰী হৈ থকাৰ সময়তে কোটি কোটি টকা খৰচ কৰি স্বাস্থ্য খণ্ডৰ উন্নয়নৰ দোহাই দি নিৰ্মাণ কৰিছিল ইখনৰ পাছত সিখন চিকিৎসালয় কিম্বা চিকিৎসা মহাবিদ্যালয়৷ বিশালাকাৰৰ অট্টালিকা নিৰ্মাণ কৰা হয় যদিও আন্তঃগাঁথনিৰ অতি প্ৰয়োজনীয় চিকিৎসক তথা চিকিৎসাকৰ্মীৰ নিযুক্তিৰ বিষয়টোত চৰকাৰে যিধৰণে গুৰুত্ব দিব লাগিছিল তেনে নকৰাত স্বাস্থ্য খণ্ডৰ প্ৰকৃত উন্নয়ন একপ্ৰকাৰ প্ৰহসনতহে পৰিণত হৈছে৷ চিকিৎসালয় স্থাপনৰ নামত কেৱল প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকা নিৰ্মাণ কৰি বাহিৰে ৰং-চং ভিতৰে কোৱাভাতুৰিৰ দৰে অৱস্থা হৈছে৷ কিয়নো ৰাজ্যত কেইবাখনো চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে যদিও এই চিকিৎসালয়সমূহত পাবলৈ নাই নূ্যনতম সুবিধা৷ শেহতীয়াভাৱে নলবাৰী মেডিকেল কলেজত এনটিভেনাম ইনজেকচনৰ অভাৱত এটি কণমানিৰ কৰুণ মৃত্যু ঘটা ঘটনাই ৰাজ্য স্বাস্থ্য খণ্ডৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে৷ ৰাজ্যখনৰ কেইবাখনো চিকিৎসালয়ত কদৰ্য পৰিৱেশে বিৰাজ কৰা ছবিয়েও মন্ত্ৰী কেশৱ মহন্তৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ নামত আচলতে কি ঘটিছে তাক প্ৰতীয়মান কৰিছে৷ আনহাতে, চৰকাৰী চিকিৎসালয়তে মাজে সময়ে চলি থকা শিশু চুৰি ঘটনাইও চিকিৎসা খণ্ডৰ ভয়াৱহ ছবি ইতিমধ্যে উদঙাই দিছে৷ ইফালে, শেহতীয়াভাৱে ৰাজ্যত একমাত্ৰ চিকিৎসক বনোৱাৰ নামত কেইবাখনো চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে যদিও বৰপেটা, নলবাৰীকে ধৰি প্ৰায়কেইখন চিকিৎসা মহাবিদ্যালয়ত নাই পৰ্যাপ্ত সা-সুবিধা৷ ৰাজ্যত চিকিৎসালয়ৰ সংখ্যা বৃদ্ধি হৈছে যদিও চৰকাৰী চিকিৎসালয়ত পাবলৈ নাই বিভিন্ন বিভাগৰ চিকিৎসক৷ শেহতীয়াভাৱে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চূড়ান্ত গাফিলতিৰ বাবেই জিলাখনৰ তন্ত্ৰ শংকৰা গাঁৱৰ ৰাজু ডেকা আৰু চিমি ডেকাৰ একমাত্ৰ কন্যা ঈশানী কাশ্যপে মৃত্যুক সাবটি ল’বলগীয়া হৈছিল৷ অভিযোগ অনুসৰি বিষাক্ত সৰ্পই দংশন কৰা ফুলকুমলীয়া শিশুটিক নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কৰ্তব্যৰত চিকিৎসক তথা আন চিকিৎসাকৰ্মীয়ে বিশেষ গুৰুত্বই দিয়া নাছিল৷ এনটিভেনাম ইনজেকচন দিয়াৰ পৰিৱৰ্তে কণমানিজনীক সাধাৰণ বেজী আৰু চেলাইন দিয়ে দায়িত্ব সামৰিছিল চিকিৎসালয়ৰ কৰ্তব্যৰত চিকিৎসকে৷ ভেণ্টিলেটৰৰ ব্যৱস্থা নথকা চিকিৎসা মহাবিদ্যালয়খনৰ নাৰ্ছৰ দুৰ্ব্যৱহাৰৰো অভিযোগ উত্থাপন হৈছে৷ চিকিৎসা মহাবিদ্যালয়খনত উক্তদিনা শিশু ৰোগ বিশেষজ্ঞ, মেডিচিন বিশেষজ্ঞ উপস্থিত নথকাৰ বাবেই এণ্টিভেনাম ইনজেকচন দিব নোৱাৰিলে বুলি জনা গৈছে৷ ইফালে, চিকিৎসালয়ৰ গাফিলতিৰ বাবে কণমানিজনীৰ মৃত্যু ঘটা সন্দৰ্ভত মেডিকেল কলেজৰ অধ্যক্ষই তদন্ত কৰিবলৈ তিনিজনীয়া কমিটী গঠন কৰি দিছে যদিও এই তদন্তই কি ৰূপ লয় সেয়া সময়তহে গম পোৱা যাব৷ উল্লেখ্য, বিষাক্ত সৰ্পৰ দংশনত নলবাৰী অভ্যাসন বিদ্যালয়ৰ ‘ক’ শ্ৰেণীৰ ছাত্ৰী ঈশানী কাশ্যপৰ কৰুণ মৃত্যু ঘটাক লৈ বিদ্যালয়খনত বৃহস্পতিবাৰে সকৰুণ পৰিৱেশৰ সৃষ্টি হয়৷ মঙলবাৰে নিশা ঘৰৰ পৰা বাহৰিলৈ যাওঁতে বিষাক্ত সৰ্পই দংশন কৰিছিল কণমানি ঈশানীক৷ পাছত কণমানিজনিক নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে পিছদিনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল৷ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কণমানি ঈশানীয়ে৷ কণমানিজনীক নলবাৰী মেডিকেল কলেজত প্ৰয়োজনীয় এণ্টিভেনাম ইনজেকচন দিয়াহেঁতেন নিশ্চিতভাৱে শিশুটিয়ে কৰণ মৃত্যুক আঁকোৱালি ল’ব লগা নহ’লহেঁতেন বুলি চৰ্চিত হৈছে৷ বৃহস্পতিবাৰে ছাত্ৰীগৰাকীৰ নশ্বৰদেহ নিজ বিদ্যালয়লৈ আনি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু উপস্থিত অভিভাৱকসকলে৷ বিদ্যালয়ত ছাত্ৰী ঈশানী কাশ্যপৰ নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সময়ত দেখা গৈছিল এক শোকাকুল পৰিৱেশ৷ ইফালে, সৰ্বসাধাৰণ জনতাৰ চিকিৎসাৰ মূল আশ্ৰয়স্থল নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন নৱনিৰ্মিত নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ লগত চামিলকৰণক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিবাদ৷ অসামৰিক চিকিৎসালয়খনৰ পূৰ্বৰ মৰ্যাদা আৰু পৰিসেৱা ঘূৰাই দিয়াৰ দাবীত অব্যাহত আছে আন্দোলন৷ অসামৰিক চিকিৎসালয়খনৰ পূৰ্বৰ অৱস্থা বাহাল ৰখাৰ দাবীত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ উদ্যোগত ইতিমধ্যে ৰূপায়ণ কৰা হৈছে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী৷ তৎসত্ত্বেও গা লৰা নাই চৰকাৰৰ৷