Logo
image

ইজৰাইলৰ ভূমিত মৰণপণ যুঁজ হামাছৰঃ ৬০০ ইজৰাইলী নিহত, ৩ শতাধিক পেলেষ্টাইনীৰো প্ৰত্যাক্ৰমণত মৃত্যু

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ অক্টোবৰঃ চিৰবৈৰী ইজৰাইলৰ বিৰুদ্ধে বিগত ৫০ বছৰৰ ভিতৰত সৰ্ববৃহৎ আক্ৰমণ চলাই পেলেষ্টাইনৰ সশস্ত্ৰ গোষ্ঠী হামাছে ৪৪ জন ইহুদী সেনাসহ শত্ৰুপক্ষৰ ৬০০ৰো অধিক লোকক হত্যা কৰিছে৷ এদিন পূৰ্বেই ৫০০০ ৰকেট নিক্ষেপ কৰি অভূতপূৰ্ব আক্ৰমণৰ সূচনা কৰা হামাছ বাহিনীৰ যোদ্ধাই শনিবাৰেই দুৰ্ধৰ্ষ গতিৰে জল-স্থল আকাশমাৰ্গেৰে পেৰাগ্লাইডাৰৰ জৰিয়তে ইজৰাইলৰ ভূমিৰ ১০ কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰি অপ্ৰত্যাশিত অথচ ভয়ংকৰ আক্ৰমণ চলাইছিল৷ আক্ৰমণৰ ৩৬ ঘণ্টা অতিক্ৰম কৰাৰ পাছত ইজৰাইলৰ ভূমিত চলোৱা হামাছৰ আক্ৰমণ ক্ৰমাৎ অধিক ভয়াৱহ হৈছে আৰু দেওবাৰে ইজৰাইলৰ দক্ষিণ অঞ্চলৰ কমেও ২২টা অঞ্চলত অবাধ হত্যালীলা চলোৱাৰ লগতে ইজৰাইলী সেনাৰ সৈতে ঠায়ে ঠায়ে খণ্ডযুদ্ধত লিপ্ত হৈছে৷ হামাছৰ পক্ষত অৱস্থান কৰি লেবাননৰ পৰা আন এটা সশস্ত্ৰ গোষ্ঠী হিজবুলে ইজৰাইলক উত্তৰ দিশৰ পৰা আক্ৰমণ কৰিছে৷ আনহাতে ইজৰাইলে স্থলযুদ্ধৰ পৰিৱৰ্তে পেলেষ্টাইনৰ ওপৰত অহৰহ বিমান আক্ৰমণ অব্যাহত ৰাখিছে আৰু এই বোমাবৰ্ষণত পেলেষ্টাইনৰ গাজা অঞ্চলত কমেও ৩৭০ জন পেলেষ্টাইনী নিহত হৈছে৷ উভয় পক্ষৰে কমেও ২০০০ কৈ মুঠ ৪ হাজাৰোধিক লোক এই ভয়ংকৰ যুদ্ধত আহত হৈছে৷ ইজৰাইলৰ শক্তিশালী বায়ুসেনা বাহিনীয়ে পেলেষ্টাইনৰ ঘাইকৈ গাজা চহৰৰ আবাসিক এলেকা বোমাবৰ্ষণেৰে চুৰমাৰ কৰি দিছে৷ ইজৰাইলে পেলেষ্টাইনৰ ওপৰত বিমানেৰে আক্ৰমণ অব্যাহত ৰাখিলেও নিজৰ দেশৰ কেইবাখনো চহৰত সোমাই পৰা হামাছৰ যোদ্ধাক ইজৰাইলী সেনাই অত্যাধুনিক অস্ত্ৰৰেও পৰাস্ত কৰিব পৰা নাই৷ কিয়নো হামাছৰ যোদ্ধা নামিছে দশক ধৰি ইহুদীবাহিনীয়ে চলাই থকা অত্যাচাৰৰ পৰা নিজক আৰু দেশক মুক্ত কৰিবলৈ মৰণপণ যুঁজত৷
মোছাদ নামৰ বিশ্বৰ আটাইতকৈ শক্তিশালী চোৰাংচোৱা বাহিনী এটা থকা বুলি গৰ্ব কৰা ইজৰাইলৰ ভূমিত ইমান সংগোপনে কিদৰে হাজাৰ হাজাৰ হামাছ যোদ্ধাই জল-স্থল আকাশেৰে প্ৰৱেশ কৰিলে সেয়া এতিয়াৰ অত্যাধুনিক তথ্য প্ৰযুক্তিৰ চোৰাংচোৱা ব্যৱস্থাৰ দিনত এক বিৰাট সামৰিক বিস্ময় হিচাপে পৰিগণিত হৈছে৷ তদুপৰি ইজৰাইলৰ মিছাইল প্ৰতিৰোধী ব্যৱস্থা ‘আইৰণ ডোম’ নিখুঁত আৰু অপ্ৰতিৰোধ্য হিচাপে বিশ্ববিশ্ৰুত৷ ভাৰতেই নহয়, বিশ্বৰ অগণন দেশে সেই ‘আইৰণ ডোম’ ক্ৰয় কৰাৰ বাবে উন্মুখ হৈ থাকে৷ সেই অপ্ৰতিৰোধ্য ‘এণ্টি মিছাইল ছিষ্টেম’ বা ক্ষেপণাস্ত্ৰ প্ৰতিৰোধী ব্যৱস্থাৰ বেহু ভাঙি কিদৰে হামাছে ৫০০০ ক্ষেপণাস্ত্ৰৰে ইজৰাইলৰ একাধিক অঞ্চল তছ নছ কৰিলে সিয়ো আন এক সামৰিক বিস্ময় হৈ পৰিছে৷ পেলেষ্টাইনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি আইৰণ ডোমৰ শক্তিৰ উমান পোৱা হামাছে সেই ক্ষেপণাস্ত্ৰ বিৰোধী ব্যৱস্থাৰ দুৰ্বলতাৰ সন্ধান কৰিছিল৷ তেওঁলোকে জানিব পাৰিছিল, খুউব কম সময়ৰ ভিতৰত যদি প্ৰচুৰ ৰকেট নিক্ষেপ কৰা যায়, তেন্তে আইৰণ ডোম অকামিলা হৈ পৰিব৷ সেই কৌশল ব্যৱহাৰ কৰিয়েই শনিবাৰে হামাছে ২০ মিনিটত ৫০০০ ৰকেটেৰে বিদ্ধ কৰিছিল চিৰবৈৰী ইজৰাইলক৷ হামাছৰ সশস্ত্ৰ সংগঠন ‘কাছাম ব্ৰিগেডছে’ এই তথ্য স্থানীয় সংবাদ মাধ্যমক জনাইছে৷ আজি দেওবাৰে দ্বিতীয় দিনাও হামাছে দক্ষিণ ইজৰাইলৰ কমেও ২২ স্থানত যুদ্ধ অব্যাহত ৰাখিছে৷ এই মুহূৰ্তত সবাটোকৈ ভয়াৱহ অৱস্থা ইজৰাইলৰ দক্ষিণৰ চহৰ ছেৰোটৰ৷ ইজৰাইল সেনাৰ মেজৰ জেনেৰেল ঘাছান আলিয়ানে প্ৰকাশ কৰা মতে হামাছে ঘৰে ঘৰে সোমাই ইজৰাইলী নাগৰিকক হত্যা কৰিছে, মহিলা-শিশুসহ বৃহৎ সংখ্যাত ইজৰাইলী লোকক অপহৰণ কৰি পণবন্দী কৰিছে৷ ছেৰোটৰ পথত মৃতদেহৰ দ’ম বান্ধিছে৷ সম্প্ৰতি ইজৰাইলৰ খাফাৰ আজা, ছিডৰট, ছুফা, নাহাল অজ, মাগেন, বেএইৰি আদি অঞ্চলত উভয়পক্ষৰ সেনাৰ মাজত খণ্ডযুদ্ধ অব্যাহত আছে৷
ইপিনে আমেৰিকাই যুদ্ধত প্ৰবৃত্ত ইজৰাইললৈ জৰুৰীকালীনভাৱে ৮ বিলিয়ন মাৰ্কিন ডলাৰৰ যুদ্ধ পুঁজি মুকলি কৰি দিছে৷ মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে ইজৰাইলৰ ৰাষ্ট্ৰপতি বেঞ্জামিন নেতানাহুৰ সৈতে টেলিফোনত কথা পাতিছে আৰু প্ৰয়োজনীয় সাহায্যৰ আশ্বাস দিছে৷ আনহাতে ইৰানে প্ৰত্যক্ষ সমৰ্থন আগবঢ়াইছে হামাছ যোদ্ধাক৷ ইৰানৰ বৈদেশিক মন্ত্ৰীয়ে হামাছৰ আক্ৰমণক পেলেষ্টাইনৰ আত্মৰক্ষাৰ যুঁজ বুলি অভিহিত কৰিছে আৰু সকলো মুছলিম ৰাষ্ট্ৰক হামাছক সমৰ্থন কৰিবলৈ আহ্বান জনাইছে৷
ইজৰাইল আৰু পেলেষ্টাইনৰ দীৰ্ঘায়িত সংঘাতৰ মাজতে চলিত বছৰৰ আৰম্ভণিৰ পৰা দুয়োখন দেশৰ মাজত এৰাধৰাকৈ সংঘৰ্ষ অব্যাহত আছিল৷ হামাছৰ সৈতে ‘পেলেষ্টাইন ইছলামিক জিহাদ’ নামে আৰু এটা সশস্ত্ৰ গোষ্ঠীয়ে যোগ দিয়াত শক্তি বৃদ্ধি কৰি এইবাৰ ইজৰাইলৰ বিৰুদ্ধে পেলেষ্টাইন জঁপিয়াই পৰিছে৷ ইজৰাইলৰ সেনাই পেলেষ্টাইনৰ বাসিন্দাৰ অৱশিষ্ট অঞ্চল গাজা ষ্ট্ৰীপৰ অধিকাংশ প্ৰৱেশ পথ বন্ধ কৰি দিয়াত পেলেষ্টাইনীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিল৷ ইজৰাইলে কাৰ্যতঃ গাজা ষ্ট্ৰীপক অবৰুদ্ধ কৰি ৰখাত সেই অঞ্চলত বাস কৰা পেলেষ্টাইনৰ নাগৰিকৰ ওলোৱা-সোমোৱা পথ সকলো বন্ধ হৈ পৰিছিল৷ তদুপৰি বিগত ৯ মাহ ধৰি ইজৰাইলৰ সেনাই ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনৰ আক্ৰণেৰে গাজা ষ্ট্ৰীপত অসংখ্য পেলেষ্টাইনীক হত্যা কৰিছে৷ শনিবাৰৰ হামাছৰ আক্ৰমণ পেলেষ্টাইনৰ গাজা ষ্ট্ৰীপৰ বাসিন্দাৰ ওপৰত ইজৰাইলৰ এই সঘন আৰু নেৰানেপেৰা আক্ৰমণৰ প্ৰতি ক্ষোভৰ বৰ্হিপ্ৰকাশ৷ হামাছে ইছলামিক জিহাদৰ সহযোগত মঙলবাৰে ইজৰাইলৰ বিৰুদ্ধে যি আক্ৰমণ কৰিছে, এয়া প্ৰকৃতাৰ্থতে অভূতপূৰ্ব৷ ইয়াৰ পূৰ্বে হামাছে মাজে-মধ্যে ইজৰাইলৰ বিৰুদ্ধে আক্ৰমণ চলাইছিল৷ কিন্তু মঙলবাৰে পুৱা ৬.৩০ বজাত প্ৰথমটো ৰকেট আক্ৰমণ কৰাৰ পৰা হামাছে ২০ মিনিটত ৫,০০০ ৰকেট নিক্ষেপ কৰে৷ হামাছে আক্ৰমণ আৰম্ভ কৰে ছিমছাট ট’কাহ নামৰ ইজৰাইলৰ ছুক্কট উৎসৱৰ সামৰণি অনুষ্ঠানত৷ পৰৱৰ্তী সময়ত তেল আভিভৰ সমীপত ৰকেট আক্ৰমণ চলাই দলে দলে যোদ্ধাই ইজৰাইলৰ ভূখণ্ডত প্ৰৱেশ কৰে৷ পেলেষ্টাইনৰ যোদ্ধাই পেৰাছ্যুটেৰে আকাশমাৰ্গৰ পৰা ইজৰাইলৰ ছিডৰট চহৰত নামি আক্ৰমণ কৰে৷ উল্লেখ্য, ২০০৮ চনত ইজৰাইলে পেলেষ্টাইনত আক্ৰমণ কৰি ১৪০০জন, ২০১৪  চনত ২১০০জন পেলেষ্টাইনীক হত্যা কৰিছিল৷ ২০২২ চনত ইজৰাইলে ১৫টা শিশুৰ লগতে ৪৪জন পেলেষ্টাইনী নাগৰিকক হত্যা কৰিছিল৷