Logo
image

অৱৰুদ্ধ গাজাক লৈ ৰাষ্ট্ৰসংঘ উদ্বিগ্ন

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ অক্টোবৰঃ হামাছৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ইজৰাইলে পেলেষ্টাইনীৰ বাসস্থান গাজা ষ্ট্ৰিপ সম্পূৰ্ণৰূপে অৱৰোধ কৰা পদক্ষেপক ৰাষ্ট্ৰসংঘই অতি গৰ্হিত সিদ্ধান্ত বুলি মন্তব্য কৰি উদ্বিগ্নতা প্ৰকাশ কৰিছে৷ অৱশ্যে একে সময়তে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুৱেটেৰেছে সশস্ত্ৰ হামাছ সংগঠনৰ ইজৰাইল আক্ৰমণ আৰু নিৰপৰাধী লোকক হত্যা কৰাৰ ঘটনাকো গৰিহণা দিছে৷ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে অঞ্চলটোৰ প্ৰকৃত পৰিস্থিতি প্ৰকাশ কৰি কয়– ‘এই আক্ৰমণ-প্ৰত্যাক্ৰামণৰ পূৰ্বেও গাজা অঞ্চলৰ বাসিন্দাৰ জীৱন-যাপন দুৰ্বিসহ আছিল৷ এতিয়া ইজৰাইলে গাজালৈ বিদ্যুৎ সংযোগ ব্যাহত কৰি খাদ্য সামগ্ৰী আৰু ইন্ধন সৰবৰাহ কৰিব নোৱাৰাকৈ সম্পূৰ্ণ অৱৰোধৰ যি সিদ্ধান্ত লৈছে, সেয়া আধুনিক কালত অমানবীয় কাৰ্য হিচাপে পৰিগণিত৷ ইজৰাইলৰ এই সম্পূৰ্ণ অৱৰোধে গাজাৰ পেলেষ্টাইনীসকলক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি নিব৷ প্ৰাচীন যুগৰ যুদ্ধৰ এনে বৰ্বৰ যুদ্ধৰ নিয়ম আৰু আচৰণ এতিয়া ২১ শতিকাত অতিশয় গৰ্হিত আৰু অবিবেচকী পদক্ষেপ৷ ইজৰাইলৰ অৱৰোধে চূড়ান্তভাৱে মানৱধিকাৰ উলংঘা কৰিছে৷ এয়া সভ্য যুগৰ গ্ৰহণযোগ্য যুদ্ধৰ নীতি নহয়৷’ ইপিনে বিবিচি-ৰ এটা বাতৰি অনুসৰি অচিৰেই গাজা অঞ্চলত ইন্ধন, খাদ্য আৰু ঔষধ নোহোৱা হৈ পৰিব বুলি ইজৰাইল চৰকাৰে দাবী কৰিছে৷ প্ৰসংগতঃ, সোমবাৰে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে দেশৰ সেনাক গাজা অঞ্চলটো সম্পূৰ্ণৰূপে অৱৰোধ কৰিবলৈ নিৰ্দেশ দিছিল৷ গাজাৰ পেলেষ্টাইনী নাগৰিকে যাতে বিদ্যুৎ যোগান, খাদ্য সামগ্ৰী আৰু ইন্ধন কোনো দিশৰ পৰা পাব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ তেওঁ ইজৰাইল ডিফেন্স ফ’ৰ্চক [আইডিএফ] কঠোৰ নিৰ্দেশ জাৰি কৰিছিল৷ তদুপৰি শনিবাৰৰ পৰাই গাজাৰ বিদ্যুৎ সৰবৰাহ ইজৰাইলে বন্ধ কৰি দিয়া বুলি তেওঁ দাবী কৰিছিল৷ উল্লেখ্য, মাথোঁ ৩৬৫ বৰ্গ কিলোমিটাৰ অঞ্চলৰ গাজা ষ্ট্ৰিপত ২.৩ নিযুত পেলেষ্টাইনৰ নাগৰিকে ইজৰাইলৰ প্ৰতিনিয়ত অত্যাচাৰ সহি জীয়াই আছে৷ তেওঁলোকৰ বাট-পথ, খাদ্য-পানী সৰবৰাহ, ওলোৱা-সোমোৱা সকলো ইজৰাইলৰ নিয়ন্ত্ৰণত৷ ইজৰাইলী সেনাৰ ৰক্তচক্ষু নেওচি এজনো পেলেষ্টাইনী গাজাৰ পৰা বাহিৰ হ’ব নোৱাৰে, ভিতৰলৈ সোমাব নোৱাৰে৷ এই অঞ্চলটো সশস্ত্ৰ সংগঠন হামাছৰ প্ৰভাৱাধীন, যিটো সংগঠনৰ সদস্য পেলেষ্টাইনৰ সংসদত সৰ্বাধিক৷ দশক দশক ধৰি ইজৰাইলীয়ে চলোৱা অত্যাচাৰৰ প্ৰতি ক্ষোভতে যোৱা শনিবাৰে হামাছে ইজৰাইলীক ৫০০০ ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰাৰ লগতে ভূখণ্ডত প্ৰৱেশ কৰি আক্ৰমণ কৰিছিল৷ পেলেষ্টাইনৰ গাজা অঞ্চলৰ ৮০ শতাংশ বাসিন্দাই ৰাষ্ট্ৰসংঘ, বিভিন্ন দেশৰ মানৱীয় সাহায্য সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰে৷ ভিতৰৰ অঞ্চলটো হামাছৰ শাসনাধীন কিন্তু ইজৰাইলে নিয়ন্ত্ৰণ কৰে আকাশীপথ আৰু সমূদ্ৰ পথ৷ আনহাতে প্ৰতিবেশী ইজিপ্তে গাজালৈ কোন আহে, কোন যায় সেয়া নিয়ন্ত্ৰণ কৰে৷ ফলত গাজাৰ বাসিন্দাৰ ৮০ শতাংশৰে আয়ৰ কোনো উৎস নাই৷ 

ইপিনে নিজৰ দেশত ১,৫০০ হামাছ যোদ্ধাৰ মৃতদেহ এৰি ইজৰাইলে গাজাত প্ৰৱেশ কৰি স্থল বাহিনীৰ জৰিয়তে আক্ৰমণৰ যো-জা চলাইছে৷ শনিবাৰৰ পৰা একেৰাহে বিমান আক্ৰমণ আৰু বোমাবৰ্ষণ অব্যাহত ৰখা ইজৰাইলে পদাতিক সৈন্য আৰু আৰ্টিলেৰীৰ প্ৰৱেশেৰে সমগ্ৰ গাজা অঞ্চল নিজৰ অধীনলৈ নিয়াৰ মনস্থ কৰিছে৷ সেই উদ্দেশ্য ইজৰাইলৰ ৰাষ্ট্ৰপতি বেঞ্জামিন নেতান্যাহুৱে দেশখনৰ ৩ লাখ সংৰক্ষিত সেনাক জৰুৰীভাৱে বাহিনীত যোগদান কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে৷ মঙলবাৰে ইজৰাইলে অভূতপূৰ্ব সংখ্যাত সীমান্তত সেনাৰ সমাৱেশ ঘটাইছে৷ দেশৰ বিভিন্ন সুৰক্ষিত অঞ্চলৰ পৰা সেনাৰ সঞ্চালন ঘটাই সীমান্তত সমাৱেশ কৰোৱাৰ লগে লগে ইজৰাইলে স্থলভাগেৰে পেলেষ্টাইন আক্ৰমণ কৰা অৱধাৰিত হৈ পৰিছে৷ আনহাতে ৩ লাখ সংৰক্ষিত সেনাক দুদিনতে কাৰ্যক্ষম কৰি যুদ্ধৰ বাবে পূৰ্ণৰূপত সাজু কৰিব বুলি ইজৰাইলে ঘোষণা কৰাত স্থলযুদ্ধ অনিবাৰ্য হৈ পৰা বুলি ধাৰণা কৰা হৈছে৷ আইডিএফৰ মুখপাত্ৰ, ৰিয়েৰ এডমিৰেল ডেনিয়েল হাগাৰিয়ে কৈছে–‘আমি কেতিয়াও ইমান সংখ্যক সংৰক্ষিত সেনাক যুদ্ধৰ বাবে সাজু কৰা নাছিলো৷ আমি এইবাৰ অধিক আগ্ৰাসী আৰু আক্ৰমণাত্মক হ’ম৷’ উল্লেখ্য, ২০১৪ চনত শেষবাৰৰ বাবে ইজৰাইলে পেলেষ্টাইন আক্ৰমণ কৰি ২০০০ পেলেষ্টাইনীক নিৰ্দয়ভাৱে হত্যা কৰিছিল৷ ইজৰাইলৰ সেই যুদ্ধত নিহত হৈছিল ৬৭ জন সেনা আৰু ৭৩ জন অসামৰিক লোক৷ উল্লেখ্য, ইজৰাইলে তেওঁলোকৰ ভূখণ্ডত হামাছ যোদ্ধা নথকা বুলি দাবী কৰিলেও হামাছ যোদ্ধাই মঙলবাৰে স্থানীয় সময় মতে বিয়লি ৫ বজাত ৰাজধানী তেল আভিভ আৰু পুনৰ এছকেলন চহৰত ৰকেট আক্ৰমণ সংঘটিত কৰিছে৷ আনহাতে হামাছ যোদ্ধাই শতাধিক ইজৰাইলী আৰু দ্বি-নাগৰিকত্ব থকা তথা ভিন দেশৰ নাগৰিকক অপহৰণ কৰি সুৰক্ষিত স্থানলৈ উভতি গৈ পণবন্দী কৰি ৰাখিছে৷ ইজৰাইলে সংকেত নিদিয়াকৈ আক্ৰমণ কৰিলে হামাছে এজন এজনকৈ পণবন্দীক লাইভ টিভিৰ সন্মুখত হত্যা কৰিব বুলি হুংকাৰ দিছে৷ এই পৰিপ্ৰেক্ষিতে ইজৰাইলৰ স্থল আক্ৰমণ অনিবাৰ্য হৈ পৰিছে৷