Logo
image

বিধায়ক ভাস্কৰৰ গুণ্ডাগিৰি! কোক উদ্যোগ দখল, মুখ্যমন্ত্ৰীক অভিযোগ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ অক্টোবৰঃ অসমলৈ বিনিয়োগকাৰীক আকৰ্ষণ কৰিবৰ বাবে কোটি কোটি টকা ব্যয়ৰে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছে বিনিয়োগ সন্মিলন৷ উদ্যোগী আৰু বিনিয়োগকাৰীক উৎসাহ দিয়াৰ নামত বিজেপি মিত্ৰজোঁটৰ চৰকাৰে ভূমিৰ লগতে ৰাজসাহায্যয়ো প্ৰদান কৰিছে৷ আনকি উগ্ৰপন্থীৰ কাৰ্যকলাপ হ্ৰাস পোৱাৰ বাবে অসমত এতিয়া পুঁজিপতি ব্যৱসায়ীয়ে উদ্যোগ-কাৰখানা স্থাপন কৰিবলৈ আগবাঢ়ি অহা বুলিও সততে সভাই-সমিতিয়ে ভাষণ দি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কিন্তু মুখ্যমন্ত্ৰীৰ ‘সন্ত্ৰাসমুক্ত শান্তিৰ অসম’ত এতিয়া উগ্ৰপন্থীৰ ভাবুকিৰ বাবে নহয়, খোদ সতীৰ্থ বিজেপি বিধায়কৰ ভাবুকিৰ বাবেহে পলায়ন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে কলকতাৰ এজন ব্যৱসায়ীয়ে৷ মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপি বিধায়ক ভাস্কৰ শৰ্মা আৰু তেওঁৰ দুই সহযোগীয়ে কলকাতাৰ ব্যৱসায়ীয়ে ৪.৫০ কোটি টকা ব্যয়ৰে নতুনকৈ স্থাপন কৰা ক’ক উদ্যোগ ভয়-ভাবুকিৰে দখল কৰাত অসহায় ব্যৱসায়ীজনে প্ৰাণৰ মমতাত পলায়ন কৰাৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে৷ হিন্দী নাইবা দক্ষিণাত্যৰ চিনেমাৰ কাহিনীৰ দৰে মাফিয়া ষ্টাইলত শাসকীয় বিধায়কজনৰ ঘনিষ্ঠ মানুহে বহিঃৰাজ্যৰ বিনিয়োগকাৰীজনৰ ক’ক উদ্যোগটো কাঢ়ি লোৱাৰ খবৰে ৰাষ্ট্ৰীয় সংবাদ শিৰোনামো দখল কৰিছে৷ অসহায় ব্যৱসায়ীজনে বিধায়ক ভাস্কৰ শৰ্মা বাহিনীৰ গুণ্ডাৰাজৰ কথা পত্ৰযোগে অৱগত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে৷ তিনিচুকীয়া জিলাত স্থাপন কৰা ক’ক প্লাণ্টটো বলপূৰ্বকভাৱে বিধায়কজনে কাঢ়ি লোৱা আৰু বিধায়কৰ সহযোগীৰ গুণ্ডাৰাজৰ সন্দৰ্ভত বিগত  ৪ অক্টোবৰত মুখ্যমন্ত্ৰীলৈ এই পত্ৰ প্ৰেৰণ কৰিছে ব্যৱসায়ী ঈশান জৈনৰ আত্মীয় মহেশ ভীমচাৰিয়াই৷ আনকি ব্যৱসায়ীজনক কাৰণ নোহোৱাকৈ থানাত আটক কৰি ৰখা আৰু অভিযোগ দাখিলৰ পাছতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ কথাও উল্লেখ কৰিছে পত্ৰখনত৷ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰা অনুসৰি– কলকাতাৰ ব্যৱসায়ী ঈশান জৈনৰ সৈতে ২০২২ চনত মিলিত হৈছিল মাৰ্ঘেৰিটাৰ প্ৰদীপ সিং আৰু চন্দন কলিতা নামৰ দুজন লোকে৷ লোকদ্বয়ে নিজকে মাৰ্ঘৰিটাৰ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ সহযোগী বুলি জানিবলৈ দি ঈশান জৈনক মাৰ্ঘেৰিটাত এটা ক’ক প্লাণ্ট স্থাপনৰ প্ৰস্তাৱ দিয়ে৷ আনকি ক’ক উদ্যোগটো স্থাপনৰ বাবে অনুজ্ঞাপত্ৰ থকাৰ কথাও জানিবলৈ দি উদ্যোগ স্থাপনত সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে৷ অৱশ্যে চৰ্ত হিচাপে ক’ক উদ্যোগটোলৈ পৰিবহণ কৰা প্ৰতিখন কয়লা ট্ৰাকৰ বিপৰীতে বিধায়ক ভাস্কৰ শৰ্মাক ২০ হাজাৰ টকাকৈ গুণ্ডাটেক্স দিয়াৰ প্ৰস্তাৱ দিয়ে লোকদ্বয়ে৷ সেই প্ৰস্তাৱত সন্মতি জনাই ২০২২ চনৰ ২৯ আগষ্টত ব্ৰাইটশ্বাইন ক’ক এণ্ড ক’ল প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানী গঠন কৰে কলকতাৰ ব্যৱসায়ীজনে৷ নৱগঠিত কোম্পানীটোৰ সঞ্চালক হিচাপে যোগদান কৰে ঈশান জৈন আৰু প্ৰদীপ সিঙে৷ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত ব্যৱসায়ী জৈনে কোম্পানীটোত ১০০ শতাংশ বিনিয়োগ কৰা বুলি দাবী কৰিলেও নথি-পত্ৰসমূহত জৈনৰ ২,৫০,০০০ শ্বেয়াৰ আৰু সিঙৰ ১০০০ শ্বেয়াৰ কোম্পানীটোত থকাৰ কথা উল্লেখ আছে৷ অৱশ্যে ২০২২ চনৰ ডিচেম্বৰত উদ্যোগটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতেই তাৎক্ষণিকভাৱে প্ৰদীপ সিং আৰু চন্দন কলিতাই উদ্যোগটো বলপূৰ্বক নিজৰ দখললৈ নিয়ে৷ বিধায়কৰ ঘনিষ্ঠ লোকদ্বয়ে একাংশ ভেৰোণীয়া গুণ্ডাৰ সহায়ত ব্যৱসায়ী জৈনক উদ্যোগটোৰ চৌহদতো প্ৰৱেশতো বাধা দিয়ে৷ তাৎপৰ্যপূৰ্ণভাৱে চলিত বৰ্ষৰ ২৪ জানুৱাৰীত ব্যৱসায়ী ঈশান জৈনক কোনো কাৰণ নোহোৱাকৈ আৰক্ষীয়ে মাৰ্ঘেৰিটা থানাত আটক কৰি ৰাখি পিছদিনা যাবলৈ দিয়ে৷ আনকি আৰক্ষীয়ে ব্যৱসায়ীজনক মাৰ্ঘেৰিটা এৰি গুচি যাবলৈয়ো ভাবুকি দিয়ে৷ অভিযোগ মতে আৰক্ষী থানালৈ নি ব্যৱসায়ীজনক হাৰাশাস্তি কৰাৰ সমস্ত প্ৰক্ৰিয়াটো তদাৰক কৰে মাৰ্ঘেৰিটাৰ মহকুমা আৰক্ষী বিষয়া হেমন্ত বড়োৱে– যিগৰাকী বিষয়াৰ বিৰুদ্ধে আছে ক্ষমতাৰ অপব্যৱহাৰকে ধৰি বিভিন্ন ধৰণৰ অভিযোগ৷ ইফালে, বিজেপি বিধায়কৰ দুই সতীৰ্থ কয়লা মাফিয়াৰ ভাবুকি আৰু আৰক্ষীৰ হেঁচাত অৱশেষত ঈশান জৈনে প্ৰাণৰ মমতাত কোম্পানীটো এৰি কলকাতালৈ গুচি যাবলৈ বাধ্য হয়৷ ইয়াৰ পাছতেই বিগত ১৫ জুনত কোম্পানীটোৰ নতুন সঞ্চালক হিচাপে যোগদান কৰে ব্যৱসায়ী ঈশান জৈনৰ আত্মীয় মহেশ ভীমচাৰিয়াই৷ সঞ্চালক হিচাপে যোগদান কৰিয়েই ভীমচাৰিয়াই ৫ আগষ্টত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপক সাক্ষাৎ কৰি বিধায়ক বাহিনীৰ বিৰুদ্ধে উদ্যোগটো কাঢ়ি লোৱাৰ অভিযোগ দিয়ে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷ ফলত উপায়ন্তৰ হৈ অৱশেষত বিগত ৪ অক্টোবৰত বিধায়ক ভাস্কৰ শৰ্মা বাহিনীৰ পৰা উদ্যোগটো উদ্ধাৰ কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিছে মহেশ ভীমচাৰিয়াই৷ এতিয়া মুখ্যমন্ত্ৰীয়ে সতীৰ্থ বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষণীয়৷