Logo
image

ইউৰিক এচিডত আক্ৰান্ত হ’লে এনে খাদ্য নাখাব

শৰীৰত ইউৰিক এচিড বৃদ্ধি হ’লে গাঁঠিৰ বিষ হয়৷  পিউৰিন সমৃদ্ধ খাদ্য খালে ইউৰিক এচিড বাঢ়ে৷  সেয়েহে, উচ্ছ পৰিমাণৰ পিউৰিন থকা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে৷

সুৰাঃ  সুৰা হৈছে পিউৰিনৰ উৎস, সুৰাপান বেছিকৈ কৰিলে আথ্ৰা ইটিছৰ বিষ বৃদ্ধি পায়৷ গৱেষণাত প্ৰকাশ পোৱা মতে বিয়েৰত আটাইতকৈ বেছি পিউৰিন থাকে৷ সেয়ে বেছিকৈ বিয়েৰ খালে এনে সমস্যা বাঢ়ে৷ 

মিঠা আৰু ঠাণ্ডা পানীয়ঃ  মিঠা আৰু ঠাণ্ডা পানীয় বেছিকৈ খালে শৰীৰত ইউৰিক এচিড  বাঢ়িব পাৰে ৷

ৰেডমিটঃ অত্যধিক ৰেডমিট খালে ইউৰিক এচিডৰ আশংকা বৃদ্ধি পায়৷ ৷ এই মাংসত যথেষ্ট পৰিমাণৰ পিউৰিন থাকে, যি ইউৰিক এচিড বৃদ্ধিত সহায় কৰে৷ 

সামুদ্ৰিক মাছঃ যিকোনো সাগৰীয় মাছত উচ্ছ পৰিমাণৰ  পিউৰিন থাকে৷ যাৰ বাবে সাগৰীয় মাছ খালে শৰীৰত ইউৰিক এচিড বৃদ্ধি পায়৷ 

শাক-পাচলিঃ পিউৰিন থকা শাক-পাচলি খালেও ইউৰিক এচিড বাঢ়িব পাৰে৷ এই ক্ষেত্ৰত মচুৰ দাইল, পালেং শাক, লেচেৰা মাহ আদি খালে ইউৰিক এচিড বাঢ়ে৷ একেদৰে আম-কঁঠাল, খেজুৰ, কিচমিচ আদি বেছিকৈ খালেও ইউৰিড এচিড বাঢ়িব পাৰে৷ 

সময়মতে আহাৰ গ্ৰহণ নকৰিলেঃ সময় মতে খাদ্য গ্ৰহণ নকৰিলেও কেতিয়াবা ইউৰিক এচিডত আক্ৰান্ত হ’ব পাৰে৷