Logo
image

চৰাইদেউ মৈদাম পৰিদৰ্শনক লৈ উৎসৱমুখৰ পৰিৱেশ

চৰাইদেউৰ পৰা নিৰঞ্জন শইকীয়া (আমাৰ অসম): ছশ বছৰীয়া আহোম ৰাজত্বকালৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক, ঐতিহাসিক সমলেৰে পৰিপূৰ্ণ, বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ দিশে আগবঢ়া চৰাইদেউ মৈদামক্ষেত্ৰত দেওবাৰে দ্বিতীয় দিনত ‘ইউনেস্ক’ৰ প্ৰতিনিধিগৰাকীয়ে সামগ্ৰিকভাৱে মৈদামস্থলী পৰিভ্ৰমণ কৰি প্ৰতিটো দিশ খুটি-নাতি মাৰি অধ্যয়ন কৰে৷ ছিংগাপুৰৰ পৰা অহা ইউনেস্ক’ৰ বিশেষজ্ঞ প্ৰতিনিধি লিম চিং চিয়াং দেওবাৰে পুৱা ৯ বজাতে মৈদামস্থলীত উপস্থিত হৈ কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ বিষয়াসকলৰ লগত মৈদামস্থলীৰ ভিতৰত প্ৰৱেশ কৰি পুৰাতত্ত্ব বিভাগে খনন কৰা মৈদামসমূহ পৰিদৰ্শন কৰে৷ মৈদামসমূহৰ খনন কাৰ্যত কি কি সামগ্ৰী উদ্ধাৰ হৈছিল তাৰ বিস্তৃত বিৱৰণ বিশেষজ্ঞ প্ৰতিনিধিগৰাকীয়ে জানিবলৈ বিচাৰে আৰু উক্ত সামগ্ৰীসমূহ পৰীক্ষণ কৰে৷ ইয়াৰোপৰি মৈদামসমূহৰ মেৰামতিত ব্যৱহাৰ কৰা পৰম্পৰাগত কেঁচা সামগ্ৰীসমূহ প্ৰতিনিধিগৰাকীয়ে পৰ্যৱেক্ষণ কৰে৷ কেইবাঘণ্টা ধৰি ইউনেস্ক’ৰ বিশেষজ্ঞ প্ৰতিনিধিগৰাকীয়ে মৈদামস্থলী পৰিদৰ্শনকালত প্ৰতিটো মৈদাম পৰ্যৱেক্ষণ কৰি তথ্য আহৰণ কৰে৷ চৰাইদেউ মৈদামক্ষেত্ৰৰ নৈসৰ্গিক পৰিৱেশে মোহাবিষ্ট কৰা প্ৰতিনিধিগৰাকীয়ে নিজৰ কেমেৰাৰে চৌপাশৰ সেউজীয়া পৰিৱেশৰ ফটো তোলা পৰিলক্ষিত হয়৷ পুৰাতত্ত্ব বিভাগৰ বিষয়াসকলৰ সৈতে মৈদামক্ষেত্ৰ সন্দৰ্ভত বিস্তৃত পৰ্যালোচনা কৰে৷ বিশেষকৈ, ডছিয়াৰত চিহ্নিত কৰা ‘কৰ জন’ আৰু ‘বাফাৰ জন’ এলেকাত থকা মৈদাম আৰু ঐতিহাসিক কীত্তিৰ্চিহ্নসমূহ সন্দৰ্ভত ইউনেস্ক’ৰ প্ৰতিনিধিগৰাকীয়ে বিশদ আলোচনা কৰে৷ উল্লেখ্য,  ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্ৰক বিশ্ব ঐতিহ্য স্বীকৃতিৰ বাবে প্ৰস্তুত কৰা ডছিয়াৰৰ মানচিত্ৰত ‘কৰ জন’ আৰু ‘বাফাৰ জন’ এলেকাত মুঠ ৪,৭৫৬ বিঘা মাটি সন্নিবিষ্ট কৰিছে৷ এই মাটিত আহোম ৰাজত্ব কালৰ প্ৰবাদ পুৰুষ চাওলুং চ্যু কাফাৰ লগতে সমগ্ৰ আহোম ৰজা-ৰাণীৰ মৈদামৰ লগতে পূজাস্থলী দেওশাল, লাংকুৰি দল, পুখুৰী আদি আছে৷ আনহাতে, আজি বাফাৰ জ’নত থকা বৰগোঁহাই পুখুৰী, ৪টা কুঁৱৰী মৈদাম, চাংমাই শাল, ৰজামৈদাম, শ-নিয়া আলি, মৈদাম নং ২, ৯, ১৪, ১৫, ১৬, লাংকুৰি দেওশাল, চ্যুকাফা মৈদাম, যুৰীয়া মৈদাম, ফুলেশ্বৰী কুঁৱৰীৰ মৈদাম আদি ভালেমান মৈদাম আৰু পুৰণি কীৰ্তিচিহ্ন বিশেষজ্ঞগৰাকীয়ে পৰিদৰ্শন কৰে৷ পৰিদৰ্শনকালত প্ৰতিনিধিগৰাকীৰ সৈতে ৱল্ডৰ্ হেৰিটেজৰ অতিৰিক্ত সঞ্চালকপ্ৰধান জাহ্নৱীজ শৰ্মা, সঞ্চালক মদন সিং চৌহান, উপ-অধীক্ষক পুৰাতত্ত্ববিদ ড॰ গজানন এল কাটাদে, সহকাৰী অধীক্ষক পুৰাতত্ত্ববিদ ড॰ কাঞ্চনলতা ৰায়, সহকাৰী পুৰাতত্ত্ববিদ ড॰ নেহা পাণ্ডে, তথা কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক বিশেষজ্ঞ ড॰ কে চি নৌৰিয়াল আদি উপস্থিত আছিল৷ প্ৰাসংগিকভাৱে উল্লেখ্য, আহোম ৰাজত্বকালৰ অস্তিত্ব থকা মৈদামৰ সংখা ৩৮০টা আৰু তাৰে মাত্ৰ ৯০টা মৈদামহে সংৰক্ষিত যদিও অতি শেহতীয়াকৈ ৰাজ্য চৰকাৰে সকলো মৈদাম সংৰক্ষিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ ইফালে, চৰাইদেউ চাহ বাগিচাই পূৰ্বে বেদখল কৰি থোৱা বৰৰজা ফুলেশ্বৰী, অম্বিকা, সৰ্বেশ্বৰী কুঁৱৰী সহিতে আন মৈদামসমূহ এৰি দিছে আৰু ৰাজ চৰকাৰে প্ৰত্নতাত্বিক বিভাগক সংশ্লিষ্ট মৈদাম তথা ঐতিহাসিক কীত্তিৰ্ চিহ্নসমূহ হস্তান্তৰ কৰিছে৷ স্বাভাৱিকতে বিশ্ব ঐতিহ্যক্ষেত্ৰৰূপে স্বীকৃতি দিয়া প্ৰক্ৰিয়াৰ অংশৰূপে ইউনেস্ক’ৰ প্ৰতিনিধি দলে চৰাইদেউ মৈদাম পৰিদৰ্শন কৰাক লৈ চৰাইদেউত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ উল্লেখ্য, ইউনেস্ক’ৰ প্ৰতিনিধিগৰাকীয়ে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মনোনয়ন লাভ কৰা চৰাইদেউ মৈদামক্ষেত্ৰ পৰিদৰ্শন কৰি এক বিস্তৃত প্ৰতিবেদন প্ৰস্তুত কৰি ইউনেস্ক’ক প্ৰদান কৰিব৷ উক্ত প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ইউনেস্ক’ই কেইবাতৰপীয়া পৰীক্ষা-নীৰিক্ষা কৰাৰ অন্ততঃ চৰাইদেউ মৈদামক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিব নে নকৰে সেয়া নিশ্চিত হ’ব৷ ইউনেস্ক’ৰ সকলোধৰণৰ চৰ্ত পুৰণ কৰিব পাৰিলেই ২০২৪ বৰ্ষৰ জুন-জুলাইত বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষিত হ’ব অসমৰ চৰাইদেউ মৈদামক্ষেত্ৰ৷