Logo
image

১৫ অক্টোবৰৰ পৰা মুকলি কাজিৰঙা

‘আমাৰ অসম’ৰ কাজিৰঙাৰ প্ৰতিবেদক, ১০ অক্টোবৰঃ বিশ্বৰ সৰ্বাধিক এটা খড়্গ থকা গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশ-বিদেশৰ পৰ্যটকৰ বাবে ১৫ অক্টোবৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব৷ বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষৰ সৈতে আলোচনা কৰি আজি এই কথা সাংবাদিকৰ আগত প্ৰকাশ কৰে৷ মন্ত্ৰীজনে আৰু জানিবলৈ দিয়া মতে কাজিৰঙাত পৰ্যটন উদ্যোগ উন্নয়ন কৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বহু পৰিকল্পনা আছে৷ ইতিমধ্যে কাজিৰঙাৰ বৰজুৰিত হস্ততাঁত-বস্ত্ৰশিল্পৰ যাদুঘৰ নিৰ্মাণৰ কাম মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছে৷ তদুপৰি, পৰ্যটকৰ সুবিধাৰ্থে কাজিৰঙাৰ কহঁৰাত এখন পঞ্চ তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰাৰ প্ৰস্তুতি চলাই থকা হৈছে৷ ক’ভিড মহামাৰীৰ পাছত কাজিৰঙালৈ দেশ-বিদেশৰ পৰ্যটকৰ আগমন বৃদ্ধি পাইছে৷ এইটো এটা শুভলক্ষণ৷ কাজিৰঙাত পৰ্যটন উদ্যোগৰ উন্নতি হ’লে স্থানীয় লোকে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ’ব বুলিও মন্ত্ৰী অতুল বৰাই মত প্ৰকাশ কৰে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে দেশ-বিদেশৰ পৰ্যটকে৷ কিন্তু শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃগাঁথনি ক্ষয়-ক্ষতি কৰাত ২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে উদ্যান মুকলি কৰাত সমস্যাত পৰিছে উদ্যান কতৃৰ্পক্ষ৷ তথাপিও কাজিৰঙালৈ পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই আন্তঃগাঁথনি অতি খৰধৰকৈ মেৰামতি কৰি আগন্তুক ১৫ অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানখনৰ বিশেষকৈ কহঁৰা আৰু বাগৰি বনাঞ্চলত জীপ ছাফাৰী মুকলি কৰিব বুলি বিভাগীয় সূত্ৰে প্ৰকাশ৷ উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা, বাগৰি, অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চলত পৰ্যটকে জীপ ছাফাৰী কৰাৰ সুবিধা আছে অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চল পৰৱৰ্তী সময়ত মুকলি কৰা হ’ব বুলি জানিব পৰা গৈছে৷ আনহাতে, ১৫অক্টোবৰত কেৱল জীপ ছাফাৰী মুকলি কৰা হ’ব যদিও এলিফেণ্ট ছাফাৰী পহিলা নৱেম্বৰৰ পৰা মুকলি কৰাৰ পৰিকল্পনা চলাই আছে উদ্যান কতৃৰ্পক্ষই৷ ইফালে ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশ-দ্বাৰ, দৰ্শন চূড়া আদিত ৰং-তেল সানি প্ৰস্তুতি চলাই থকা হৈছে৷ উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ দুৰ্গা পূজাৰ পূৰ্বে বিশেষকৈ পশ্চিম বংগৰ বহুসংখ্যক পৰ্যটকৰ আগমন ঘটে৷ এই পৰ্যটকসকলে বহু আশাৰে কাজিৰঙালৈ আহিবলৈ অপেক্ষা কৰি আছে৷ ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ দেশ তথা বিদেশৰ পৰ্যটকে কাজিৰঙাত থকা পৰ্যটন নিৱাসৰ কোঠা আগতীয়াকৈ সংৰক্ষণ কৰিছে৷ কেৱল উদ্যান কতৃৰ্পক্ষই ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰিব তাৰ অপেক্ষাত বাট চাই আছে বুলিও জানিব পৰা গৈছে৷ উল্লেখ্য, ৰাজ্যখনৰ মানাহ আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান ২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে পহিলা অক্টোবৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিছে৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে এই সংবাদ দাতাক জানিবলৈ দিয়া মতে, আগন্তুক অৰ্থাৎ ২০২৩-২৪পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙালৈ অহা পৰ্যটকৰ কাৰণে নতুন নতুন পৰিকল্পনা প্ৰস্তুত কৰি আছে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ অধীনত থকা পানবাৰী, চিৰাং সংৰক্ষিত বনাঞ্চলত ট্ৰেকিং, কহঁৰাত চাইক্লিং, বিশ্বনাথৰ ব্ৰহ্মপুত্ৰৰ ঘাটত নৌকাবিহাৰ আদিৰে কাজিৰঙাৰ পৰ্যটনত নতুনকৈ সংযোজিত কৰাৰ পৰিকল্পনা চলাই আছে বুলি উদ্যান কতৃৰ্পক্ষই জানিবলৈ দিয়ে৷ উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ-বিদেশৰ পৰ্যটকে এলিফেণ্ট আৰু জীপ ছাফাৰী কৰিব পাৰে৷ তাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা, অগৰাতলি, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত পৰ্যটকে জীপ ছাফাৰীৰ সুবিধা আছে যদিও এলিফেণ্ট ছাফাৰী কেৱল কহঁৰা আৰু বাগৰি বনাঞ্চলতহে আছে৷ বিভাগীয় এক তথ্যৰ পৰা জানিব পৰা মতে, বিগত পৰ্যটন বৰ্ষত উক্ত চাৰিখন বনাঞ্চলত প্ৰায় ৪৫০খন জীপছী গাড়ীৰে পৰ্যটকক জীপ ছাফাৰী কৰোৱা হৈছিল যদিও এইবাৰ কাজিৰঙাত জীপছীৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ কাজিৰঙাত পৰ্যটন এক লাভজনক ব্যৱসায় হৈ পৰাত দিনকদিনে জীপছী গাড়ীৰ লগতে এলিফেণ্ট ছাফাৰীত ব্যক্তিগত হাতীৰ সংখ্যা বৃদ্ধি পাই আহিছে৷