Logo
image

ইতিহাস ৰচিলে টীম ইণ্ডিয়াইঃ এছিয়ান গেমছত ক্ৰিকেটত ভাৰতৰ স্বৰ্ণ জয়

ডিজিটেল ডেস্কঃ চীনত হাংঝৌত অনুষ্ঠিত হোৱা এছিয়ান গেমছত এটাৰ পিছত আনটো সফলতা লাভ কৰিছে ভাৰতে৷ ভাৰতীয় মহিলা দলৰ পিছত এইবাৰ ক্রিকেটত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হ'ল ভাৰতীয় পুৰুষ দলে। উল্লেখ্য যে বৰষুণৰ বাবে আধাতে বন্ধ কৰি দিয়া হৈছিল খেলখন। খেল বাতিল হোৱাৰ পিছত ভাৰতীয় দলক বিজয়ী ঘোষণা কৰে এছিয়ান গেমছ কৰ্তৃপক্ষই।

টছত জয়ী হৈ টীম ইণ্ডিয়াই প্ৰথমে আফগানিস্তানক বেটিং কৰিবলৈ আমন্ত্ৰণ কৰে৷ প্ৰতিকূল বতৰৰ বাবে আফগানিস্তানে ১৮.২ অভাৰত ৫টা উইকেট হেৰুৱাই ১১২ ৰান সংগ্ৰহ কৰে৷ ইয়াৰ পিছতেই বাতিল কৰিব লগীয়া হয় ক্ৰিকেট মেচখন৷ যাৰ বাবে টুৰ্ণামেণ্টত শীষস্থানত থকা টীম ইণ্ডিয়াক বিজয়ী ঘোষণা কৰে কৰ্তৃপক্ষই। উল্লেখযোগ্য যে চলিত বৰ্ষত প্ৰথমবাৰৰ বাবে এছিয়ান গেমছত অনুষ্ঠিত হৈছিল ক্ৰিকেট প্ৰতিযোগিতা। সেই সূত্ৰে এছিয়ানৰ বাকৰিত হোৱা প্ৰথমখন ক্ৰিকেট প্ৰতিযোগিতাত প্ৰথম স্বৰ্ণ জয়ৰ ইতিহাস ৰচে ভাৰতীয় ক্ৰিকেট দলে।

ভাৰতে ২০২৩ৰ এছিয়ান গেমছৰ আৰম্ভণিৰ পূৰ্বেই ১০০ পদকৰ লক্ষ্য স্থিৰ কৰিছিল। শনিবাৰে পুৱা ভাৰতীয় মহিলা কাবাদী দলে স্বৰ্ণ জয় কৰাৰ পিছতে সৃষ্টি হ’ল ইতিহাস। ভাৰতে এতিয়ালৈকে ১০৭ পদক জয় কৰিবলৈ সক্ষম হৈছে।ইয়াৰ ভিতৰত ২৮ টা স্বৰ্ণ, ৩৮টা ৰূপ আৰু ৪১ ব্ৰঞ্জৰ পদক আছে। ভাৰতীয় খেলুৱৈসকলৰ এই সফলতাত আনন্দিত দেশবাসী৷