Logo
image

কমলাক্ষৰ বিৰুদ্ধে পীয়ূষৰ ১০ কোটি টকাৰ মানহানি গোচৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১১ অক্টোবৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰাৰ পাছত এইবাৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানিৰ গোচৰ  তৰিছে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰূদ্ধে মঙলবাৰে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত উক্ত গোচৰ ৰুজু কৰিছে মন্ত্ৰী হাজৰিকাই৷ বিধায়ক পুৰকায়স্থৰ বিৰুদ্ধে মন্ত্ৰী পীয়ূষ হাজৰিকাই ৰুজু কৰা ১০ কোটি টকাৰ মানহানিৰ গোচৰটোৰ নম্বৰ হৈছে- ৬৩৪/২০২৩৷ কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা সংবাদ মাধ্যমৰ আগত মন্ত্ৰী পীয়ূষ হাজৰিকাই কমলাক্ষ দে’ পুৰকায়স্থই কেতবোৰ ভিত্তিহীন তথা আপত্তিজনক মন্তব্য কৰাৰ বাবেই উক্ত গোচৰটো ৰুজু কৰা বুলি জানিবলৈ দিছে৷ উল্লেখ্য, শেহতীয়াকৈ মন্ত্ৰী পীয়ূষ হাজিৰকা আৰু কংগ্ৰেছৰ নেতা কমলাক্ষ দে’ পুৰকায়স্থৰ মাজত তীব্ৰ ৰাজনৈতিক বাকযুদ্ধ চলি আহিছিল৷ তাৰ মাজতে কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে চাহ বাগিচা ক্ৰয়ক লৈ চি এম ভিজিলেন্সে অভিযান চলোৱা দেখা গৈছিল৷ এই অভিযানৰ পাছতেই মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী পীয়ূষ হাজৰিকাৰ বিৰুদ্ধে পূৰ্বতকৈয়ো অধিক আক্ৰমণাত্মক হৈ পৰিছিল কংগ্ৰেছ বিধায়কজন৷ বিগত ২৮ ছেপ্টেম্বৰত নলবাৰীত কমলাক্ষ দে’ পুৰকায়স্থই সংবাদ মাধ্যমৰ আগত মন্ত্ৰী পীয়ূষ হাজিৰকাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কৈছিল যে– ‘অসম এতিয়া ছিণ্ডিকেটৰ স্বৰ্গৰাজ্যত পৰিণত হৈছে৷ অসমত ছিণ্ডিকেট বিধায়ক বুলি ক’লে সকলোৱে পীয়ূষ হাজৰিকা বুলিয়েই চিনি পায়৷’ এই বক্তব্যৰ এদিন পাছত অৰ্থাৎ ২৯ ছেপ্টেম্বৰত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী সভাৰ মন্ত্ৰী পীয়ূষ হাজৰিকাকে ধৰি আন মন্ত্ৰীসকলক উদ্দেশ্যি গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি বিধায়ক কমলাক্ষই কৈছিল– ‘মন্ত্ৰীয়ে ৮০ লাখটকীয়া Rolaxৰ ঘড়ী পিন্ধে, ৭০ লাখ টকীয়া গাড়ীত ঘূৰে, মন্ত্ৰীৰ পত্নীয়ে ডেৰ লাখ টকীয়া নাইট ড্ৰেছ পিন্ধে, লণ্ডনৰ পৰা ড্ৰেছ আনে আৰু পচন্দ নহ’লে ঘূৰাই পঠায়৷  কিন্তু মুখ্যমন্ত্ৰীয়ে এইবোৰ নেদেখে৷ বিজেপিৰ মন্ত্ৰী-বিধায়কৰ বিলাসিতাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ চকু বিৰোধীৰ ওপৰত৷’ বিধায়ক কমলাক্ষৰ এই বিতৰ্কিত মন্তব্যৰ পাছতেই দিছপুৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ ইয়াৰ পাছতেই কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে অপত্তিজনক মন্তব্য কৰাৰ অভিযোগ কৰি মঙলবাৰে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ১০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷