Logo
image

এজাক বৰটোকোলাক ৰক্ষাৰ বাবে...

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১১ অক্টোবৰঃ  অসমৰ উত্তৰ লখিমপুৰৰ প্ৰকৃতিপ্ৰেমী সংগঠন ‘‘বিহংগ বন্ধু’’ৰ বিশেষ তৎপৰতাৰ বাবে ৰক্ষা পৰিল গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰৰ সমীপৰ গড়লত দুডাল বৃহৎ গছত বাঁহ সাজি পোৱালি জন্ম দিয়া বিলুপ্তপ্ৰায় প্ৰজাতিৰ বৰটোকোলা চৰাই৷ উল্লেখ্য যে   অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ অহা-যোৱা কৰা যাত্ৰী আৰু যান- বাহনৰ বদ্ধিৰ্ত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ধাৰাপুৰ চাৰিআলিৰ পৰা পলাশবাৰী সংযোগী পথৰ গড়ল হৈ এছ অ এছ শিশুগ্ৰামৰ সন্মুখৰে ভি আই পি চকলৈ থকা প্ৰায় দহ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা চাৰিলেনযুক্ত পথলৈ উন্নীতকৰণৰ কাম আৰম্ভ কৰিছে৷ ইতিমধ্যে মে মাহৰ পৰা চলি থকা পথচোৱাৰ নিৰ্মাণকাৰ্য কিছু অগ্ৰগতিও হৈছে৷ কিন্তু গড়লৰ পৰা ধাৰাপুৰ চাৰিআলিলৈ প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশখিনীৰ পথৰ দাঁতিত কেবাজোপা বৃহৎ চিৰিজ তথা ৰেইন ট্ৰি, কদম আৰু অনান্য গছ কটা যোৱা বাবে পথচোৱা উকা হৈ পৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ মাজতে গড়লৰ দুৰ্গা মন্দিৰৰ সন্মুখত এডাল বৃহৎ চিৰিজ আৰু এডাল কদম গছত অৰ্থা দুডাল গছত বিলুপ্তপ্ৰায় প্ৰজাতিৰ বৰটোকোলা চৰাযে বাঁহ সাজি পোৱালি জন্ম দিছে৷ ইয়াৰ ভিতৰত কদম গছডালত থকা পোৱালি সমূহ কিছু ডাঙৰ হৈছে৷ বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ অধীনৰ ৰাণী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ে যিখিনি গছ পথ বহল কৰাৰ নামত কটা যাব তাত মাৰ্কিং কৰিছিল৷ সেই অনুসৰি ২৯৩ নম্বৰৰ চিৰিজ আৰু ২৮৮ নম্বৰৰ কদম গছডালত এতিয়া বৰটোকোলা চৰাইৰ পোৱালি উমনি লৈ আছে৷ ইফালে এই সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী সংগঠন ‘‘বিহংগ বন্ধু’’ৱে গছ দুডালত থকা বৰটোকোলা চৰাইৰ পোৱালি সমূহ ৰক্ষা কৰাৰ ব্যবস্থা গ্ৰহণ কৰাৰ বাবে ৪ অক্টোবৰত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে৷ সেই পত্ৰৰ ভিত্তিত ভাৰত চৰকাৰৰ বন, পৰিবেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্যতা প্ৰাধিকৰণে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰৰ ভিত্তিত অসম চৰকাৰৰ বন বিভাগক বিকল্প ব্যৱস্থা গ্ৰহণ নকৰা পৰ্যন্ত চৰাইৰ পোৱালি থকা গছ দুডাল নাকাটিবলৈ নিৰ্দেশ দিয়ে৷ অৱশ্যে ইয়াৰ পূৰ্বে একাংশ সচেতন লোকে বিষয়টো বন বিভাগৰ বশিষ্ঠস্থিত পূব কামৰূপৰ বন সংমণ্ডল বিষয়া তথা ডি এফ অ ৰোহিনী বল্লভ শইকীয়াক অৱগত কৰিছিল৷ তাৰ পাছত শইকীয়াই চৰজমিন তদন্ত কৰি পোৱালি ডাঙৰ হৈ মাকৰ সৈতে নিৰাপদ স্থানলৈ উৰি নোযোৱা পৰ্যন্ত লোকনিৰ্মাণ পথ বিভাগক সেই চিৰিজ গছডাল নাকাটিবলৈ নিৰ্দেশ দিয়ে৷ ৷ সম্প্ৰতি বন বিষয়াৰ নিৰ্দেশত লোক নিৰ্মাণ বিভাগে গছ কটা কাৰ্য বন্ধ ৰাখিছে৷ ইয়াৰ মাজতে ৯ অক্টোবৰত নতুন দিল্লীৰ পৰা অহা নতুন নিৰ্দেশটোৱে বৰটোকোলা চৰাইৰ পোৱালিৰ অস্তিত্বৰ সংকট দূৰ কৰাটো নিশ্চিত কৰিলে৷ এই সন্দৰ্ভত পৰিৱেশ সংৰক্ষণৰ হকে মাত মাতি অহা আৰু দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে বিহংগ বন্ধুৰ লগতে পূব কামৰূপৰ বন সংমণ্ডল বিষয়া গৰাকীৰ এই পদক্ষেপ প্ৰশংসনীয় আৰু আমি গছ ৰক্ষা কৰি পথ বহল কৰিব পাৰি নে নোৱাৰি তাৰ এটা জৰীপ চলাবলৈ আহ্বান জনাইছো৷ যাতে গোলকীয় উত্তাপ, জলবায়ুৰ পৰিৱৰ্তনৰ দৰে এই ভয়াবহ সময়ত অবশিষ্ট গছ ৰক্ষা কৰি পৰিৱেশ সংৰক্ষণত কিঞ্চিৎ হলেও অৰিহণা আগবঢ়াব পাৰি৷ আনকি ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্যতা প্ৰাধিকৰণেও চৰাইৰ বাসস্থান হিচাপে পৰিগণিত হোৱা গছ সমূহ নকটাকৈ কিদৰে পথ বহলকৰণৰ কাম কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷