Logo
image

নাটকীয়ভাৱে দালাই লামাৰ অৰুণাচল ভ্ৰমণ বাতিল ঘোষণা

‘আমাৰ অসম’ৰ বান্দৰদেৱাৰ বিশেষ প্ৰতিবেদক, ১১ অক্টোবৰঃ প্ৰতিৱেশী অথচ বৈৰী দেশ চীনৰ আগ্ৰাসী মনোভাৱৰ মাজতে আকস্মিকভাৱে দালাই লামাই নাটকীয়ভাৱে তেওঁৰ অৰুণাচল ভ্ৰমণ বাতিল কৰিছে৷ শেহতীয়াকৈ ভাৰত-চীনৰ মাজত কূটনৈতিক সম্পৰ্ক অধিক বিঘ্নিত হোৱাৰ বাবেই বিগত কিছুদিন ধৰি দুয়ো দেশৰ  সামগ্ৰিক দ্বিপাক্ষিক সম্পৰ্ক উত্তপ্ত হৈ আছে৷ এনে সময়তে বহু প্ৰতিক্ষিত তিব্বতী আধ্যাত্মিক বৌদ্ধ ধৰ্মগুৰু ১৪ সংখ্যক দালাই লামাৰ সম্ভাব্য অৰুণাচল প্ৰদেশ ভ্ৰমণ বিশেষ কাৰণবশতঃ বাতিল কৰা হৈছে৷ অবশ্যে প্ৰশাসনীয় সূত্ৰই জনোৱা বাতিল সম্পৰ্কীয় তথ্যত সম্ভাৱ্য অৰুণাচল প্ৰদেশ ভ্ৰমণ কি কাৰণত দালাই লামাই বাতিল কৰিছে সেই বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই৷  যোৱা এপ্ৰিলতে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগত হোৱা সাক্ষাতৰ পাছতে এই ভ্ৰমণসূচী চূড়ান্ত কৰা হৈছিল৷ আধ্যাত্মিক বৌদ্ধগুৰু দালাই লামাৰ ধৰ্মশালাৰ সামাজিক মাধ্যমত জনোৱা তথ্য অনুসৰি ছিকিমত হোৱা ভয়াবহ প্ৰাকৃতিক দুৰ্যোগৰ বাবে প্ৰস্তাৱিত ছিকিম, পশ্চিমবংগ আৰু অৰুণাচল প্ৰদেশ ভ্ৰমণ বাতিল কৰা হৈছে৷ ধৰ্মগুৰুজনৰ এইবাৰৰ অষ্টম সংখ্যক অৰুণাচল প্ৰদেশ ভ্ৰমণ অনুসৰি ৰাজ্যখনত বহু সংখ্যক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছিল৷  ১৯৫৯ চনত তিব্বতী ১৪ সংখ্যক দালাই লামাজন টাৱাঙৰ জেমথাং অঞ্চলৰ কেন-দে-মেন গিৰিপথেদি ভাৰতত প্ৰৱেশ কৰাৰ পিছত স্ব-নিৰ্বাসিত হৈ ভাৰতৰ পৰাই বৌদ্ধ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰত নিমগ্ন হৈ আছিল৷ ৮৮ বৰ্ষীয় ধৰ্মগুৰুজন অৰুণাচল প্ৰদেশত যথেষ্ট সমাদ্ৰিত৷ উল্লেখ্য যে চীন চৰকাৰে তেওঁৰ এইবাৰৰ প্ৰস্তাৱিত অৰুণাচল ভ্ৰমণ পূৰ্বৰ দৰে তীব্ৰ বিৰোধিতা কৰিছিল৷ চীনে অৰুণাচল প্ৰদেশক চীনৰ দক্ষিণ চীন বুলি বিবেচনা কৰি সদ্যসমাপ্ত এচিয়ান গেমছত অৰুণাচলৰ প্ৰদেশৰ খেলুৱৈ ক্ৰমে ন্যামাম আনচু, মেপুং লামগু আৰু অনিলু তেগাক ভিচা দিয়াৰ পৰা বিৰত আছিল আৰু সেইলৈ দুই দেশৰ মাজত উত্তেজনা বিৰাজ কৰি আছে৷ তদুপৰি শেহতীয়াকৈ ভাৰতত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে অংশগ্ৰহণ কৰা নাছিল৷ ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক শেহতীয়াকৈ অৱনতি ঘটাৰ বাবেই তেওঁ আগ্ৰাসী মনোভাৱ দেখুৱাই সেই সন্মিলনত যোগ দিয়াৰ পৰা বিৰত আছিল৷