Logo
image

দুপৰীয়া শোৱাৰ অভ্যাস ক্ষতিকাৰক নেকি?

সুস্বাস্থ্যৰ বাবে টোপনি পৰ্যাপ্ত হোৱাটো গুৰুত্বপূৰ্ণ৷ বহুতে দিনৰ ব্যস্ততাৰ মাজতে অকণমান সময় উলিয়াই শুবলৈ যায়৷ দিনত শোৱাৰ অভ্যাস ভাল নে বেয়া সেই সন্দৰ্ভত বিভিন্নজনে বিভিন্ন ভাষ্য আগবঢ়াই থৈছে৷ শেহতীয়াভাৱে আমেৰিকাৰ ব্ৰিগহাম এণ্ড উইমেনছ হাস্পতালৰ এদল গৱেষকে এই বিষয়ে পৰীক্ষা-নিৰীক্ষা চলায়৷ ইয়াৰ বাবে তেওঁলোকে স্পেইনৰ মুৰচিয়াট ৩,২৭৫ গৰাকী প্ৰাপ্ত বয়স্ক লোকক সামৰি লয়৷ গৱেষকৰ দলটোৱে টোপনিৰ সৈতে স্থূলতা আৰু মেটাবলিক ছিন্দ্ৰমৰ সম্পৰ্ক আছে নেকি সেই বিষয়েও পৰীক্ষা-নিৰীক্ষা চলায়৷ দীৰ্ঘ পৰীক্ষা-নিৰীক্ষাৰ অন্তত গৱেষকৰ দলটোৱে এই সিদ্ধান্তত উপনীত হয় যে দিনত শোৱাৰ অভ্যাস স্বাস্থ্যৰ বাবে নেতিবাচক নহয়৷ কৰ্মক্ষমতা ঠিক ৰাখিবলৈ দিনৰ ভাগতো শুলে স্বাস্থ্যৰ ক্ষতি নহয়৷ কিন্তু দুপৰীয়াৰ আহাৰ খোৱাৰ পাছতে যদি দীঘলীয়া সময়ৰ বাবে শোৱে তেন্তে সেয়া ক্ষতিকাৰক৷
নিশা আৰু দিনৰ টোপনিৰ মাজত পাৰ্থক্য আছে৷ দিনত শোৱাৰ অভ্যাসে শৰীৰৰ বিপাকীয় কাৰ্যকলাপত প্ৰভাৱ পেলায়৷ তদুপৰি প্ৰয়োজনতকৈ বেছি সময় শোৱাৰ অভ্যাসে স্বাস্থ্যৰ ক্ষতি কৰে বুলি গৱেষকৰ দলটোৱে মন্তব্য কৰিছে৷ গৱেষণাটোত দেখা গৈছে যে যিসকলে দিনত আধাঘণ্টাতকৈ বেছি সময় শোৱে তেওঁলোকৰ স্থূলতা, উচ্ছ ৰক্তচাপ, হূদৰোগ আৰু ডায়েবেটিছ হোৱাৰ আশংকা দিনত নোশোৱা সকলতকৈ বেছি৷