Logo
image

নতুন পৰীক্ষা নীতিৰে ১৬ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১০ অক্টোবৰঃ অৱশেষত সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সূচী৷ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই নতুন পৰীক্ষা নীতিৰে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে ছেবা কতৃৰ্পক্ষ৷ সোমবাৰে ছেবাই ঘোষণা কৰে ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ সময়সূচী৷ এই সময়সূচী অনুসৰি ২০২৪ চনৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা৷ ১৬ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাৰ পৰা  ইংৰাজী বিষয়েৰে আৰম্ভ হ’ব মেট্ৰিক পৰীক্ষা৷ ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব সমাজ বিজ্ঞানৰ পৰীক্ষা, ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব এম আই এলৰ পৰীক্ষা, ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব সাধাৰণ বিজ্ঞানৰ পৰীক্ষা, ২৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব সাধাৰণ গণিতৰ পৰীক্ষা, ৪ মাৰ্চত অনুষ্ঠিত হ’ব ঐচ্ছিক বিষয়ৰ পৰীক্ষা৷ আনহাতে মূল পৰীক্ষাৰ পূৰ্বেই ২ আৰু ৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ব্যৱহাৰিক পৰীক্ষা৷ উল্লেখ্য, আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা ৫০ শতাংশ নম্বৰৰ অ’ এম আৰ শ্বীটৰ জৰিয়তে হ’ব৷ পৃথক উত্তৰ বহীত হ’ব বাকী ৫০ শতাংশ নম্বৰৰ লিখিত পৰীক্ষা৷ ২০২৩ বৰ্ষৰ পৰাই ৰাজ্যত আৰম্ভ হোৱা নতুন শিক্ষানীতিৰ আধাৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈ আহিছে৷ নতুন শিক্ষানীতি অনুসৰি প্ৰতিজন শিক্ষাৰ্থীয়ে ৪টা বিষয়ত ৫০ শতাংশকৈ অবজেক্টিভ প্ৰশ্ন লাভ কৰিছিল৷ মুঠ ১০০ নম্বৰৰ ভিতৰত ৪৫ নম্বৰ আছিল থিয়ৰীৰ আৰু ৪৫ নম্বৰ আছিল অবজেক্টিভ৷ ইয়াৰোপৰি ১০ নম্বৰ আছিল আভ্যন্তৰীণ মূল্যায়নত৷ এম আই এলৰ পৰীক্ষা আৰু ঐচ্ছিক বিষয়ৰ প্ৰশ্ন পূৰ্বৰ দৰেই আছিল৷ শেহতীয়াকৈ বিগত ২৬ ছেপ্টেম্বৰত ২০২৪ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে ছেবাই জাননী জাৰি কৰিছে৷ ছেবাই ২০২৪ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ দিন অহা ৩ অক্টোবৰৰ পৰা ৩১ অক্টোবৰ নিৰ্দ্ধাৰণ কৰিছে৷ আকৌ অনলাইন মাচুল আদায়ৰ অন্তিম দিন ৩১ অক্টোবৰ নিৰ্দ্ধাৰণ কৰিছে৷ ছেবাই জাৰি কৰা জাননী অনুসৰি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীয়ে প্ৰ-পত্ৰ পূৰণৰ বাবে সৰ্বাধিক ১,২০০ টকা মাচুল আদায় দিব লাগিব৷ অৱশ্যে দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে এই মাচুল ধাৰ্য কৰা হোৱা নাই৷ লক্ষণীয়ভাৱে বিগত বৰ্ষত মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হোৱাত কেইবাটাও বিষয়ৰ নতুনকৈ পৰীক্ষা অনুষ্ঠিত হৈছিল৷ অৱশ্যে আটাইকেইটা বিষয়ৰ প্ৰশ্ন কাকত ফাদিলৰ তথ্য প্ৰমাণসহ এগৰাকী অধ্যাপকে ছেবাৰ লগতে চি আই ডিক অভিযোগ দাখিল কৰিছিল যদিও চি আই ডিয়ে তদন্ত আধৰুৱাকৈ ৰাখিলে৷ আনকি আধৰুৱা তদন্তৰ মাজত ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষা ফলাফলো ঘোষণা কৰিছিল ছেবা কতৃৰ্পক্ষই৷