Logo
image

নিজৰ খৰচ নিজেই বহন কৰিব মুখ্যমন্ত্ৰীয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ অক্টোবৰঃ ব্যয় সংকোচন নে আৰ্থিক দুৰৱস্থা? মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে শেহতীয়াভাৱে ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তলৈ প্ৰেৰণ কৰা এখন নিৰ্দেশনাক কেন্দ্ৰ কৰি উত্থাপিত হৈছে এই প্ৰশ্ন৷ হিতাধিকাৰীৰ বাবে ইটোৰ পিছত সিটোকৈ আঁচনি ঘোষণা কৰা ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিগত আঢ়ৈ বছৰত ৰাজ্য চলাবলৈ বিভিন্ন উৎসৰ পৰা হাজাৰ হাজাৰ কোটি টকা ঋণ লৈছে৷ এহাতে ঋণ লোৱাৰ বিপৰীতে চৰকাৰে ব্যয়ৰ ক্ষেত্ৰতো কোনো ধৰণৰ কৃপনালি কৰা নাই৷ কেৱল হিতাধিকাৰীৰ নামতে নহয়, বিভিন্ন অনুষ্ঠিত কাৰ্যসূচী আদি আয়োজনৰ নামতো ব্যয় হৈ আছে কোটি কোটি টকা৷ এই সমুদায় ধন ব্যয় হৈ আছে ৰাজকোষৰ পৰা৷ অন্যতো বাদেই গুৱাহাটীৰ বাহিৰত কেবিনেট বৈঠক, উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ সন্মিলন আদি অনুষ্ঠিত কৰাৰ বাবদ ব্যয় হৈ আছে বুজন পৰিমাণৰ পুঁজি৷ চৰকাৰখনৰ এই কাৰ্যক লৈ ইতিমধ্যে ৰাজ্যৰ সৰ্বস্তৰৰ লোকৰ মাজতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ সঘনাই ভ্ৰমণ কৰি বিভিন্ন চৰকাৰী কাৰ্যসূচীত উপস্থিত থকাৰ ফলত জিলা প্ৰশাসনৰ ওপৰত বৃদ্ধি পাইছে পুঁজি ব্যয়ৰ বোজা৷ সেয়ে এতিয়াৰে পৰা জিলা প্ৰশাসনৰ ওপৰত এই বোজা জাপি দিয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ব্যয় কৰিব মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ সমস্ত ব্যয়৷ ৩ অক্টোবৰত স্বাক্ষৰ কৰা এই নিৰ্দেশনাটোত কোৱা হৈছে যে মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ সৈতে জড়িত নিৰাপত্তাৰক্ষী আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াসকলৰ থকা-খোৱাৰ ব্যৱস্থাত জিলা প্ৰশাসনৰ ভূমিকা সীমিত হ’ব৷ বিষয়াসকলে নিজৰ থকা-খোৱাৰ সকলো খৰচ সাধাৰণতে নিজেই বহন কৰিব যাৰ বিপৰীতে টিএ আৰু ডিএৰ সুবিধা দিয়া হ’ব৷ কিন্তু যিকোনো চৰকাৰী কাৰ্যসূচীৰ অংশ হিচাপে স্থানীয় প্ৰশাসনে আয়োজন কৰা দুপৰীয়া বা নৈশ আহাৰৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব৷ মুখ্যমন্ত্ৰীৰ থকা-খোৱাৰ বিল মুখ্যমন্ত্ৰী নিজেই পৰিশোধ কৰিব৷ মুখ্যমন্ত্ৰীৰ চৰকাৰী দৰ্শনাৰ্থীৰ আপ্যায়ন আদিৰ ব্যয়ৰ ক্ষেত্ৰত জিলা আয়ুক্তই প্ৰমাণিত বিল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত দাখিল কৰিব আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে অগ্ৰাধিকাৰ ভিত্তিত এই ধন পৰিশোধ কৰিব৷ কেবিনেট আৰু পৰ্যালোচনা সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে প্ৰয়োজনীয় ব্যয়ৰ বাহিৰে অতিৰিক্ত ব্যয় কৰিব নোৱাৰিব৷ কেবিনেট বৈঠক পৰিচালনাৰ বাবে সংশ্লিষ্ট জিলাৰ আয়ুক্তক তাৎক্ষণিকভাৱে ৫ লাখ টকাৰ এককালিন পুঁজি মুকলি কৰি দিয়া হ’ব৷ মুখ্যমন্ত্ৰীয়ে আয়োজন কৰা চৰকাৰী দুপৰীয়া বা নৈশ ভোজৰ কাৰ্যসূচীৰ ক্ষেত্ৰত প্ৰমাণিত বিল জিলা আয়ুক্তই পৰিশোধৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ক জমা দিব৷ মুখ্যমন্ত্ৰীয়ে অংশ লোৱা চৰকাৰী বা ৰাজহুৱা কাৰ্যসূচী আৰু সভাৰ ক্ষেত্ৰত হোৱা ব্যয় সংশ্লিষ্ট বিভাগে বহন কৰিব৷ এটাতকৈ অধিক বিভাগ জড়িত থকা কাৰ্যসূচীৰ ক্ষেত্ৰত ব্যয় এটা নিৰ্দিষ্ট বিভাগে বহন কৰিব বা জিলাখনৰ অভিভাবক মন্ত্ৰীৰ পৰামৰ্শ অনুসৰি সংশ্লিষ্ট বিভাগসমূহৰ মাজত সমানে ভাগ কৰিব ল’ব৷ বিভাগসমূহে এনে ধন আঁচনিৰ প্ৰশাসনিক পুঁজিৰ পৰা বা নিয়মীয়া বাজেট আবণ্টনৰ জৰিয়তে পৰিশোধ কৰিব৷ মুখ্যমন্ত্ৰীৰ কনভয়ত জিলা প্ৰশাসনে যোগান ধৰা ইন্ধন আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াসকলে ব্যৱহাৰ কৰা বাহনৰ ক্ষেত্ৰত প্ৰমাণিত বিল বাহন আৰু ব্যৱহাৰকাৰী বিষয়াৰ সবিশেষৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰ্যায়ত জমা দিব লাগিব৷ কনভয়ৰ নিৰাপত্তাৰক্ষীৰ বাহনত ইন্ধন যোগান ধৰিব আৰক্ষী কতৃৰ্পক্ষই৷ এই নিৰ্দেশনাটোত লগতে স্পষ্ট কৰি দিয়া হৈছে যে মন্ত্ৰীসকলৰ বিভিন্ন জিলাৰ চৰকাৰী ভ্ৰমণৰ ক্ষেত্ৰতো অনুৰূপ ব্যৱস্থা প্ৰযোজ্য হ’ব৷ এতিয়া সময়েহে ক’ব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এই নতুন ব্যৱস্থাই চৰকাৰৰ ব্যয় সংকোচন নীতিক কিমান দূৰলৈ সহায় কৰে৷