Logo
image

লুৰীণৰ যাত্ৰা সমাপ্তি, অগপৰ উদ্বেগ আৰম্ভ

‘আমাৰ অসম’ৰ তালাপৰ প্ৰতিবেদক, ৯ অক্টোবৰঃ ধুবুৰীৰ পৰা আৰম্ভ কৰা অসম জাতীয় পৰিষদৰ ‘এক অসম যাত্ৰা’ৰ দেওবাৰে শদিয়াত সামৰণি পৰে৷ শদিয়াৰ টাউন ফিল্ডত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ সভাত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এক অসম যাত্ৰাত ৰাইজৰ পৰা অভূতপুৰ্ব সঁহাৰি লাভ কৰা বুলি উল্লেখ কৰি এই যাত্ৰাই বিজেপি চৰকাৰখনে জাতি, ধৰ্ম, গোষ্ঠীৰ নামত বিভেদ সৃষ্টি কৰিবলৈ লোৱা অসমীয়া জাতিটোক একত্ৰিত কৰাৰ বাৰ্তা বহন কৰিছে আৰু এই লক্ষ্যত বহু পৰিমাণে সফল হোৱা বুলি দাবী কৰিছে৷ অসমত বৰ্ণ, জাতি, ধৰ্ম, গোষ্ঠীৰ মাজত বিভেদ কোনোদিনেই নাছিল৷ হঠাতে আমদানি হোৱা এই কাৰকবোৰৰ বিৰুদ্ধে অজাপই সদায়ে যুঁজ দি যাব আৰু এক অসম যাত্ৰা ইয়াৰেই এক আৰম্ভণি বুলি সভাপতিগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে৷ অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই অসম চৰকাৰখনে দুৰ্নীতি-অবিচাৰবোৰ ঢাকি ৰাখিবৰ বাবে অমৃত বৃক্ষ, অমৃত কলহকে ধৰি বিভিন্ন কাম উলিয়াই ভোটাৰক ব্যস্ত ৰাখিছে৷ অমৃত বৃক্ষ ৰোপণৰ নামত শিপা নোহোৱা গছৰ ডাল ৰুই ফটো আপলোড কৰোৱাই ৰাজভঁৰালৰ ধন অপব্যয় কৰিছে৷ মানুহৰ মাজত ধৰ্ম গোষ্ঠী আদিত ভাগভাগ কৰিছে৷ এনেবোৰ অনিয়ম অবিচাৰৰ বিষয়ে প্ৰচাৰ চলোৱা ৰাইজৰ মাজত বিভেদৰ বীজ আঁতৰাই একত্ৰিত কৰাৰ লক্ষৰে এই যাত্ৰা বুলি অজাপৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৰাইজক অৱগত কৰে৷ তদুপৰি সাধাৰণ সম্পাদক গৰাকীয়ে অসমত বৰ্তমান ড॰ হিমন্ত বিশ্ব শৰ্মা, জয়ন্তমল্ল বৰুৱা আৰু পীয়ূষ হাজৰিকাৰ প্ৰাইভেট লিমিটেড কোম্পানীয়ে শাসন চলাই লুণ্ঠনৰাজ চলাই আহিছে বুলি গুৰুতৰ অভিযোগ তুলিছে৷ চৰকাৰ তথা বিজেপি দলটোৱে চলোৱা অন্যায় অবিচাৰবোৰ ৰাইজক অৱগত কৰাৰ উপৰিও অসমৰ বিভিন্ন জাতি-ভাষা-বৰ্ণৰ লোকৰ মাজত সৃষ্টি কৰা বিভেদ নাশ কৰাৰ বাবে ‘এক অসম যাত্ৰা’ৰ উদ্দেশ্য বুলি নেতাগৰাকীয়ে ভাষণত উল্লেখ কৰে৷ আজি পুৱা অজাপৰ নেতৃবৃন্দ, কৰ্মী আৰু সমৰ্থকসকল ডুমডুমা ৰাজহুৱা খেলপথাৰত সমবেত হয়৷ ইয়াৰ পাছত নেতৃবৃন্দই ডুমডুমা নামঘৰ, পূজা মন্দিৰ, গুৰুদ্বাৰ, মছজিদ, ৰামকৃষ্ণ সেৱাশ্ৰম, জগন্নাথ মন্দিৰ আৰু হনুমান মন্দিৰত সোমাই আশীষ লয়৷ ইয়াৰ পাছত ৰাজহুৱা খেলপথাৰৰ পৰা শোভাযাত্ৰাই নগৰ পৰিভ্ৰমণ কৰি আহি তালাপ অভিমুখে যাত্ৰা কৰে৷ তালাপত এক অসম যাত্ৰাৰ সমদলটোক গায়ন-বায়নেৰে আদৰণি জনায়৷ ইয়াৰ পাছত সমদলটো ডাঙৰীত উপস্থিত হৈ ডাঙৰী গাঁওস্থিত পঞ্চ শ্বহীদৰ সমাধিস্থলত শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে বিজেপি চৰকাৰখনে চলোৱা বিভেদৰ ৰাজনীতিক তীব্ৰ সমালোচনা কৰে৷ ডাঙৰীত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি শদিয়া অভিমুখে যাত্ৰা কৰে দলটোৱে৷ লক্ষণীয়ভাৱে সাধাৰণ জনতা আৰু ৰাজনৈতিক পৰ্যবেক্ষক মহলৰ দৃষ্টি আকৰ্ষণ কৰা আৰু লুৰীণজ্যোতি গগৈয়ে নেতৃত্ব দিয়া অজাপৰ ‘এক অসম যাত্ৰা’ৰ সমাপ্তি ঘটাৰ সমান্তৰালভাৱে উদ্বেগ আৰম্ভ হৈছে অসম গণ পৰিষদৰ নেতৃবৰ্গৰ মাজত৷ অজাপৰ যাত্ৰাৰ জনপ্ৰিয়তাই স্বাভাৱিকতে শংকিত কৰিছে অগপক৷ দুয়োটা দলৰে জন্মৰ পটভূমি একেধৰণৰ৷ অসম আন্দোলনৰ পাছত জন্ম হৈছিল অসম গণ পৰিষদৰ৷ ইফালে, ‘কা’বিৰোধী আন্দোলনৰ মাজতে গঠন হৈছিল অসম জাতীয় পৰিষদ৷ দুয়োটা ৰাজনৈতিক দলৰে পিতৃ সংগঠন সদৌ অসম ছাত্ৰ সন্থা৷ অসম গণ পৰিষদে বিজেপি নেতৃত্বাধীন মৰ্চা চৰকাৰৰ অংশীদাৰ হোৱাৰ বিপৰীতে কংগ্ৰেছৰ সৈতে বন্ধুত্ব ৰক্ষা কৰাৰ উপৰি কংগ্ৰেছ নেতৃত্বাধীন ‘ইণ্ডিয়া’ৰ সৈতে আছে অসম জাতীয় পৰিষদ৷ লোকসভা নিৰ্বাচনলৈ এবছৰো বাকী নথকা অৱস্থাত একেধৰণৰ পৃষ্ঠভূমিত জন্ম হোৱা অসম জাতীয় পৰিষদৰ ‘এক অসম যাত্ৰা’ই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা কাৰ্যই স্বাভাৱিকতে উদ্বিগ্ন কৰিছে অসম গণ পৰিষদক৷ অৱশ্যে নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছতহে গম পোৱা যাব শেষ হাঁহি কোনে মাৰিব– অগপই নে অজাপই৷