Logo
image

গেৰুকামুখত ঘনে ঘনে বিপৰ্যয়, তথ্য গোপন কৰিছে এনএইচপিচিয়ে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৮ অক্টোবৰঃ ছিকিমৰ বিভীষিকাৰ পৰাও যেন অলপো শিক্ষা লোৱা নাই এন এইচ পি চি আৰু বিজেপি চৰকাৰে৷ ডাৱৰ বিস্ফোৰণৰ ফলত উত্তৰ ছিকিমৰ লোনক হ্ৰদৰ পাৰ ভাগি বৈ অহা পানীৰ ধলে প্ৰকৃতিৰ ৰাণী ছিকিমৰ সৰ্ববৃহৎ চুংথাং নদীবান্ধক ভাঙি চূৰমাৰ কৰাৰ সময়তে এইবাৰ গেৰুকামুখৰ নামনি সোঁৱণশিৰি বান্ধৰ ভয়ংকৰ  অঘটনৰ তথ্য পোহৰলৈ আহিছে৷ সোঁৱণশিৰি বান্ধৰ প্ৰকল্পস্থলীত বান্ধটোৰ নিৰ্মাণৰত অৱস্থাতে এটাৰ পাছত এটা দুৰ্ঘটনা সংঘটিত হৈছে৷ কেতিয়াবা যদি বান্ধৰ পাৰৰ বৃহৎ পাহাৰ খহি আহিছে, আন কেতিয়াবা আকৌ ডাইভাৰ্চন টানেলকে পানীয়ে উটুৱাই নিছে৷ কিন্তু প্ৰকল্পস্থলীত ইটোৰ পাছত সিটো নিৰ্মাণ গাফিলতি তথা বিসংগতিৰ বাবে শ্ৰমিক পৰ্যন্ত আঘাতপ্ৰাপ্ত হোৱাৰ পাছতো এন এইচ পি চি কতৃৰ্পক্ষই এনে দুৰ্ঘটনাসমূহ গাপ দি ৰখাহে চেষ্টা চলাইছে৷ এক প্ৰকাৰ উত্তৰ অসমৰ ৰাইজৰ জীৱন-সম্পত্তিৰ সৈতে খেলা কৰি আঁসোৱাহপূৰ্ণভাৱে ২০০০ মেগাৱাট শক্তি উৎপাদন ক্ষমতা সম্পন্ন জলবোমা সদৃশ বান্ধটোৰ নিৰ্মাণ অব্যাহত ৰাখিছে এন এইচ পিচিয়ে৷ বিগত ২৬ ছেপ্টেম্বৰত জলবিদ্যুৎ প্ৰকল্পটোৰ ৮ নং টানেলৰ চাদ খহি ৪ জন শ্ৰমিকৰ আঘাতপ্ৰাপ্ত হোৱা ভয়ংকৰ ঘটনা গাপ ৰখাৰ চেষ্টা চলোৱাৰ পাছত এইবাৰ এন এইচ পি চি কতৃৰ্পক্ষই বিগত ৩০ ছেপ্টেম্বৰত অনুৰূপভাৱে বান্ধৰ পাৱাৰ হাউচত সংঘটিত আন এটা ভয়ংকৰ দুৰ্ঘটনা গোপনে ৰখাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে৷ প্ৰকল্পৰ পাৱাৰ হাউছৰ কংক্ৰিটৰ পাইপ বিস্ফোৰণ হৈ ৪ জনকৈ শ্ৰমিক আঘাতপ্ৰাপ্ত হয়৷ এই ঘটনাত গুৰুতৰভাৱে জখম হোৱা শ্ৰমিক কেইজন বৰ্তমানেও চিকিৎসাধীন হৈ আছে৷ ৩০ ছেপ্টেম্বৰতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল যদিও এন এইচ পি চি কতৃৰ্পক্ষই বিগত এসপ্তাহে ঘটনাটো গাপ দি ৰাখিছিল৷ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ৰিজাৰ্ভাৰৰ পৰা পাৱাৰ হাউচলৈ অহা কংক্ৰিটৰ পাইপডাল ফাটি পৰাত কৰ্মৰত ৪ শ্ৰমিকক হেঁচা মাৰি ধৰে৷ অৱশ্যে আন আন শ্ৰমিকৰ তৎপৰতাত সংকটজনক অৱস্থাত জীৱন্তে উদ্ধাৰ কৰে গুৰুতৰভাৱে আহত ৪ শ্ৰমিকক৷ অৱশ্যে লগে লগে শ্ৰমিক কেইজনক চিকিৎসালয়ক ভৰ্তি কৰাৰ ব্যৱস্থা কৰে ঠিকাদাৰে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে বান্ধ নিৰ্মাণকাৰী সংস্থা এন এইচ পি চি কতৃৰ্পক্ষই শেহতীয়াকৈ হৰ্চ ৰেছ টানেলৰ কামৰ ১০০ শতাংশ সম্পূৰ্ণ হোৱা বুলি কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিছিল৷ কিন্তু প্ৰতি ছেকেণ্ডত ১ লাখ ৩৭ হাজাৰ কিউবিক লিটাৰ পানী পৰিবাহী হ’বলগীয়া হৰ্চ ৰেচ টানেলৰ কাম বাস্তৱত বৰ্তমানেও সম্পূৰ্ণ হোৱা নাই৷ এন এইচ পি চিয়ে ১০০ শতাংশ নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলি প্ৰতিবেদন দিয়া ৮ নং হৰ্চ ৰেছ টানেলৰ চাদ বিগত ২৬ ছেপ্টেম্বৰত খহি পৰাত আঘাতপ্ৰাপ্ত হ’বলগীয়া হৈছিল আন ৪ জন শ্ৰমিক৷ কিন্তু নিৰ্মাণ গাফিলতি পোহৰলৈ অহাৰ ভয়ত এই দুৰ্ঘটনাৰ খবৰ গোপনে ৰখাৰ চেষ্টা চলাই আহিছে এন এইচ পি চি কতৃৰ্পক্ষই৷ ছিকিমত ২৫ হাজাৰ কোটি টকা ব্যয় কৰি আধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা ১২০০ মেগাৱাটৰ তিস্তা উৰ্জা বান্ধটো ডাৱৰ বিস্ফোৰণৰ ফলত হ্ৰদৰ পাৰ ভাগি বৈ অহা প্ৰৱল সোঁতে তচনচ কৰাত এতিয়া তিব্বতৰ হ্ৰদৰ পাৰ ভাগি অনাগত দিনত ২০০০ মেগাৱাট ক্ষমতাৰ সোঁৱণশিৰি বান্ধক চূৰমাৰ কৰাৰ আশংকা ঘূণীভূত হ’ব ধৰিছে৷ এ এইচ পি চিৰ নিৰ্মাণ বিসংগতিৰ বাবে অনাগত দিনত লখিমপুৰ, ধেমাজি, মাজুলিকে ধৰি সমগ্ৰ উত্তৰ অসম যে নিশ্চিহ্ন নহ’ব তাক কোনো নিশ্চয়তা দিব বুলিও সচেতন মহলে প্ৰশ্ন কৰিছে৷