Logo
image

এইবাৰ নতুন শিক্ষানীতিৰে হ'ব মেট্ৰিকঃ ছেবাই প্ৰকাশ কৰিলে মেট্ৰিকৰ সময়সূচী

ডিজিটেল ডেস্কঃ ছেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী। ২০২৪ৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা৷  এই পৰীক্ষাৰ অন্ত পৰিব ৪ মাৰ্চত৷

উল্লেখযোগ্য যে পূৰ্বতকৈ এইবাৰ আগতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। এইবছৰৰ নতুন শিক্ষানীতিৰ আধাৰত  হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। আনহাতে প্ৰেক্টিকেল পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব ২ আৰু ৩ ফেব্ৰুৱাৰীত।

কোন দিনা কি পৰীক্ষা?
১৬ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ'ব ইংৰাজী বিষয়ৰ পৰীক্ষা। ১৭ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ'ব সংগীত(ঐচ্ছিক) , নৃত্য(ঐচ্ছিক) বিষয়ৰ পৰীক্ষা। ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব সমাজ বিজ্ঞানৰ পৰীক্ষা৷ ২৩ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হব MIL ৰ পৰীক্ষা।


২৬ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ  অনুষ্ঠিত হ'ব সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা। ২৯ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা ১২ বজালৈ  অনুষ্ঠিত হ'ব সাধাৰণ গণিতৰ পৰীক্ষা৷ ২ মাৰ্চত পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হব  হিন্দী (ঐচ্ছিক) বিষয়ৰ পৰীক্ষা। ৪ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ  ঐচ্ছিক গণিত, ভূগোল (ঐচ্ছিক), বুৰঞ্জী(ঐচ্ছিক), সংস্কৃত (ঐচ্ছিক), কম্পিউটাৰ ছায়েন্স (ঐচ্ছিক) বিষয়ৰ পৰীক্ষা ।