Logo
image

এছিয়ান গেমছত ভাৰতৰ সৰ্বোত্তম প্ৰদৰ্শন

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত যে শেহতীয়াকৈ ভাৰতৰ প্ৰদৰ্শন বহুখিনি উন্নত হৈছে তাত কোনো সন্দেহ নাই৷ টকিঅ’ অলিম্পিকতেই তাৰ প্ৰমাণ পোৱা গৈছিল৷ এতিয়ালৈকে অলিম্পিকৰ ব্যক্তিগত ইভেণ্টত কেৱল দুজন ভাৰতীয় খেলুৱৈয়ে স্বৰ্ণপদক অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ তেওঁলোক লৈছে অভিনৱ বিন্দ্ৰা  আৰু নীৰজ চোপ্ৰা৷ বিন্দ্ৰাই ২০০৮ চনৰ বেইজিং অলিম্পিকৰ শ্বুটিঙত স্বৰ্ণপদক জয় কৰাৰ পাছত টকিঅ’ত নীৰজ চোপ্ৰাই স্বৰ্ণ জয় কৰিছিল জেভেলিন থ্ৰ’ত৷ টকিঅ’ অলিম্পিকত ভাৰতে এটা স্বৰ্ণপদকৰ লগতে লাভ কৰিছিল দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক৷ অলিম্পিকত এয়া আছিল ভাৰতৰ সৰ্বোত্তম প্ৰদৰ্শন৷ ক্ৰীড়াক্ষেত্ৰত উজ্জীৱিত প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখি ভাৰতীয় খেলুৱৈয়ে চীনৰ হাংঝৌ চহৰত সদ্যসমাপ্ত এছিয়ান গেমছতো এইপৰ্যন্ত শ্ৰেষ্ঠ প্ৰদৰ্শন দেখুৱালে৷ জাকাৰ্টাত অনুষ্ঠিত ২০১৮ চনৰ এছিয়ান গেমছৰ পদক তালিকাৰ অষ্টম স্থানত থকা ভাৰতে লাভ কৰিছিল মুঠতে ৭০টা পদক, য’ত আছিল ১৬টা স্বৰ্ণ, ২৩টা ৰূপ আৰু ৩১টা ব্ৰঞ্জৰ পদক৷ সেইপৰ্যন্ত এছিয়ান গেমছত সেয়াই আছিল ভাৰতৰ শ্ৰেষ্ঠ প্ৰদৰ্শন৷ এইবাৰৰ এছিয়ান গেমছত ভাৰতৰ লক্ষ্য আছিল এশটা পদক৷ জাকাৰ্টাত দেখুওৱা প্ৰদৰ্শনৰ উত্তৰণ ঘটাই হাংঝৌত ভাৰতে লাভ কৰিলে মুঠতে ১০৭টা পদক, য’ত আছিল ২৮টা স্বৰ্ণ, ৩৮টা ৰূপ আৰু ৪১টা ব্ৰঞ্জৰ পদক৷ আয়োজক চীনৰ লগতে জাপান আৰু দক্ষিণ কোৰিয়াৰ পাছত পদক তালিকাত ভাৰত আছিল চতুৰ্থ স্থানত৷ আন্তঃৰাষ্ট্ৰীয় এথলেটিকছত ভাৰতীয় খেলুৱৈৰ প্ৰদৰ্শন যথেষ্ট দুৰ্বল বুলি অভিযোগ শুনা গ’লেও শেহতীয়াভাৱে আন্তঃৰাষ্ট্ৰীয় এথলেটিকছতো ভাৰতৰ খেলুৱৈৰ প্ৰদৰ্শন উন্নত হৈছে৷ জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰায়েই হৈছে ইয়াৰ প্ৰমাণ৷ এছিয়ান গেমছৰ উপৰি অলিম্পিক আৰু বিশ্ব চেম্পিয়নশ্বিপৰো স্বৰ্ণপদক আছে তেওঁৰ নামত৷ এইবাৰৰ এছিয়ান গেমছত ভাৰতে এথলেটিকছ আৰু শ্বুটিঙত সবাতোকৈ উত্তম প্ৰদৰ্শন দেখুৱাইছিল৷ এথলেটিকছত ভাৰতে মুঠতে ২৯টা আৰু শ্বুটিঙত ২২টা পদক লাভ কৰিছে৷ ইয়াৰ অৰ্থ হৈছে কেৱল দুটা ইভেণ্টতে ভাৰতে ৫১টা পদক লাভ কৰিছে৷ হাংঝৌ এছিয়ান গেমছত শ্বুটাৰ ঐশ্বৰী প্ৰতাপ সিং তোমৰ আৰু এশা সিঙে চাৰিটাকৈ পদক লাভ কৰিছে৷ ভাৰতৰ ৩০জন খেলুৱৈয়ে এটাতকৈ অধিক পদক লাভ কৰিছে৷

হাংঝৌ এছিয়ান গেমছত এই  সফলতাৰ পাছত ভাৰতীয় খেলুৱৈৰ  ডাঙৰ পৰীক্ষা হ’ব ২০২৪ চনত হ’বলগীয়া পেৰিছ অলিম্পিকত৷ নিঃসন্দেহে ভাৰতৰ লক্ষ্য হ’ব টকিঅ’ অলিম্পিকত পোৱা পদকৰ সংখ্যা বৃদ্ধি কৰাটো৷ লক্ষ্য কঠিন হ’লেও অসম্ভৱ নিশ্চয় নহয়৷ টকিঅ’ অলিম্পিকত পোৱা সাতটা পদকৰ বিপৰীতে পেৰিছত যদি ভাৰতৰ পদকৰ সংখ্য দ্বি-অংকৰ হয়, সেয়াও দেশখনৰ বাবে হ’ব এক ডাঙৰ সফলতা৷ স্বীকাৰ কৰিব লাগিব যে ভাৰতীৰ খেলৰ মান উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰাও ইতিবাচক পদক্ষেপ লৈছে৷ তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈ উলিয়াই অনাৰ ক্ষেত্ৰত ‘খেলো ইণ্ডিয়া’ৰ দৰে প্ৰতিযোগিতাৰ উল্লেখনীয় অৱদান আছে৷ ‘টাৰ্গেট অলিম্পিক পডিয়াম’ আঁচনিৰ যোগেদি খেলুৱৈসকলক উন্নতমানৰ সা-সুবিধা দিয়া হৈছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে ‘টাৰ্গেট অলিম্পিক পডিয়াম’ আঁচনিৰ অধীনৰ ১১০ জনতকৈও অধিক খেলুৱৈয়ে হাংঝৌ এছিয়ান গেমছত খেলাৰ সুযোগ পাইছে৷ যিবোৰ ইভেণ্টত ভাৰতীয় খেলুৱৈয়ে পদক লাভ কৰাৰ সম্ভাৱনা বেছি, সেইবোৰ ইভেণ্ট চিনাক্ত কৰি খেলুৱৈসকলৰ বাবে উপযুক্ত প্ৰশিক্ষণ আৰু আন আনুষংগিক সা-সুবিধা আগবঢ়াব পাৰিলে সুফল নোপোৱাৰ কোনো কাৰণ নাই৷ হাংঝৌ এছিয়ান গেমছৰ সফলতাৰ পাছত ভাৰতে পেৰিছ অলিম্পিকৰ বাবে এতিয়াৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰা উচিত৷ যিসকল খেলুৱৈয়ে ইতিমধ্যে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে, তেওঁলোকৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা উচিত৷ প্ৰয়োজন সাপেক্ষে অনুশীলন আৰু প্ৰশিক্ষণৰ বাবে তেওঁলোকক বিদেশলৈকো পঠিওৱাৰ চিন্তা-চৰ্চা আৰম্ভ কৰিব লাগে৷ বৰ্তমান সকলো দিশতে পেছাদাৰিত্বৰ প্ৰভাৱ পৰিছে৷ ক্ৰীড়াক্ষেত্ৰও ইয়াৰ ব্যতিক্ৰম নহয়৷ ১৪০ কোটি জনসংখ্যাৰ দেশ ভাৰতে অলিম্পিকৰ দৰে ক্ৰীড়া সমাৰোহত পদকৰ সংখ্যা অধিক বৃদ্ধি কৰিবলৈ হ’লে চৰকাৰৰ লগতে ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্বনবোৰৰ কৰণীয় আৰু বহুখিনি আছে৷