Logo
image

ছিকিমত এতিয়াও ১৪২জন সন্ধানহীন, ২৭ জনৰ মৃত্যু

গেংটক, ৭ অক্টোবৰঃ হঠাতে হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত অহা ভয়ংকৰ বৃষ্টিপাতে প্ৰাকৃতকি সৌন্দৰ্যৰে ভৰপুৰ উত্তৰ-পূবৰ ৰাজ্য ছিকিমত ভয়ংকৰ জলপ্ৰলয় সৃষ্টি কৰাৰ খবৰে দেশ জোকাৰি গৈছে৷ বিশেষকৈ উত্তৰ ছিকিমত হোৱা ভয়ংকৰ জলপ্ৰলয়ে চাৰিখনকৈ জিলাক বেয়াকৈ বিধবস্ত কৰে৷ প্ৰবল বৃষ্টিপাতৰ ফলত হোৱা  ভয়ংকৰ বানে তিস্তা নদীৰ ওপৰত থকা চুংথাং নদীবান্ধ ভাগি যায়৷ যাৰ ফলত উত্তৰ ছিকিমত জলপ্ৰলয় হয় আৰু এইপৰ্যন্ত ২৭জন লোকৰ মৃত্যু হৈছে আৰু এতিয়াও ১৪২জন লোক সন্ধানহীন হৈ আছে৷ সন্ধানহীন লোকক বিচাৰি উলিয়াবলৈ চেষ্টা চলাই থকা হৈছে৷ উদ্ধাৰ আৰু সাহায্য অভিযান চলাবলৈ দল প্ৰেৰণ কৰা হৈছে৷ বানৰ ফলত বিধবস্ত হোৱা চাৰিখনৰ জিলাৰ পৰা কেইবা হাজাৰ লোকক উদ্ধাৰ কৰি অস্থায়ী সাহায্য শিবিৰত ৰখা হৈছে৷ উল্লেখ্য, এই বানে ভাৰতীয় সেনাৰ ২৩জন জোৱানকো উটুৱাই নিছিল৷ ইয়াৰে ৮জন জোৱানক উদ্ধাৰ কৰা হয়৷ কিন্তু বাকীকেইজন জোৱান এতিয়াও সন্ধানহীন হৈ আছে৷ গতিকে তেওঁলোকক লৈ চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক আৰু সেনা৷ ভাৰতীয় সেনা, এনডিআৰএফ দলে নামনি এলেকাত সন্ধানহীন সেনাক বিচাৰি অভিযান চলাই আছে৷ ছিকিমত হোৱা বানৰ ফলত ১৪খন দলং সম্পূৰ্ণৰূপে ধবংস হয়৷ মংগান জিলাতে ৮খন দলং ধবংস হয়৷ ভাৰতীয় সেনাই লাচেন, লাচুং আৰু চুংথাঙৰ পৰা ১,৪৭১জন পৰ্যটকক উদ্ধাৰ কৰে৷ এতিয়াও ১,৬০০জন পৰ্যটক আৱদ্ধ হৈ আছে৷ তেওঁলোককো নিৰাপদে উদ্ধাৰ কৰিবলৈ অভিযান চলোৱা হৈছে৷ ২২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হোৱা এই বানক লৈ কেন্দ্ৰীয় চৰকাৰো চিন্তিত হৈ পৰিছে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সকলোধৰণৰ সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে৷ তেওঁ শুকুৰবাৰে ছিকিমলৈ সাহায্য হিচাপে ৪৪.৮ কোটি টকা এছডিআৰএফৰ পুঁজিৰ পৰা আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷ বান আৰু বেয়া বতৰৰ বাবেই ১৫ অক্টোবৰলৈকে ছিকিমত চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়, কলেজ বন্ধ ৰখা হৈছে৷